যুৱতীক পলুৱাই নিবলৈ আহি ধুবুৰীত আটক বাংলাদেশী যুৱক
🔹 ফেচবুকৰ জৰিয়তে যুৱতীৰে গঢ়ি তুলিছিল প্ৰেমৰ সম্পর্ক
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ জুন : যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰত এজন বাংলাদেশী যুৱক কৰায়ত্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰম্ভিক তথ্য অনুযায়ী, সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে গৌৰীপুৰৰ দাৰচৌকা অঞ্চলৰ এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পর্ক গঢ়ি তুলিছিল যুৱকজনে। কালি দাৰচৌকাত উপস্থিত হৈ প্ৰেমিকাক সাক্ষাৎ কৰি পলুৱাই নিয়াৰ চেষ্টা চলাইছিল বাংলাদেশী যুৱকজনে। পিছত প্ৰেমিকাক লৈ গৌৰীপুৰ চহৰৰ পিনে আহি থকাৰ সময়ত গৌৰীপুৰৰেই মাজিপাৰা অঞ্চলৰ একাংশ লোকৰ দুয়োৰে চালচলনত সন্দেহ হয় আৰু যুৱকজনক সোধা-পোছা কৰাত উৰহী গছৰ ওৰ ওলায়। তেতিয়া অঞ্চলটোৰ ৰাইজে আৰক্ষীক খবৰ দিয়াত যুৱকজনক কৰায়ত্ত কৰি গৌৰীপুৰ থানালৈ নিয়ে।
উল্লেখ্য যে, যুৱকজনে নিজকে বাংলাদেশৰ ফেনী জিলাৰ ফুলগাজীৰ পশ্চিম বসন্তপুৰৰ ৰিত্তিক চন্দ্ৰ পাল বুলি জানিবলৈ দিছে। বাংলাদেশৰ এখন পৰিচয় পত্ৰও যুৱকজনৰ পৰা পোৱা গৈছে। ইপিনে, যুৱকজনে বৈধভাৱে নে অবৈধভাৱে আহিছিল, কেতিয়া আহিছিল, কোন ফালেৰে আহিছিল, কিদৰে গৌৰীপুৰৰ ভিতৰুৱা অঞ্চল দাৰচৌকাত উপস্থিত হোৱাৰ বাট-পথ চিনি পালে, যুৱকজনৰ আন কোনো সহযোগী আছিল নেকি আদি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। অৱশ্যে সমগ্ৰ বিষয় সন্দভৰ্ত আৰক্ষীয়ে এতিয়ালৈ আনুষ্ঠানিকভাবে কোনোধৰণৰ মন্তব্য কৰা নাই।