নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠান আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ৭ বজাৰ পৰা প্ৰাক্তন শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়ন কাৰ্যসূচী , পুৱা ৮ বজাত শতবাৰ্ষিকীৰ মূল তোৰণ উন্মোচন কৰে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক আদ্যনাথ শৰ্মাৰ জ্যেষ্ঠ কন্যা মামণি দেৱীয়ে । পুৱা ৮:১৫ বজাত অস্থায়ী সভাগৃহ আৰু মঞ্চ উদ্বোধন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰণেন্দ্ৰ মোহন ডেকাই । পুৱা ৮:৩০ বজাত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক, উদযাপন সমিতিৰ সভাপতি কৃষ্ণ কমল তাঁতীয়ে । পুৱা ৯ বজাত স্মাৰক উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই । লগতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মলিনা দাসে । পুৱা ৯:৪৫ বজাত বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠা, সন্মুখৰ পকী দেৱাল আৰু অনাময় গৃহ উন্মোচন কৰে ক্ৰমে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, অসম লোকসেৱা আয়োগৰ জ্যেষ্ঠা সদস্যা ড০ অজন্তা নাথ, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, বালিপৰা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ললিত শৰ্মা, বালিপৰা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুদ্ধেশ্বৰ শইকীয়াই ।
পুৱা ১০:৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন নাথে। সমান্তৰালভাৱে দিনৰ ১১ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে। শোভাযাত্ৰাত মুখ্য আকৰ্ষণ হিচাপে অসমৰ শিৰোমণিখ্যাত মানস ভাগৱতী আৰু মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেওটে অংশগ্ৰহণ কৰে। বালিপৰা মজলীয়া বিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰা আৰু সমগ্ৰ বালিপৰা নগৰ পৰিভ্ৰমণ কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষাগুৰু, বৰ্তমানৰ শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, গায়ন-বায়নৰ দল, বিহুনৃত্য, ঝুমুৰ নৃত্য, উড়িয়া নৃত্য, মিচিং নৃত্য, নেপালী নৃত্য ইত্যাদিৰ লগতে জ্যেষ্ঠ নাগৰিক সন্মিলন, বালিপৰা এলিট একাডেমী, হলী চাইল্ড স্কুল ইত্যাদি বিদ্যালয়, বালিপৰাৰ এৰাগাঁও, উদমাৰী গাঁও, বামগাঁও, বালিগাঁও, কমাৰীগাঁও ইত্যাদি গাঁৱৰ ৰাইজ, মহিলা, আক্ৰাছুকে আদি কৰি দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে সহস্ৰাধিক শুভাকাংক্ষীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । উল্লেখ্য যে শতবৰ্ষৰ সৈতে সংগতি ৰাখি অনুষ্ঠানস্থলীত মহিলাসকলৰ দ্বাৰা পৰিচালিত তথা উৎপাদিত অসমীয়া পিঠা-পনা, জলপান, সাজ-পোছাকৰ বিপণী, গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা সমন্বয় প্ৰকাশ নামৰ গ্ৰন্থমেলা, বাণিজ্য মেলাৰো ব্যৱস্থা কৰা হৈছে। গ্ৰন্থমেলাত অনুষ্ঠানৰ প্ৰথম দিনটোত পাঠকৰ মিশ্ৰিত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে । আনহাতে, অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি বিয়লি ৪ বজাৰ পৰা আধুনিক নৃত্য আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা, আধুনিক গীত প্ৰতিযোগিতা আদি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধ্যা ৫ বজাত ১০০ গছি বন্তি প্ৰজ্বলন কৰা হয় ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম