বিশ্বকাপত আজি ভাৰতৰ সন্মুখত বাংলাদেশ
বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ চলিত বিশ্বকাপত বিজয়ৰ হেটট্রিক অর্জন কৰা ভাৰতে আজি বাংলাদেশৰ মুখামুখি হ’ব৷ ৰোহিত বাহিনীয়ে বাংলাদেশৰ বিপক্ষেও বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰে৷ ইয়াৰ বাবে সম্পূর্ণ ৰূপে সাজু হৈছে ভাৰতীয় দলৰ খেলুৱৈসকল৷ ভাৰতীয় দলৰ সূত্রই সদৰী কৰা অনুসৰি পাকিস্তানৰ বিপক্ষে খেলা দলটোকে আজিৰ মেচখনত অৱতীর্ণ কৰাব৷ পূর্বৰ মেচখনৰ প্রদর্শনৰ পিছত শার্দূল ঠাকুৰৰ স্থানক লৈ প্রশ্ন উদয় হৈছিল৷ কিন্তু দল–মেনেজমেণ্টৰ মতে, পুনেৰ বেটিং সহায়ক পিটচত অতিৰিক্ত স্পিনাৰ খেলোৱাৰ প্রয়োজন নাই৷ সেইবাবে অশ্বিন কাইলৈও খেলপথাৰৰ বাহিৰত থকাৰ সম্ভাৱনা অধিক৷ শার্দূলৰ উপৰি বুমৰাহ আৰু মহম্মদ ছিৰাজ পেছাৰ হিচাপে আছে যদিও বাংলাদেশৰ বিৰুদ্ধে ছিৰাজ অথবা বুমৰাহৰ ভিতৰত এজনক জিৰণি দি মহম্মদ ছামীক খেলোৱা হ’ব পাৰে৷ অৱশ্যে ৰোহিত শর্মা আৰু প্রশিক্ষক ৰাহুল দ্রাবিড়ে দলত অধিক সালসলনি কৰিব বিচৰা নাই৷ দলৰ বেটিং বিভাগত বিশেষ সালসলনিৰ সম্ভাৱনা নাই৷ ইপিনে মেচখনৰ পূর্বে বাংলাদেশ শিবিৰলৈ আহিছে স্বস্তিৰ খবৰ৷ যাৰ খেলাক লৈ যাৱতীয় সংশয়ৰ সৃষ্টি হৈছিল, সেই ছাকিব আল হাছানে আজি খেলিব৷ আচলতে ভাৰতৰ বিৰুদ্ধে মেচখন বাংলাদেশৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ মেচখনত জয়লাভ কৰিব নোৱাৰিলে বাংলাদেশৰ ছেমিফাইনেল খেলাৰ স্বপ্ন একপ্রকাৰ নির্বাপিত হ’ব৷ সেইবাবে এই মেচখনত ছাকিবে নিজে খেলিব বিচাৰিছে৷ মঙলবাৰে তেওঁৰ আৰু এটা স্কেনৰ ৰিপ’ট অহাৰ কথা৷ কিন্তু সেই ৰিপ’টত যিয়েই নাথাকক, ছাকিবে কাইলৈ খেলিবই৷ দলটোৱে কাইলৈ এজন অতিৰিক্ত স্পিনাৰ হিচাপে মেহেদী হাছানক দলভুক্ত কৰিব পাৰে৷ ইতিমধ্যে দুখনকৈ মেচত আফগানিস্তান আৰু নেদাৰলেণ্ডছে অঘটন সৃষ্টি কৰাৰ পিছত কাইলৈ বাংলাদেশেও তেনে লক্ষ্যৰে অৱতীর্ণ হ’ব৷ খেলৰ সময়ঃ দিনৰ ২ বজা