নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ স্কুলত বাংলাদেশী শিক্ষক

🔹 ন্যায়ালয়ৰ মজিয়াত উন্মোচিত ভয়ংকৰ কাণ্ড

🔹 জালিয়াতিৰে চাকৰি–বছৰ বছৰ ধৰি ৰাজকোষৰ দৰমহা লাভ

বিশেষ বাৰ্তা, ৫ জানুৱাৰী : সীমাৰ সিপাৰৰ পৰা হোৱা অনুপ্রৱেশে অসমৰ জনগাঁথনিত ভয়ংকৰ বিৰূপ প্রভাৱ পেলোৱাৰ সমান্তৰালকৈ দেশৰ সার্বভৌমত্ব–অখণ্ডতাৰ প্ৰতি তীব্র ভাবুকি কঢ়িয়াই অনাৰ সময়তে এক অকল্পনীয় তথ্য পোহৰলৈ আহিছে৷ কেতিয়াও কোনেও ভাবিব নোৱাৰাকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ চাকৰিত নিয়োজিত হৈছিল দুই অবৈধ বাংলাদেশী নাগৰিক৷ জালিয়াতিৰে বছৰ বছৰ ধৰি দৰমহাৰ নামত ৰাজকোষৰ ধন লাভ কৰি অহা এই দুই অবৈধ বাংলাদেশী হ’ল– মৰিগাঁও জিলাৰ লাহৰীঘাট প্রাথমিক শিক্ষাখণ্ডৰ অন্তর্গত উলুবাৰী এম ই মাদ্রাছাৰ বিজ্ঞান শিক্ষক মহম্মদ আব্দুৰ ৰছিদ আৰু কপিলী প্রাথমিক শিক্ষাখণ্ডৰ ঠেংখালী খন্দা পুখুৰী প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহম্মদ খাইৰুল ইছলাম৷ ন্যায়ালয়ৰ মজিয়াত এই ভয়ংকৰ কাণ্ড উন্মোচিত হোৱাৰ পাছত শেহতীয়াকৈ প্রাথমিক শিক্ষা সঞ্চালকালয়ে দুয়োজনকে চাকৰিৰ পৰা বর্খাস্ত কৰিছে৷ উল্লেখ্য যে উলুবাৰী এম ই মাদ্রাছাৰ বিজ্ঞান শিক্ষক মহম্মদ আব্দুৰ ৰছিদক বিগত ২০১৬ চনৰ ৩০ ছেপ্টেম্বৰত মৰিগাঁও জিলাৰ ৫নং বিদেশী ন্যায়াধিকৰণে এফটি (ডি) ২২৬/২০১৫ নম্বৰৰ গোচৰটোৰ বিপৰীতে অবৈধ বিদেশী ঘোষণা কৰিছিল৷ বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ক প্রত্যাহ্বান জনাই অবৈধ বাংলাদেশীজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৭৪১৩/২০১৬ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে৷ কিন্তু বিদেশী ন্যায়াধিকৰণে ইতিপূর্বে দিয়া ৰায়ত হস্তক্ষেপ নকৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ ২৭ ছেপ্টেম্বৰত উক্ত লেখ আবেদনখন নাকচ কৰি দিয়ে৷ ইয়াৰ পাছত মহম্মদ আব্দুৰ ৰছিদক ডিটেনচন কেম্পলৈ প্রেৰণ কৰা হয়৷ সমান্তৰালভাৱে মৰিগাঁও জিলা প্রাথমিক শিক্ষা বিষয়াই ২০১৯ চনৰ ৬ মে’ত অবৈধ বিদেশী নাগৰিকজনক এক নির্দেশনাযোগে চাকৰিৰ পৰা নিলম্বন কৰে৷ মহম্মদ আব্দুৰ ৰছিদ দুবছৰ কাল ডিটেনচন কেম্পত আছিল যদিও ২০২১ চনৰ ৫ মে’ত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক (সীমান্ত)–এ এক নির্দেশনাযোগে মোকলাই দিয়ে৷ লক্ষণীয়ভাৱে মহম্মদ আব্দুৰ ৰছিদে বিদেশী ন্যায়াধিকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই ২৭০৬/২০১৯ নম্বৰৰ এখন স্পেচিয়েল লীভ পিটিচন দাখিল কৰে উচ্চতম ন্যায়ালয়ত৷ ২০২০ চনৰ ১০ ফেব্রুৱাৰীত আবেদনকাৰীৰ অধিবক্তাই বিচৰা ধৰণে এই স্পেচিয়েল লীভ পিটিচনখন প্রত্যাহাৰ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ পর্যবেক্ষণ আবেদন দাখিলত অনুমতি দিয়ে৷ সমান্তৰালভাৱে স্পেচিয়েল লীভ পিটিচনখন প্রত্যাহাৰ কৰে৷ ইয়াৰ পিছতে প্রাথমিক শিক্ষা সঞ্চালকালয়ে মহম্মদ আব্দুৰ ৰছিদৰ বিষয়টো পর্যালোচনাৰ বাবে এখন তদন্ত সমিতি গঠন কৰাৰ লগতে অবৈধ বাংলাদেশীজনলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে৷ বিগত বর্ষৰ ১ মার্চত জাৰি কৰা কাৰণ দর্শোৱা জাননীখনৰ বিপৰীতে মহম্মদ আব্দুৰ ৰছিদৰ উত্তৰ সন্তোষজনক নহ’ল৷ পৰৱর্তী সময়ত প্রাথমিক শিক্ষা বিভাগে ২০২৪ চনৰ ১১ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ মহাধিবক্তাৰ পৰা এই বিষয়ত আইনী মতামত গ্রহণ কৰে৷ আনজন অবৈধ বাংলাদেশী ঠেংখালী খন্দা পুখুৰী প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহম্মদ খাইৰুল ইছলামৰ ক্ষেত্রতো অনুৰূপ প্রক্রিয়াই গ্রহণ কৰা হৈছে৷ মহম্মদ খাইৰুল ইছলামক মৰিগাঁও জিলাৰ ৩নং বিদেশী ন্যায়াধিকৰণে ২০১৫ চনৰ ২০ ফেব্রুৱাৰীত এফটি (চি) ৪০/২০১৫ নম্বৰৰ গোচৰটোৰ বিপৰীতে অবৈধ বিদেশী ঘোষণা কৰিছিল৷ বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহ্বান জনাই মহম্মদ খাইৰুল ইছলামে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫২৩২/২০১৬ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে৷ কিন্তু বিদেশী ন্যায়াধিকৰণে দিয়া ৰায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ নকৰিলে আৰু ২০১৮ চনৰ ১৩ জুনত উক্ত লেখ আবেদনখন নাকচ কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতে মহম্মদ খাইৰুল ইছলামক ডিটেনচন কেম্পলৈ প্রেৰণ কৰা হয়৷ ২০১৮ চনৰ ১৬ আগষ্টত অবৈধ বিদেশীজনক মৰিগাঁও জিলা প্রাথমিক শিক্ষা বিষয়াই এক নির্দেশযোগে চাকৰিৰ পৰা নিলম্বন কৰে৷ ডিটেনচন কেম্পত দুবছৰকাল কটোৱাৰ পাছত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক (সীমান্ত)–এ ২০২০ চনৰ ১৭ আগষ্টত মহম্মদ খাইৰুল ইছলামক মোকলাই দিয়ে৷ অবৈধ বিদেশী খাইৰুল ইছলাম চাকৰিত বাহাল থকাটো সম্ভৱপৰ নেকি, সেই দিশ পর্যালোচনা কৰাৰ বাবে এখন তদন্ত সমিতি গঠন কৰি দিয়াৰ সমান্তৰালভাৱে সংশ্লিষ্ট ব্যক্তিজনলৈ বিভাগীয়ভাৱে কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰা হয়৷ ২০২৪ চনৰ ১ মার্চত মহম্মদ খাইৰুল ইছলামে কাৰণ দর্শোৱা জাননীৰ উত্তৰ দিয়ে যদিও সেয়া সন্তোষজনক নহ’ল৷ ইয়াৰ পূর্বে ২০২৪ চনৰ ১৭ ফেব্রুৱাৰীত তদন্ত সমিতিয়ে প্রতিবেদন দাখিল কৰে৷ ইয়াৰ পৰৱর্তী প্রক্রিয়া হিচাপে মহাধিবক্তাৰ পৰা প্রাথমিক শিক্ষা বিভাগে গ্রহণ কৰে আইনী মতামত৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে দেশত চৰকাৰী চাকৰি লাভ কৰিবলৈ হ’লে প্রাথমিক আৰু প্রধান চর্তটোৱেই হ’ল প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব৷ এই কথা সংবিধানৰ ৫–৮নং অনুচ্ছেদেও স্পষ্ট কৰি দিছে৷ কিন্তু মহম্মদ আব্দুৰ ৰছিদ আৰু মহম্মদ খাইৰুল ইছলাম বিদেশী ন্যায়াধিকৰণৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত অবৈধ বিদেশী নাগৰিক হিচাপে চিহ্ণিত হৈছে৷ দুয়োজনেই ন্যায়ালয়ৰ মজিয়াত ভাৰতীয় নাগৰিকত্ব প্রমাণ কৰিব নোৱাৰিলে৷ মূলতঃ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে দুয়োকে চাকৰিৰ পৰা বর্খাস্ত কৰিছে৷ এই নির্দেশনা বিদেশী ন্যায়াধিকৰণে ৰায় দিয়া দিনটোৰ পৰাই কার্যকৰী হ’ব বুলি কোৱা হৈছে যোৱা ২৪ ডিচেম্বৰত জাৰি কৰা ক্রমে ইচিএফ–২৭৭৫৭১/১০৫ আৰু ইচিএফ–২৭৭৬৬৬/১০৫ নম্বৰৰ নির্দেশ দুটাত৷

You might also like