নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জ সীমান্তত বাংলাদেশী নাগৰিকক আটক

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ সুযোগ লৈ জাকে জাকে বাংলাদেশীয়ে সংগোপনে অবৈধভাৱে প্ৰৱেশ কৰিছে ভাৰতত ৷ অসমৰ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰে ভাৰতত প্ৰৱেশ কৰা বহু সংখ্যক বাংলাদেশী ইতিমধ্যে ধৰা পৰিছে আৰক্ষীৰ জালত। শুকুৰবাৰে নিশা কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত বাংলাদেশীজনৰ নাম মহম্মদ আৰিফ। অৱশ্যে পিছত আৰক্ষীয়ে ধৃত বাংলাদেশীজনক সীমান্তৰে ঘূৰাই পঠিয়াই ৷ ইপিনে, মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই এই ঘটনা সন্দর্ভত সামাজিক মাধ্যম ফেচবুকত কয় যে আমাৰ অসম আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত নিৰন্তৰ কঠোৰ সতৰ্কতা অৱলম্বন কৰি আছে৷ কালি কৰিমগঞ্জত মহম্মদ আৰিফ নামৰ এজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি সীমান্তৰ সেইটো পাৰলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হয়৷ অসম আৰক্ষীৰ কৰ্মৰ শলাগ ল’লোঁ৷

প্ৰেৰক গৌতম তালুকদাৰ

You might also like