বন্ধৰ আহ্বান দিয়া সংগঠনে দিব লাগিব ক্ষতিপূৰণ
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ এতিয়াৰে পৰা অসমত বন্ধৰ আহ্বান দিয়া সংগঠনে সেই বন্ধৰ বাবে হোৱা ক্ষতিপূৰণ আদায় দিব লাগিব৷ এই সকীয়নি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বুধবাৰে দুলীয়াজানত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিপূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নির্দেশ আছে, কোনো সংগঠনে বন্ধৰ আহ্বান দিলে সেই বন্ধৰ ফলত হোৱা ক্ষতিৰ বাবে সংগঠনটোৱে ক্ষতিপূৰণ আদায় দিব লাগিব৷ ইমান দিনে উচ্চ ন্যায়ালয়ৰ সেই নির্দেশ কার্যকৰী কৰা হোৱা নাছিল৷ এতিয়াৰে পৰা চৰকাৰে উচ্চ ন্যায়ালয়ৰ সেই নির্দেশ কার্যকৰী কৰিব আৰু বন্ধৰ আহ্বান দিয়া সংগঠনে ক্ষতিপূৰণ আদায় দিব লাগিব৷
মুখ্যমন্ত্রী ড০ শর্মাই লগতে ‘জয় আই অসম’ কোৱাসকলে বন্ধ দিয়াৰ অধিকাৰ নাই বুলি স্পষ্ট কৰি দি কয় যে জয় আই অসম বহু ডাঙৰ শব্দ৷ ইয়াৰ যথেষ্ট অর্থ আছে৷ বন্ধৰ আহ্বান দিলে অসমৰ ক’ত উন্নতি হ’ব? এই প্রসংগতে তেওঁ কয় যে দিল্লী–মুম্বাইত যেতিয়া তেওঁ ব্যৱসায়ীসকলক লগ পালে, অসমত ব্যৱসায় কৰিবলৈ আহ্বান জনায়, তেতিয়া তেওঁলোকৰ একেটাই অভিযোগ– ইয়াত বহুত চান্দা বিচাৰে৷ দাদাগিৰি কৰে৷ বন্ধৰ ফলত অসমৰ ভাবমূর্তিহে বাহিৰত ম্লান হয়৷ সেইদৰে অহা ছমাহৰ ভিতৰত অসমত খাৰুৱা তেল চুৰি কার্যও বন্ধ হ’ব বুলি প্রকাশ কৰে৷ ইপিনে, যোৱা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগে চলোৱা অভিযান দুদিনৰ চমক নহয় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উৰুকা, ফাকুৱা, দীপাৱলীকে ধৰি সকলো উৎসৱৰ সময়ত ৰাজ্যখনত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷ বছৰজুৰি এই অভিযান চলিব৷ সেইদৰে মটৰচাইকেলৰ চালকৰ লগতে আৰোহীয়েও হেলমেট পিন্ধাটো বাধ্যতামূলক বুলি উল্লেখ কৰি সমগ্র বছৰটোতে এইক্ষেত্রত কঠোৰ অভিযান চলিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷