নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত বাংলাদেশ

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ পাকিস্তানে চলিত এদিনীয়া বিশ্বকাপৰ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হৈছে৷ ইডেন গার্ডেনত অনুষ্ঠিত মেচখনত পাকিস্তানে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে৷ বাংলাদেশে জয়ৰ বাবে বান্ধি দিয়া ২০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় আব্দুল্লা ছফিক আৰু ফখৰ জামানৰ অর্ধশতকৰ সহায়ত পাকিস্তানে ৩২.৩ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ছফিকে ৬৮ আৰু জামানে ৮১ ৰান কৰে৷ অধিনায়ক বাবৰে ৯ ৰানহে কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি মাহমুদুল্লাহৰ ৫৬, লিটন দাসৰ ৪৫ আৰু অধিনায়ক ছাকিবৰ ৪৩ ৰানৰ সহায়ত বাংলাদেশে ৪৫.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২০৪ ৰান কৰে৷ উল্লেখ্য যে বাংলাদেশে এতিয়ালৈকে ৭খন মেচ খেলি মাত্র এখনতহে জয়ৰ মুখ দেখিছে৷

You might also like