নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নদীৰ পৰা চাৰি যুৱকক উদ্ধাৰেৰে জীৱন দিলে বজালীৰ চম্পকে

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ দুৰ্গা পূজাৰ আনন্দোৎসৱৰ মাজতে এক আনাকাংক্ষিত ঘটনাই জোঁকাৰি গৈছিল বজালীৰ হকাৰটুপ অঞ্চলক৷ উল্লেখযোগ্য যে ষষ্ঠী পূজাৰ দিনাই হকাৰটুপ গাঁওৰ কাষেৰে প্ৰৱাহিত পহুমাৰা নৈত গা ধুৱলৈ গৈছিল গাঁওখনৰ পাঁচজনকৈ যুৱক ক্ৰমে অনুপ, জুমন, বিকাশ, তন্ময় আৰু দিশাংকু৷ কিন্তু দুৰ্ভাগ্যজনকভাবে আটাইকেইজন যুৱকে নৈখনৰ দ অংশত পৰি গৈছিল৷ ইয়াৰ পাছতে নৈত পৰা যুৱকসকলৰ চিঞৰ বাখৰ আৰু অসহায় অৱস্থা প্ৰত্যক্ষ কৰি নৈখনতে গা ধুবলৈ অহা চম্পক ৰয় নামৰ ২৫ বছৰীয়া যুৱক এগৰাকীয়ে সাতুৰি গৈ চাৰিজন যুৱকক হাতত ধৰি নৈখনৰ পাৰলৈ লৈ যাবলৈ সক্ষম হয়৷ যুৱকজনে সাহসিকতাৰ পৰিচয় দাঙি ধৰি পানীত পৰি অসহায় অৱস্থা হোৱা যুৱকৰ চাৰিজনক ডুবিয়াই ডুবিয়াই নৈখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে ভাগৰ লগাত তেওঁ নিজে প্ৰায় সংজ্ঞাহীন হৈ পৰে৷ আনহাতে আন এজন যুৱক দিশাংকু ৰয়ক বহু সময় বিচাৰ খোচাৰ কৰিও সন্ধান নোপাৱাত এচ ডি আৰ এফ আৰু এন ডি আৰ এফ উপস্থিত হৈ অভিযান আৰম্ভ কৰে৷ দুদিন ধৰি অভিযান অব্যাহত ৰখাৰ পাছতো সন্ধান লাভ নকৰাৰ অন্তত দিশাংকুৰ মৃতদেহ হকাৰটুপৰ পৰা অলপ দূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ চাৰিগৰাকী যুৱকৰ প্ৰাণ বচাবলৈ সক্ষম হোৱা চম্পকক লৈ গৌৰবান্বিত হৈ পৰিছে বজালীৰ হকাৰটুপ গাঁওৰ ৰাইজ। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেওঁলোকৰ সন্তানৰ জীৱন বছোৱা বুলি পানীত পৰা চাৰিগৰাকী যুৱকৰ পিতৃ-মাতৃয়ে চম্পকক ভগৱান আখ্যা দি উচুপি উঠি দৃশ্যই সকলোৰে দৃষ্টি আৱেগিক কৰি তোলাৰ লগতে চম্পকক চৰকাৰৰ তৰফৰ পৰা সাহসিকতাৰ ৰাজ্যিক মৰ্যদা প্ৰদান কৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like