নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বদনকুছিত বাঁহৰ গহনা নিৰ্মাণৰ প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৯ মে’: বজালী মহকুমাৰ অন্তৰ্গত বদনকুছিত ৩০গৰাকী মহিলাক অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ পৰা বাঁহৰ গহনা নিৰ্মাণৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰৰ মাজত হোৱা চুক্তি মৰ্মে অসমৰ আত্মসহায়ক গোটসমূহকো বাঁহৰ গহনা নিৰ্মাণ সন্দৰ্ভত অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনে প্রশিক্ষণ দিছে। এনে প্রেক্ষাপটতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ বিশেষ উদ্যোগত পাটাছাৰকুছি সমষ্টিৰ সাদেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বদনকুছি গাঁৱত আত্মসহায়ক গোটৰ ৩০গৰাকী সদস্যক বাঁহৰ গহনা নিৰ্মাণৰ সন্দৰ্ভত দহদিনীয়া প্রশিক্ষণ দিবলৈ আগবাঢ়িছে অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনে। উল্লেখযোগ্য যে যোৱা ১২ মে’ৰ পৰা ২৯ মে’লৈ অনুষ্ঠিত এই প্রশিক্ষণ অনুষ্ঠানত উপস্থিত থাকি সাদেৰী গাঁও পঞ্চায়তৰ মহিলা সদস্যক স্বাৱলম্বী হোৱাৰ উপৰি উপাৰ্জনৰ এক পথ প্রশস্ত হোৱা বুলি মন্ত্ৰী দাসে মন্তব্য কৰে। এই অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ পৰিচালক ড° হাৰুণ আহমেদ, অসম গ্রামীণ জীৱিকা মিছনৰ প্ৰজেক্ট মেনেজাৰ উপাসনা দাস, প্রগ্রেম মেনেজাৰ ধ্ৰুৱজিৎ কলিতা, পলাশ তালুকদাৰ, পৰাগ বৰুৱা, অনামিকা নাথ, বদনকুছি গাঁৱৰ গাঁওপ্রধান বিৰাজ তালুকদাৰ, বদনকুছি বৰবাকৰা চুবা গঞা ৰাইজৰ সম্পাদক মৃগেন দাস, বজালী উন্নয়ন খণ্ডৰ জীৱিকা সখী ইলা তালুকদাৰ আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। প্ৰণিধানযোগ্য যে ইয়াৰ পূৰ্বেও অসম গ্ৰামীণ জীৱিকা মিছনে বদনকুছিৰ এই প্ৰশিক্ষণ শিবিৰত ৩০গৰাকী মহিলাক বাঁহৰ গহনা নিৰ্মাণৰ এক প্ৰশিক্ষণ দিছিল।

প্ৰেৰক কল্যাণ কলিতা

You might also like