বজালী জিলা প্ৰশাসনৰ স্পৰ্শ (দ্য টাটছ) ২.০ৰ শুভাৰম্ভ
৫৪৫ নব্বৈ ঊৰ্ধৰ ব্যক্তিক ৪২জনীয়া চিকিৎসকৰ দলে চিকিৎসা কৰাৰ অভিনৱ পদক্ষেপ
নিয়মীয়া বাৰ্তা, ১৬ মেঃ বাজলী জিলা প্ৰশাসনে যোৱা বৰ্ষৰ নৱেম্বৰ মাহত ৯০ বছৰৰ উদ্ধৰ নাগৰিকসকলৰ বাবে আৰম্ভ কৰা স্পৰ্শ (দ্য টাটছ) শীৰ্ষক বিশেষ আঁচনিৰ দ্বিতীয়টো সংস্কৰণ আজি আৰম্ভ কৰা হয়৷ আজি বজালী জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসকলৰ উপস্থিতিত স্পৰ্শ (দ্য টাটছ) ২.০ৰ শুভাৰম্ভণি কৰে জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে।
এই সন্দৰ্ভত অনলাইনযোগে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব অশোক বাবুৱে আঁচনিখনৰ খতিয়ান লৈ আটাইকে শুভেচ্ছা জনায়। উল্লেখ্য যে স্পৰ্শ (দ্য টাটছ)ৰ প্ৰথম সংস্কৰণত বজালী জিলাৰ নব্বৈ ঊৰ্ধৰ ২৮৭ গৰাকী বয়োজ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হৈছিল আৰু তেখেতসকলকৰ বাবে ২৩ জনীয়া চিকিৎসকৰ দলক দায়িত্ব দিয়া হৈছিল।
এই আঁচনিযোগে চিকিৎসকসকলৰ নেতৃত্বত ঘৰে ঘৰে গৈ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় দিহা-পৰামৰ্শ দিয়াৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হৈছিল। আজি ঘোষণা কৰা স্পৰ্শ (দ্য টাটছ)ৰ ২.০ত সকলোফালৰপৰা পৰিবৰ্ধন কৰা হৈছে। এইবেলি নব্বৈ ঊৰ্ধৰ ব্যক্তি বৃদ্ধি পাই ৫৪৫ গৰাকী হৈছে বাবে চিকিৎসকৰ দলটো ৪২জনলৈ বৃদ্ধি কৰা হৈছে। প্ৰথম সংস্কৰণত পালছ, বিপি, এইচ বি%, আৰ বি এছ, এন এ+, কে+ পৰীক্ষা কৰা হৈছিল। এইবেলি ক্ৰেটিনাইনকো সামৰি লোৱা হৈছে।
লগতে ইচিজিক সামৰি লোৱাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু যুটীয়া সঞ্চালক,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বৰপেটা (ভাৰপ্ৰাপ্ত বজালী)ৰ সহযোগত ৰূপায়িত স্পৰ্শ (দ্য টাটছ)ৰ ২.০ৰ শুভাৰম্ভনি অনুষ্ঠানত বজালী জিলাৰ জিলা আয়ুক্তৰ উপৰি অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) উৰ্মি মেধি, সহকাৰী আয়ুক্ত পিংকী দেৱনাথ, ভাৰপ্ৰাপ্ত স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ ভাৰতী বৰকটকী প্ৰমুখ্যে বৰপেটা আৰু বজালী জিলাৰ কেবাজনো স্বাস্থ্য বিষয়া-চিকিৎসক উপস্থিত থাকে৷
প্ৰেৰক কল্যাণ কলিতা