🔹 দ্বিতীয় দিনা আলোচনা-চক্ৰ, প্ৰাক্তন সতীৰ্থ সন্মিলন সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰাত ১৯২৩ চনত প্ৰতিষ্ঠা হোৱা বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠান ২৪ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । আজি অনুষ্ঠানৰ দ্বিতীয়টো দিন । দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ১০ বজাৰ পৰা বিদ্যালয়ৰ মূল মঞ্চত অনুষ্ঠিত হয় এখন আলোচনা-চক্ৰ। “সমস্যা আৰু সম্ভাৱনাৰ আলিদোমোজাত মাতৃভাষা মাধ্যমৰ বিদ্যালয়” শীৰ্ষক আলোচনা-চক্ৰখন সঞ্চালনা কৰে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, বিশিষ্ট কবি ভৱেশ মিশ্ৰই আৰু উদ্বোধন কৰে জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ইন্দ্ৰ প্ৰসাদ শইকীয়াই । আলোচনা-চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকে ৰঙাপৰা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক অঞ্জন মহন্ত আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ খঞ্জন কুমাৰ দাস । আলোচনা-চক্ৰত আলোচকসহ উপস্থিত বিশিষ্ট ব্যক্তিসকলে সাম্প্ৰতিক সময়ত শিক্ষাৰ ৰেহৰূপ, মাতৃভাষাৰ গুৰুত্ব, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ লাভালাভ, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অধিক শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত শিক্ষক, সমাজ, অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য, বৌদ্ধিক বিকাশত চৰকাৰৰ ভূমিকা, মাতৃভাষা মাধ্যমত উপলব্ধ আলোচনী-কাকত অধ্যয়নত গুৰুত্ব প্ৰদান কৰা, বৰ্তমান সময়ত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ সংকট আৰু সম্ভাৱনীয়তাৰ বিষয়ত বিস্তাৰিতভাৱে আলোকপাত কৰে । শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি, সমাজসেৱক নিৰঞ্জন নাথে আলোচনা-চক্ৰৰ শলাগৰ শৰাই আগবঢ়ায় । আলোচনা-চক্ৰৰ পিছতে অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান। অনুষ্ঠানত সহস্ৰাধিক প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি শতবৰ্ষ গৰকা বিদ্যালয়খনত অধ্যয়নকালৰ অভিজ্ঞতাসমূহ ৰোমন্থন কৰি নষ্টালজিক হোৱা দেখা যায় । বিয়লি ৪:৩০ বজাৰ পৰা অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান । অনুষ্ঠানটোত বিদ্যালয়খনত শিক্ষকতা কৰি অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ত শিক্ষকতা কৰা প্ৰয়াত শিক্ষাগুৰুসকলৰ পৰিয়ালৰ লগতে ভালেমান বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনোৱা হয় । সন্ধ্যা ৬ বজাৰ পৰা অনুষ্ঠিত কৰা হয় স্থানীয় শিল্পীৰ দ্বাৰা বৰ্ণাঢ্য সাংস্কৃতিক সন্ধ্যা । অনুষ্ঠান উদ্বোধন কৰে অভিনেতা তেজপুৰৰ শান্তনু মহন্তই । উল্লেখ্য যে ২৬ ডিচেম্বৰত অনুষ্ঠানৰ সামৰণি পৰিব । ২৬ ডিচেম্বৰৰ কাৰ্যসূচী অনুসৰি, পুৱা ১০ বজাৰ পৰা মূল সভা আৰু সন্ধ্যা ৬ বজাৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে মূল সাংস্কৃতিক সন্ধ্যা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম