🔹 ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি সীমান্ত সুৰক্ষা বাহিনীৰ
নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)য়ে। তাৰেই পৰিপ্ৰেক্ষিতত নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ততো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে বিএছএফে। অৱশ্যে বিষয়টোক লৈ আনুষ্ঠানিকভাৱে এতিয়ালৈ একো সদৰী নকৰিলেও জানিব পৰা মতে জিলা দুখনৰ বাংলাদেশ সীমান্তৰ একাংশ সংবেদনশীল অঞ্চলত জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে। জিলাৰ মুঠ ১৩৪.৫ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৪৪ কিলোমিটাৰেই হ’ল উন্মুক্ত নদী সীমান্ত। তাৰেই পৰিপ্ৰেক্ষিতত বাংলাদেশৰ ৰাজধানী ঢাকাৰ উপৰি অন্যান্য অঞ্চলকে ধৰি বিশেষকৈ ধুবুৰী জিলাৰ পাৰ্শ্বৱৰ্তী বাংলাদেশৰ ৰংপুৰ জিলাতো সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিস্থিতিৰ বাবে দেশ এৰি পলাবলৈ বাধ্য হোৱা লোকসকলৰ একাংশই নদীপথেৰে আহি দুৰ্গম অঞ্চলেদি অসম তথা ভাৰতত প্ৰৱেশ কৰাৰো সম্ভাৱনা নোহোৱা নহয়। উল্লেখনীয় যে ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি এখন C130 বিমানেৰে দেশ এৰি ভাৰত অভিমুখে যাত্ৰা কৰা বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী