নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত অসম গ্রামীণ বিকাশ বেংকৰ শাখাত চৰম অৰাজকতা

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ মাজুলী জিলাৰ নতুন বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকসকলৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে শাখা পৰিচালকগৰাকী। যাৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে উজনি মাজুলীৰ ৮খন গাওঁ পঞ্চায়তৰ জনসাধাৰণৰ উপৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰো প্ৰায় তিনি-চাৰিখন পঞ্চায়তৰ জনসাধাৰণে উজনি মাজুলীৰ নতুন বজাৰত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একমাত্ৰ শাখাটোতে দীৰ্ঘদীনে লেনদেন কৰি আহিছে যদিও শাখাটোৰ পৰিচালক গৰাকীয়ে গ্ৰাহকসকলৰ সমস্যা সমাধানৰ ক্ষেত্রত দুৰ্বল ভূমিকা পালন কৰাত গ্ৰাহকসকলৰ লগতে স্থানীয় দল-সংগঠনে পৰিচালক গৰাকীক শীঘ্রে বদলি কৰাৰ দাবী উত্থাপন কৰি আঞ্চলিক প্ৰৱন্ধকলৈ স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে উজনি মাজুলী আৰু লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বহু গাৱঁৰ সংযোগ স্থল নতুন বজাৰত অৱস্থিত অসম গ্রামীন বিকাশ বেংক নয়াবজাৰ শাখাটি অতি পুৰণি আৰু একমাত্ৰ বিত্তীয় অনুষ্ঠান। উক্ত শাখাটিত ব্যক্তিগত, ব্যবসায়, ছাত্র-ছাত্রী, বৃদ্ধ পেঞ্চন, অৰুণোদয়, জৱ কার্ড শ্রমিক হিতাধিকাৰী, উন্নয়ন মূলক আঁচনিৰ গ্ৰাহক সকলে লেন-দেন কৰি উপকৃত হৈ আহিছে যদিও বৰ্তমান শাখাটিৰ পৰিচালক গৰাকীয়ে ৰাইজক উপযুক্ত সুবিধা প্রদাণ কৰিব নোৱাৰাত সৰ্বস্তৰৰ জনসাধাৰণ বিতুষ্ট হৈ পৰিছে। বর্তমান গ্ৰাহক সকলে সন্মুখীন হৈ থকা অসুবিধা সমুহৰ ভিতৰত বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰী সকলে লেনদেনৰ ক্ষেত্ৰত উপযুক্ত সুবিধাৰ পৰা বঞ্চিত হোৱা, বহু হিতাধিকাৰী আধাৰ কাৰ্ডৰ লিংক নোহোৱাৰ হেতু লেন-দেন কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ লগতে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হোৱা, লোণ প্ৰদানৰ ক্ষেত্ৰত গ্ৰাহক সকলক সঠিক পৰামৰ্শ দিয়াৰ বিপৰীতে পৰিচালক গৰাকীয়ে বিভিন্ন অজুহাতত দেখুওৱা, লোন একাউণ্ট বন্ধ হোৱাৰ পিছটো NOC চাৰ্টিফিকেত দিয়াৰ ক্ষেত্ৰত প্ৰায় ১-২ মাহ পৰ্যন্ত বিলম্ব কৰা, মৃত ব্যক্তি সকলৰ ধন মুকলাই দিয়াৰ ক্ষেত্ৰত প্ৰতিদিনে বিভিন্ন ধৰণৰ নথি-পত্ৰ বিছাৰি গ্ৰাহক সকলক মানসিক আৰু বৃত্তীয় ভাৱে হাৰাশাষ্টি কৰাকে আদি কৰি বিভিন্ন অভিযোগ উত্থাপিত হৈছে। অন্যহাতে গ্রাহক সকলক লেন-দেনৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত গ্ৰাহকশকলে অসুবিধাৰ সন্মুখীন হৈ অসম গ্রামীন বিকাশ বেংকৰ পৰা নতুনকৈ আৰম্ভ হোৱা ভাৰতীয় ষ্টেট বেংক নয়াবজাৰ শাখালৈ হস্তান্তৰ কৰিব লগা হৈছে। গ্ৰাহকসকলৰ সমস্যাৰ প্ৰতি পিঠি দিয়া শাখা পৰিচালক গৰাকীক শীঘ্রে বদলি কৰি শাখাটো সুচাৰু ৰূপে পালন কৰিব পৰা এজন উপযুক্ত শাখা পৰিচালকক দায়িত্ব দিবলৈ জাতীয় দল-সংগঠন আৰু গ্ৰাহকসকলে সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনোৱাৰ লগতে মাজুলী জিলা প্ৰশাসনকো বিষয়টো বিবেচনা কৰি যাৱতীয় ব্যবস্থা গ্ৰহণৰ আহ্বান জনাইছে।

প্ৰেৰক ৰূপজ্যোতি বৰা

You might also like