অসম হৈ বাংলাদেশী যুৱতী–মহিলাক দিল্লীলৈ নি বেশ্যাবৃত্তিত নিয়োগ
🔹 হত্যাকাণ্ডৰ গোচৰৰ পম খেদি দিল্লী আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য
🔹 দুধনৈত জালত পৰে সৰবৰাহকাৰীৰ মাষ্টাৰমাইণ্ড আমিনুল
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : দেশৰ ৰাজধানীত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ পম খেদি বিস্ফোৰক তথ্য উদ্ঘাটন কৰিছে দিল্লী আৰক্ষীয়ে৷ সীমান্তৰে অবৈধভাৱে প্রৱেশ কৰাই মেঘালয়–অসম হৈ বাংলাদেশী যুৱতী–মহিলাক দিল্লীলৈ নি বেশ্যাবৃত্তিত নিয়োগ কৰে আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রই৷ এই ঘটনা এবাৰ বা দুবাৰ নহয়, সীমান্তত পহৰাৰত বিএছএফ–আৰক্ষীৰ চকুত ধূলি দি আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রই কিমানবাৰ সংঘটিত কৰিছে, তাৰ হিচাপ নাই৷ যোৱা অক্টোবৰ মাহত দিল্লীত সংঘটিত হত্যাকাণ্ডটোৰ তদন্তৰ আঁত ধৰি আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রৰ কু–কার্য উন্মোচিত কৰাৰ সমান্তৰালভাৱে দিল্লী আৰক্ষীয়ে পৰহি বিয়লিৰ ভাগত গোৱালপাৰা জিলাৰ দুধনৈৰ দামৰাৰ পৰা এজন লোকক গ্রেপ্তাৰ কৰে৷ দুধনৈ আৰক্ষীৰ সহযোগত গ্রেপ্তাৰ কৰা আমিনুল ইছলাম নামৰ কৃষ্ণাইৰ বাসিন্দা এই লোকজন হৈছে আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রটোৰ অন্যতম মাষ্টাৰমাইণ্ড৷ তদন্তকালত দিল্লী আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, মেঘালয়ৰ বাঘমাৰা সীমান্তৰে অবৈধভাৱে বাংলাদেশী যুৱতী–মহিলাসকলক প্রৱেশ কৰোৱা হয়৷ তাৰ পিছত দুধনৈ–কৃষ্ণাই হৈ বঙাইগাঁও ষ্টেচনৰ পৰা ৰে’লযোগে এই মহিলা–যুৱতীসকলক প্রেৰণ কৰে দিল্লীলৈ৷ দিল্লীত আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রটোৰ আন এজেণ্টে মহিলা–যুৱতীসকলক নিয়োজিত কৰিবলৈ বাধ্য কৰায় বেশ্যাবৃত্তিত৷ স্বাভাৱিকতে আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রটোৱে ইয়াৰ বিনিময়ত মোটা অংকৰ ধন লাভ কৰে৷ বাংলাদেশৰ মহিলা–যুৱতীক দিল্লীলৈ প্রেৰণৰ ক্ষেত্রত মূল ভূমিকা লৈছিল ধৃত আমিনুল ইছলামে৷ এখন উইংগাৰ বাহনেৰে বাঘমাৰাৰ পৰা বাংলাদেশী মহিলা–যুৱতীক আনি দুধনৈ–কৃষ্ণাই হৈ আমিনুল ইছলামে বঙাইগাঁও ষ্টেচনলৈ লৈ যায় আৰু তাৰ পৰাই প্রেৰণ কৰে দিল্লীলৈ৷ এক কথাত ক’বলৈ গ’লে, বঙাইগাঁও ষ্টেচনক আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রটোৱে ট্রেনজিট হাব হিচাপে ব্যৱহাৰ কৰিছে৷ উল্লেখ্য যে যোৱা অক্টোবৰ মাহত বাংলাদেশী অনুপ্রৱেশকাৰীৰ দালাল তথা যৌনতাৰ বেহা পতা দিল্লীৰ চিণ্টু নামৰ এজন লোকক হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে চিণ্টুৰ ঘৰৰ পৰা জব্দ কৰে ভুৱা আধাৰ, পান আৰু ভোটাৰ কার্ডৰ লগতে বিভিন্ন নথি–পত্র৷ ইয়াৰ পিছতে গোচৰটোৰ তদন্তই নতুন ৰূপ লয়৷ দিল্লী আৰক্ষীয়ে তদন্তকালত ৫ অবৈধ বাংলাদেশী নাগৰিকসহ ১১জনীয়া ভুৱা নথি প্রস্তুত কৰা এটা চক্রক ইতিমধ্যে গ্রেপ্তাৰ কৰে৷ এই চক্রটোৰ স্বীকাৰেক্তিৰ ভিত্তিতে পৰহি বিয়লিৰ ভাগত দিল্লী আৰক্ষীয়ে দামৰাত অভিযান চলায় আৰু আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রৰ এজেণ্ট আমিনুল ইছলামক গ্রেপ্তাৰ কৰে৷ জানিব পৰা মতে, বাংলাদেশী মহিলা–যুৱতী সৰবৰাহত ব্যৱহাৰ কৰা উইংগাৰখনসহ আমিনুল ইছলামক ট্রেনজিট ৰিমাণ্ডত পৰহি নিশাই লৈ গৈছে দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ তদন্তকালত হয়তো আন্তঃৰাষ্ট্রীয় নাৰী সৰবৰাহকাৰী চক্রটোৰ অবৈধ কার্যকলাপ আৰু বাংলাদেশী মহিলা–যুৱতীক দিল্লীত বেশ্যাবৃত্তিত নিয়োজিত কৰাৰ অধিক তথ্য পোহৰলৈ আহিব৷