পাঠশালাত বজালী জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ বজালী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ ২য় সংখ্যক প্ৰতিযোগিতাখন আজি পাঠশালাত দিনযোৰাকৈ অনুষ্ঠিত হয়৷ জিলাখনৰ অন্তৰ্গত বিভিন্ন কাৰাটে শ্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰায় এশগৰাকী বিভিন্ন বয়সৰ প্ৰতিযোগীয়ে বিভিন্ন শাখাত এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ আৰম্ভনিতে পতাকা উত্তোলন কৰে বজালীৰ এগৰাকী জেষ্ঠ্য অধিবক্তা গিৰিধৰ চৌধুৰী আৰু জিলা প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি নৱকান্ত কলিতাই৷ ইয়াৰ পিচতে অসমৰ জাতীয় সংগীত পৰিবেশন কৰি প্ৰতিযোগিতা মুকলি কৰা হয়৷ এই প্ৰতিযোগিতাখন বজালী কাৰাটে এছোচিয়েচনৰ বেনাৰত আৰু বজালী কাৰটে দো একাডেমিৰ উদ্যোগত আৰু আনন্দৰাম বৰুৱা একাডেমিৰ সহযোগিতাত অনুষ্ঠিত কৰা হয়৷ প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে তপন ডেকা, আটোৱাৰ ৰহমান, মনোজ বড়ো,দুলেন কলিতা, আবু ছালেহ আৰু দেৱব্ৰত শৰ্মাই৷ এই প্ৰতিযোগিতাখন বনগাঁও, জালখাটা, বাগনা, পাঠশালা, সৰুপেটা আদি অঞ্চলৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে৷ অনুষ্ঠানত বটাঁ লাভ কৰা খেলুৱৈ সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পিচত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকাই খেলুৱৈ সকলক উদ্দেশ্যি দিয়া চমূ ভাষণত কয় যে খেলুৱৈসকলে খেলেৰে জগত জিনিব পাৰে৷ আজি কালি ক্ৰীড়াক পূৰ্বতকা অধিক গুৰুত্ব প্ৰদান কৰা হয় বুলি মন্তব্য কৰি তেওঁ লাভলিনা বুঢাগোহাইৰ উদাহৰণ দি খেলুৱৈ সকলক অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে আৰু আগবাঢ়ি যাবলৈ আহ্বান জনায়৷ লগতে বজালী কাৰাটে দোৰ প্ৰচেষ্টাৰ শলাগ ৰয়৷
প্ৰেৰকঃ কল্যাণ কলিতা