বিজেপিৰ দুৰন্ত যাত্রা আৰম্ভ
কৰিমগঞ্জত বিজেপিৰ হাইপ্রফাইল কার্যনির্বাহকত বিধানসভাৰ ৰণকৌশল প্রস্তুত
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ বৰাকৰ পৰাই ২০২১ৰ নির্বাচনী ৰণডংকা বজালে বিজেপিয়ে৷ কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত কার্যনির্বাহকত প্রস্তুত হ’ল মিছন ১০+ৰ ৰণকৌশল৷ উল্লেখ্য যে বিধানসভা নির্বাচনত বৰাকৰ ১৫খন আসনক লক্ষ্য কৰি বিশেষভাৱে তৎপৰ হোৱা শাসকীয় দলটোৱে এইবাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত অতি কমেও ১২খন আসন দখলৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ মুখ্যতঃ এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে কৰিমগঞ্জত আজিৰে পৰা অনুষ্ঠিত হৈছে দুদিনীয়া গুৰুত্বপূর্ণ কার্যনির্বাহক সভা৷ সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ঘোষণা– ‘মিছন–২০২১ৰ দিশত বিজেপিয়ে দুৰন্ত গতিৰে যাত্রা কৰিছে৷ এই মিছনৰ যাত্রা পৰিপূর্ণ কৰিবলৈ দল ঐক্যবদ্ধ আৰু পূর্ণোদ্যমে সাজু হৈছে৷ বৰাক–ব্রহ্মপুত্র দুয়োটা উপত্যকাতে এইবাৰ বিজেপিয়ে জয় নিশ্চিত কৰিবলৈ সক্ষম হ’ব৷’ আজি পুৱা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলনেৰে আৰম্ভ কৰা কার্যনির্বাহকখনত আদৰণী ভাষণ আগবঢ়ায় কৰিমগঞ্জ জিলাৰ সভাপতি সুব্রত ভট্টাচার্যই৷ সন্ধিয়া দলৰ জ্যেষ্ঠ নেতা, কার্যকর্তা আৰু বিষয়ববীয়াসকলক সম্বোধি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ দি কয়– বৰাক আৰু ব্রহ্মপুত্রৰ প্রতিগৰাকী লোকৰ উন্নয়নৰ বাবে কাম কৰি যোৱা এই চৰকাৰখনে দুয়োটা উপত্যকাৰ মানুহৰ মানসিক দূৰত্ব হ্রাস কৰিবলৈ সক্ষম হৈছে৷ বিজেপিক এতিয়া সকলো জাতি–জনগোষ্ঠীৰ লোকে আদৰি লৈছে৷ উল্লেখ্য যে মিছন ১০+ৰ লক্ষ্যৰে বিশেষভাৱে তৎপৰ হৈ পৰা শাসকীয় দলটোৱে উজনি অসমৰ পাছতে আজিৰ হাইপ্রফাইল কার্যনির্বাহকৰ জৰিয়তে বৰাকত দলীয় শক্তি শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে পদক্ষেপ৷ আনহাতে, জাতি–মাটি–ভেটি সুৰক্ষাৰ শ্লোগানেৰে আজিৰ কার্যনির্বাহক সভাত সন্দেহযুক্ত বাংলাদেশীৰ আগ্রাসনৰ বিৰুদ্ধেও গ্রহণ কৰা হয় ৰাজনৈতিক প্রস্তাৱ৷ এই ৰাজনৈতিক প্রস্তাৱৰ জৰিয়তে বিজেপিৰ স্পষ্ট ঘোষণা– বিজেপিৰ ১০+ মাত্র এটা শ্লোগান নহয়, এয়া অসমৰ বর্তমানৰ ৰাজনৈতিক পৃষ্ঠভূমিত অতিকৈ জৰুৰী এক অভিযান৷ দলৰ সাধাৰণ সম্পাদক তথা শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে উত্থাপন কৰা এই ৰাজনৈতিক প্রস্তাৱত উল্লেখ কৰে যে বিধানসভাৰ এটা এটাকৈ সমষ্টি অতি সুপৰিকল্পিতভাৱে খিলঞ্জীয়াৰ হাতৰ পৰা কাঢ়ি লোৱাৰ গভীৰ ষড়যন্ত্র চলিছে৷ কংগ্রেছ–এ আই ইউ ডি এফকে ধৰি নতুনকৈ জন্মলাভ কৰা ৰাজনৈতিক দলসমূহেও প্রত্যক্ষ বা পৰোক্ষভাৱে এই ভয়ংকৰ ষড়যন্ত্রৰ অংশীদাৰ৷ অসমৰ ৰাজনৈতিক ক্ষমতা প্রকৃত ভাৰতীয় তথা খিলঞ্জীয়াৰ হাতত অটুট ৰখাৰ স্বার্থত বিজেপিয়ে বিশেষ দায়িত্ব গ্রহণ কৰিছে৷ আজি গ্রহণ কৰা ৰাজনৈতিক প্রস্তাৱত এই চৰকাৰৰ দিনতে সন্দেহযুক্ত বিদেশীয়ে বেদখল কৰি থকা সত্র আৰু চৰকাৰী মাটি মুক্ত কৰাত সক্ষম হোৱাৰ কথা উল্লেখ কৰা হয়৷ এন আৰ চিৰ প্রসংগত আজি গ্রহণ কৰা প্রস্তাৱ অনুসৰি ইতিমধ্যে প্রকাশিত এন আৰ চিৰ বিজেপিয়ে বিৰোধিতা কৰিছে৷ কিন্তু আদালতৰ সিদ্ধান্তৰ ওপৰত আস্থা ৰাখি দল আৰু চৰকাৰে ইতিবাচক চিন্তাৰে আগবাঢ়িছে৷
মন কৰিবলগীয়া যে বৰাক দখলৰ লক্ষ্যৰে অনুষ্ঠিত এই কার্যনির্বাহক সভাতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– আগন্তুক নির্বাচনত বৰাকৰ ১৫খন আসনৰ ভিতৰত ১২খন আসনেই দখল কৰিব বিজেপিয়ে৷ প্রায় এসপ্তাহ আগৰে পৰা বৰাকত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্রতিটো সমষ্টিতে দলীয় কার্যসূচীৰে নির্বাচনৰ প্রস্তুতি আৰম্ভ কৰাৰ পাছত আজি অনুষ্ঠিত কার্যনির্বাহকৰ জৰিয়তে বৰাকৰ প্রতিগৰাকী নেতা–কর্মীক নির্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায়৷ কার্যনির্বাহক সভাত ভাষণ প্রদান কৰি সভাপতিগৰাকীয়ে দলীয় কর্মীক হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ আশীর্বাদ লোৱাৰ বাবে আহ্বান জনায়৷ আগন্তুক নির্বাচনত দলে কিদৰে ১০৩–১০৪খন আসন দখল কৰিব, সেয়াও আজি সভাপতি ৰঞ্জিত দাসে দলীয় কার্যকর্তাৰ আগত সবিস্তাৰে বর্ণনা কৰে৷ সেই অনুসৰি বিজেপি আৰু মিত্রজোঁটৰ ৮৭খন আসনৰ লগতে উজনিত কংগ্রেছ–এ আই ইউ ডি এফৰ পৰা বিজেপিয়ে কাঢ়ি আনিব ৮খনকৈ আসন৷ ৰঞ্জিত দাসে কয়– কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা বিজেপিৰ বাবে আশীর্বাদস্বৰূপ৷ এই মিত্রতাই দল দুটাক ২২–২৩খন আসনত সীমাবদ্ধ ৰখাৰ বিপৰীতে উজনি অসমৰ শিৱসাগৰ, নাজিৰা, মৰিয়নি, সৰুপথাৰ, গোলাঘাট, তিতাবৰ, ডুমডুমা আৰু নাওবৈচা এই আঠটা সমষ্টি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ’ব৷ আগন্তুক নির্বাচনত বিজেপিয়ে কিমান ভোট লাভ কৰিব, তাৰ হিচাপ দাঙি ধৰি ৰঞ্জিত দাসে কয়– বিজেপিৰ ৪২ লাখ পঞ্জীভুত সদস্য আৰু ৮ লাখ পঞ্জীয়ন নোহোৱা সদস্যৰে মুঠ সদস্য ৫০ লাখ৷ এই ৫০ লাখ সদস্যই যদি নিজৰ লগতে অতিৰিক্ত এটাকৈও ভোট আনিব পাৰে, তেন্তে বিজেপিয়ে এক কোটিৰো অধিক ভোট লাভ কৰিব৷ তদুপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা ৭ লাখ হিতাধিকাৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক ধৰি ১৪ লাখ ভোট বিজেপিয়ে লাভ কৰিব৷ এই সংখ্যাৰে নিশ্চিতভাৱে এইবাৰ বিজেপিয়ে ১০৩–১০৪খন আসন দখল কৰিবলৈ সক্ষম হ’ব৷ আনহাতে, নতুনকৈ গঠন হোৱা এজেপি বা ৰাইজৰ দলে এখনো আসন দখল কৰিব নোৱাৰে বুলি দৃঢ়তাৰে মন্তব্য কৰে ৰঞ্জিত দাসে৷ আজিৰ কার্যনির্বাহক সভাত ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, বিধায়ক কৃষ্ণেন্দু পাল, সাংসদ তপন গগৈ, পল্লৱলোচন দাস আদিকে কৰি দলৰ সকলো বিধায়ক, সাংসদ আৰু জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে৷ কাইলৈ কার্যনির্বাহক সভাত ভাষণ প্রদান কৰিব কেন্দ্রীয় সাংগঠনিক সম্পাদক অজয় জামৱালে৷ আনহাতে, মর্চাৰ সভাপতিসকলে তেওঁলোকৰ কাম–কাজৰ প্রতিবেদন দাখিল কৰিব৷ পুৱাৰ ভাগত দলীয় কার্যকর্তাক সম্বোধন কৰিব নৱনিযুক্ত প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই৷ সামৰণী ভাষণ প্রদান কৰিব ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷