নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত বালিৰে বন্ধা পহুমাৰা নৈৰ মথাউৰিৰ খহনীয়া অব্যাহত

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ যিসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোট চৰকাৰে মথাউৰি নিৰ্মাণৰ নামত কোটি কোটি টকা আবন্টন দিছে সেই সময়তে কিন্তু জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশকো কেৰেপ নকৰা, অংগুষ্ঠ প্ৰদৰ্শন কৰা ঠিকাদাৰৰ বাবে প্ৰতিবছৰে বানত ককবকাবলগীয়া হৈছে বজালীৰ নৈপৰীয়া ৰাইজ৷ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া আৰু ঠিকাদাৰৰ লুন্ঠনৰ বাবে একপ্ৰকাৰ সোনৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱা বজালীৰ পহুমাৰা নৈৰ বালিৰে বন্ধা কোটিটকীয়া মথাউৰি বৰষুণ পৰাৰ লগে লগেই হোৰাহোৰে খহাৰ ফলত যেন এতিয়া বানৰ শংকাত ভুগিছে নৈপৰীয়া ৰাইজ৷ উল্লেখযোগ্যযে প্ৰতিবছৰে বজালীৰ পহুমাৰা নৈৰ দুয়োপাৰৰ মথাউৰি চিঙি ৰাইজৰ আলৈ আথানি কৰি অহা পহুমাৰা নৈৰ মথাউৰি নতুনকৈ নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে কেবাকোটিও টকা আবন্টন দিছে যদিও মথাউৰি নিৰ্মাণত চূড়ান্ত দুৰ্নীতিৰ বাবেই বৰষুণৰ পানীতে হুৰাহুৰে খহিব ধৰিছে নৈখনৰ পুঠিমাৰী কলৰগুৰি, শিঙিমাৰী, মেধিকুছিৰ মথাউৰি যাৰ ফলত বানৰ শংকাত ভুগিছে শিঙিমাৰী, পুঠিমাৰী,শিয়ালমাৰী, ওদালগুৰি আদিকে ধৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজ৷ স্মৰ্তব্যযে বালিৰে পোতা মথাউৰিৰ ওপৰতে পাৰিছে ব্লক আৰু কেবাঠাইতো মথাউৰি খহি ব্লকবিলাকো খহি গৈছে৷ যদিহে বিভাগীয়ভাবে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নৈখনৰ পানীয়ে যে মথাউৰি ভাঙি প্ৰলয়ৰ সৃষ্টি কৰিব সেই লৈ এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজ৷ ইপিনে বিগত প্ৰায় ডেৰমাহ পূৰ্বে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই বজালীৰ পহুমাৰা নৈৰ মথাউৰি পৰিদৰ্শনৰ বাবে আহিছিল যদিও মন্ত্ৰীগৰাকীক মাত্ৰ নৈখনৰ পূব ফালৰ মথাউৰিৰ উপৰি পশ্চিম ফালৰ মথাউৰিৰ দুটামান ভাল অংশহে দেখুওৱাৰ ফলত বিধ্বস্থ অৱস্থাত থকা নৈখনৰ মেধিকুছি, পুঠিমাৰী কলৰগুৰিৰ মথাউৰিৰ প্ৰকৃত ছবিখন মন্ত্ৰীগৰাকীয়ে দেখা নাপালে যাৰ ফলতে এতিয়া বানৰ শংকাত ভূগিবলগীয়া হৈছে ৰাইজ৷ উল্লেখ্যযে মন্ত্ৰীগৰাকীক সংগ দিয়া ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে মন্ত্ৰীগৰাকীক বিধ্বস্থ অৱস্থাত থকা মথাউৰিৰ অংশসমূহ দেখাবলৈ নিনিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ বানৰ শংকাত ভূগি থকা পুঠিমাৰী কলৰগুৰিৰ বিধ্বস্থ অংশৰ বাবে ব্যৱস্থা কৰি বানৰ কবলৰ পৰা মুক্ত কৰিবলৈ দাবী জনাইছে হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই৷ সংগঠনটোৰ উপদেষ্টা তথা আছুৰ বজালী জিলা সমিতিৰ উপ সভাপতি সীমান্ত তালুকদাৰে মথাউৰিটো পৰিদৰ্শন কৰি বজালীৰ পহুমাৰা নৈয়ে প্ৰতিবছৰে মথাউৰি ভাঙি বানৰ সৃষ্টি কৰি আহিছে আৰু প্ৰতিবছৰে মথাউৰি নিৰ্মাণ কৰা হৈছে যদিও প্ৰতিবাৰেই বানপানীয়ে মথাউৰি খহাই বানৰ সৃষ্টি কৰি আহিছে৷ এইবাৰো পহুমাৰাৰ পুঠিমাৰী কলৰগুৰিৰ বালিৰে পোতা মথাউৰি বৰষুণৰ পানীতে হোৰাহোৰে খহি থকাৰ ফলত এতিয়া শংকাৰে দিন কটাবলীয়া হৈছে ৰাইজ৷ পহুমাৰা নৈৰ মথাউৰি যেন এতিয়া সোনৰ কণী পৰা হাঁহত পৰিণত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰি নেতাগৰাকীয়ে নৈখনৰ মথাউৰিৰ স্থায়ী সমাধানৰ বাবে চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উপৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক ঠাইখিনি পৰিদৰ্শন কৰি তৎকালীন ব্যৱস্থা কৰিব লৈ ৰাইজে অনুৰোধ জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like