নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা-সম্বৰ্ধনা অনুষ্ঠান

🔹 অৱসৰী কৰ্মচাৰী মুক্তিনাথ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন, কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

নিয়মীয়া বাৰ্তা, ১১ মে’ : তিতাবৰৰ বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাজহুৱা সভা আৰু বিদায় সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক উৎসাহিত কৰি অভিনন্দন জনোৱাৰ লগতে সদ্য অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক মুক্তিনাথ শইকীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত ফুকনৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাত যোৰহাট জিলা শিক্ষা বিভাগৰ পৰিদৰ্শিকা বুলি গগৈ ভূঞাই উপস্থিত থাকি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক যথেষ্ট উৎসাহিত কৰে।

সভাত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী, সাংবাদিক অজয় শইকীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সভাপতি নৰেন্দ্ৰ সোণোৱাল, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰ্মেশ্বৰ গগৈ, ব্যৱসায়ী নবীন হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ ফুকন আদিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীৰ তৰফৰ পৰাও ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ সামগ্ৰী, গামোচা আদিৰে অভিনন্দন জনায়। স্থানীয় একাংশ মহিলাই জেং বিহু, ছাত্ৰীৰ নৃত্য প্ৰদৰ্শনে উপস্থিত ৰাইজক আপ্লুত কৰে। অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোলৈ সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধান শিক্ষক অজিত ফুকনে।

প্ৰেৰক অজয় শইকীয়া

You might also like