চিৰাঙৰ বামুণগাঁও অঞ্চলত ধুমুহাত বিধ্বস্ত পৰিয়াললৈ দুই শতাধিক তিৰ্পাল বিতৰণ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অমৰ সংগীতটোৰ অনুধাৱন কৰিয়েই ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে চিৰাং জিলাৰ বামুণগাঁও নিৱাসী তথা বিশিষ্ট সমাজসেৱক জিছোৱা চাম্প্ৰামাৰী। যোৱা কেইবাদিনত ধুমুহাৰ কৰাল গ্ৰাসত পৰিছে বামুণগাঁৱৰ অন্তৰ্গত প্ৰায় এঘাৰ খন গাওঁৰ দুই শতাধিক অতি দৰিদ্ৰ পৰিয়াল । এই খবৰটো পোৱা মাত্ৰেই অনতিপলমে অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে প্ৰয়োজন হোৱা দুইশতাধিক ত্ৰিপাল সমাজ সেৱক ড০ গোন্দেশ্বৰ হাজঙৰ উপস্থিতিত জিছোৱা চাম্প্ৰামাৰীয়ে ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ লগতে অনাগত দিনত যিকোনো সমস্যাৰ সন্মুখীন হলে বিনাদ্বিধাই তেওঁক জনাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বিশিষ্ট যুব সমাজসেৱক গৰাকী ইতিপূৰ্বে জৰুৰীভাৱে চিকিৎসাধীন হৈ থকা আৰ্থিকভাৱে দুৰ্বল একাধিক পৰিয়াললৈ আগবঢ়োৱা সহযোগত সেই সকলোবোৰ পৰিয়াল তেওঁলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াৰ উপৰিও আজিৰ বস্তুনিষ্ঠ সমাজত জিছোৱা চাম্প্ৰামাৰীৰ এনে মহানুভূতিৰ পৰিচয়ে একাধিক ব্যক্তিক এনে সামাজিক কামত যোগদান কৰাৰ ক্ষেত্ৰত পূৰ্ণ উৎসাহ যোগায়। উল্লেখ্য যে জিছোৱা চাম্প্ৰামাৰীয়ে অনতি পলমে এনে সামাজিক কৰ্মত অগ্ৰগতি লাভ কৰিবলৈ জিলাভিত্তিক এখন স্বেচ্ছাসেৱী সংস্থাৰ জম্ম দিয়াৰ পৰিকল্পনাৰ কৰাৰ কথাও ব্যক্ত কৰে।
প্ৰেৰক ভৃগু মুনি ৰায়