নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী জিলা প্রশাসনৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

পাঠশালাক ‘নিম নগৰী’ হিচাপে স্বীকৃতি প্রদান

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ  অসমীয়া জাতিটোক আগবঢ়াই নিব পৰা সক্ষমতা আছে বজালীৰ লোকৰ৷ মানৱ সম্পদ গঢ় দিয়াৰ এক মহান স্থান বজালী৷ আমি জনা হোৱা দিনৰে পৰা দেখি–শুনি আহিছোঁ যে বজালীৰ চাৰিওফালে কেৱল মেধাৱী ছাত্র–ছাত্রীৰ পয়োভৰ৷ অসমৰ আটাইতকৈ মেধাসম্পন্ন ছাত্র–ছাত্রীৰ জন্মস্থান বজালীৰ পাঠশালা৷ সদায় পৰীক্ষাৰ ফলাফলৰ সময়ত মই ভাবোঁ যে পাঠশালাক ঈশ্বৰে কি এনে শক্তি দিছে, যাৰ বাবে ইয়াৰ শিক্ষাথ্ চমকপ্রদভাৱে উজলি থাকে৷’ –এই মন্তব্য অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ বুধবাৰে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যৰ ৩৪সংখ্যক জিলা হিচাপে স্বীকৃত বজালী জিলা প্রশাসনৰ আনুষ্ঠানিক শুভাৰম্ভ আৰু ৪.৬৮ কোটি টকা ব্যয় সাপেক্ষে পাঠশালাত এটা দুগ্ধ সংসাধন উদ্যোগৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মুখ্যমন্ত্রী সোণোৱালে বজালীক অসমৰ ভিতৰতে সর্বাংগসুন্দৰ আৰু উন্নত জিলা হিচাপে আগবঢ়াই নিয়াৰ ক্ষেত্রত দায়িত্ব ল’বলৈ বজালীবাসীক আহ্বান জনায়৷ নৱগঠিত জিলাখনৰ প্রতিগৰাকী ব্যক্তিক আত্মনির্ভৰশীল হ’বলৈ আহ্বান জনাই তেওঁ কয়– লোকৰ ওচৰত হাত পাতি থকা মানুহৰ মান–সন্মান নাথাকে৷ সেয়েহে আমি আত্মনির্ভৰ অসমৰ কথা কওঁ৷ কাৰণ আত্মসন্মান ৰক্ষাৰ বাবে আত্মনির্ভৰ হোৱাটো অতিশয় প্রয়োজনীয়৷ আমি অসমীয়া জাতি স্বাভিমানী জাতি৷ আমাৰ মান, সন্মান, স্বাভিমান ৰক্ষা কৰি আমি জীয়াই থাকিব বিচাৰোঁ৷ আৰু তাৰ বাবে আমি বিভিন্ন কর্মক্ষেত্রত আত্মনির্ভৰশীল হ’ব লাগিব বুলি তেওঁ সদৰী কৰে৷

বজালী জিলাৰ নৱনিযুক্ত উপায়ুক্ত ভৱানীপ্রসাদ শর্মা আৰু আৰক্ষী অধীক্ষক ধর্মেন্দ্র দাসক ৰাইজৰ সৈতে চিনাকি কৰাই দি মুখ্যমন্ত্রীয়ে কয় যে এই দুগৰাকী প্রশাসনীয় বিষয়াই আপোনালোকৰ লগত থাকি বজালী জিলাৰ আন্তঃগাঁথনি মজবুত কৰিব৷ ইয়াৰ লগতে আপোনালোকৰ অভিভাৱক হিচাপে ৰঞ্জিত কুমাৰ দাস সদায়ে থাকিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ আজি মোক ইয়ালৈ আহিবলৈ বাধ্য কৰোৱা মানুহজন হ’ল ৰঞ্জিত কুমাৰ দাস৷ বজালী জিলা হিচাপে গঢ় লৈ উঠাৰ ক্ষেত্রত ৰঞ্জিত কুমাৰ দাসৰ নিষ্ঠা অনস্বীকার্য বুলি উল্লেখ কৰি এইক্ষেত্রত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নামো তেওঁ উল্লেখ কৰে৷ বজালী জিলা হোৱাৰ ক্ষেত্রত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰি অহা অহৰহ প্রচেষ্টাৰ বাবে ৰঞ্জিত কুমাৰ দাসক আন্তৰিক ধন্যবাদ জনাবলৈও মুখ্যমন্ত্রী সোণোৱালে বজালী জিলাবাসীক আহ্বান জনায়৷ অনুষ্ঠানত তেওঁ গ্রীন মিছন বজালীৰ সঞ্চালক তথা ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ ব্রেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰৰ হাততএটা নিমগছৰ পুলি অর্পণ কৰি বজালী জিলা সদৰ পাঠশালাক ‘নিম নগৰী’ হিচাপে ঘোষণা কৰে৷ তেওঁ কয়– আজি আমি আনন্দ খাটনিয়াৰক এটা মহানিমৰ পুলি প্রদান কৰি আনন্দিত হৈছেছা৷ তেওঁৰ আহ্বানৰ প্রতি সঁহাৰি জনাই আমি আজি পাঠশালাক নিম নগৰী হিচাপে ঘোষণা কৰিবলৈ পাই সুখী হৈছেছা বুলিও সোণোৱালে দোহাৰে৷

ইয়াৰ পূর্বে বিজেপিৰ ৰাজ্যিক সভাপতি তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ভাষণ প্রদান কৰিবজালীক জিলালৈ উন্নীত কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীক আন্তৰিক ধন্যবাদ জনায়৷ তেওঁ সোণোৱালক মাজুলীৰ লেখীয়াকৈ নৱগঠিত বজালী জিলাৰ উন্নয়নৰ স্বার্থত এইবেলি পাটাছাৰকুছি সমষ্টিৰ পৰা নির্বাচনত প্রতিনিধিত্ব কৰিবলৈ আহ্বান জনোৱাৰ লগতে বজালী জিলাৰ সীমান্তত থকা সৰুক্ষেত্রী সমষ্টিৰ অন্তর্গত ৩২খন গাঁৱক নতুন জিলাখনত অন্তর্ভুক্ত কৰিবলৈ আহ্বান জনায়৷ বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই আঁত ধৰা আৰু বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র নাথ শর্মাই আদৰণী ভাষণ প্রদান কৰা সভাখনত ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, নামনি অসমৰ আয়ুক্ত শান্তনু পি গুটমাৰে, ডি আই জি দেৱজিৎ মুখাজ্, বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী, বিজেপিৰ মুখপাত্র ফণী পাঠক, বৰপেটা আৰু বজালী জিলাৰ প্রশাসনীয় বিষয়ববীয়া সমন্বিতে বিভিন্ন পর্যায়ৰ নেতা–কম্ৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে৷ শিল্পী দীপক তালুকদাৰে বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানৰ অন্তত অসম সংগীত পৰিৱেশন কৰা হয়৷

You might also like