নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলজলী নৈত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ পূৱ গোৱালপাৰা নৱাগত শিমলীতোলা আৰু দক্ষিণ বৰপেটাৰ বাঘমাৰাচৰ সংযোগী জলজলী নৈৰ ওপৰত আজিকোপতি চৰকাৰে দলং এখনৰ দিহা নকৰাত অশেষ কষ্টৰে পূৱ গোৱালপাৰা আৰু দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ৰাইজে মৰণক শৰণ দি নিতৌ বিপদসংকুল টুলুঙা নাৱেৰে জলজলী নদী পাৰাপাৰ হ’বলগীয়া হয়। বৃহত্তৰ অঞ্চলবাসী ৰাইজে পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰশ্বিদ আলম আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদকে আদি কৰি বিভাগীয় মন্ত্ৰী, সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত বহু আবেদন-নিবেদন কৰিও সুফল পাবলৈ সক্ষম নহ’ল। বহু সময়ত নদী পাৰাপাৰ হোৱাৰ পৰত সৰু-বৰ দুৰ্ঘটনাৰ সন্মুখীনো হ’বলগীয়া হয়। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ৰাইজৰ দান-বৰঙনি আৰু পাৰঘাটৰ লেচীৰ সহযোগত জলজলী নৈৰ ওপৰত এমাহযোৰা প্ৰচেষ্টাৰ অন্তত বাঁহ-আৰু কাঠেৰে দলং এখন সাজি আনুষ্ঠানিকভাবে আজি মুকলি কৰে। দলং উদ্বোধনৰ মাংঙ্গলিক অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী হাজী ছাজাহান, পাৰঘাট পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰহিম, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, সমাজকৰ্মী আব্দুছ ছামাদ, আব্দুল বাৰিক মণ্ডল, ছাজাহান আলী আদি কৰি অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে। দলংখন পাই উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ। শীঘ্ৰে অঞ্চলটোৰ সুচল যাতায়তৰ কথা বিবেচনা কৰি সৱাগত শিমলীতোলা আৰু বাঘমাৰা সংযোগী জলজলী নৈৰ ওপৰত আকী দলং এখন নিৰ্মাণ কৰিবলৈ সমবেত সকলোৱে চৰকাৰ-বিধায়কলৈ পুনৰ দাবী জনায়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like