নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰমাত মৰাপাগলাদিয়াৰ সংহাৰী ৰূপে ছিঙিলে মথাউৰি

নিয়মীয়া বাৰ্তা, ২১ জুন : বানৰ বিভীষিকাই সম্প্ৰতি ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে। আজি পুৱতি নিশা বাকসা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰমা-পাখামাৰা পথৰ কালজাৰৰ নিউ চাইকেল ষ্টোৰৰ পিছফালেৰে মথাউৰিৰ ওপৰেৰে ওফন্দি অহা পানী আৰু আলাগজাৰ চাৰানপাৰাত  মথাউৰি চিগি মৰা পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে  নদীখনৰ পূৱ আৰু পশ্চিম দুয়োটা ফালে বিভীষিকাৰ সৃষ্টি কৰে। বৰমা-পাখামাৰা পথৰ কালজাৰত মথাউৰিৰ ওপৰেৰে পানী বাগৰি নিউ চাইকেল ষ্টোৰ, বি. কে ফাৰ্নিছিং দোকানৰ কেইবালক্ষ টকাৰ সামগ্ৰী বিনস্ত হোৱাৰ লগতে নদী কাষৰীয়া পৰিয়ালবোৰ পানীত ডুৱ যায়। আনফালে বৰমাৰ আলাগজাৰ চাৰানপাৰাত মথাউৰিৰ এটা বহল অংশ চিগি যোৱাত হোৰাহোৰে নৈৰ পানীয়ে জনবসতিপ্ৰধান অঞ্চললৈ গতি কৰে। মৰা পাগলদিয়া নৈৰ দুয়োটা ফালে চিগি যোৱাৰ ফলত পূৱ প্ৰান্তত থকা আলাগজাৰ,চাৰানপাৰা, বৰমা কলেজ ৰোড,নলবাৰী জিলাৰ অন্তৰ্গত বৰজাৰ, সুৰাদী, দীপ্তা আদি অঞ্চল প্লাৱিত হয়। কলেজ ৰোডত গছ বাগৰি আহুকালৰ সৃষ্টি হয়। কলেজ ৰোডৰ বৰমা জাতীয় বিদ্যালয়ৰ গৃহ ভাঙি আচ-বাব বাঢ়নী পানীয়ে উটুৱাই নিয়ে। পুৱতি নিশাই সংহাৰী ৰূপ ধাৰন কৰা মৰা পাগলাদিয়াই  পৰিয়ালৰ ঘৰ ভাঙি, কঠীয়াতলি ডুবাই পেলায়। এছ ডি আৰু এফ বাহিনী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰমা আঞ্চলিক সমিতি, বৰমা আছু তথা স্বেচ্ছাসেৱক বাহিনীয়ে পানীৰ মাজত আৱদ্ধ লোকক উদ্ধাৰ কৰে। ইফালে মৰাপাগলদিয়াৰ পশ্চিম প্ৰান্তত মাথাউৰিৰ ওপৰেৰে কেইবাঠাইতো পানী বাগৰি  বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত কালজাৰ,মূৰমেলা,ভোগপুৰ,নপ্তিপাৰা,মাধাপুৰ আদি গাওঁৰ পথাৰ বানৰ কৱলত পৰে। স্থানীয় লোকে তৎপৰতাৰে তাত ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। মৰাপাগলদিয়া নৈৰ ওচৰতে থকা বাসগৃহবোৰত দেখা গৈছে একাঠু পৰ্যন্ত পানী। ইয়াৰোপৰি আজি পুৱা পাঁচ বজাত নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দকাউনীয়া উত্তৰ বালিত পকী মথাউৰি বাঢ়নী পানীয়ে চিগি নিয়ে। ফলত দহকাউনীয়া, উত্তৰ বালি, ৰতনপুৰ বিষ্ণুপুৰ শিয়ালমাৰী আদি গাঁৱ বাঢ়নী পানীত ডুৱ যায়। নেৰানেপেৰা বৰষুণত মৰা পাগলাদিয়াৰ জলস্তৰ বৃদ্ধি হোৱা বাবে ব্লকেৰে নিৰ্মিত মথাউৰিও বাঢ়নী পানীত চিগি যায়। নৱ প্ৰভাত গ্ৰাম্য আৰ্থ সামাজিক উনমনয়ন সমিতি আৰু বৰমা আছুৱে কালজাৰ, আলগজাৰ, বৰজাৰৰ বানপীড়িত লোকৰ মাজত খিচিৰি বিতৰন কৰে। স্থানীয় বিধায়ক ভূপেন বড়ো আৰু বৰমা ৰাজহ চক্ৰ বিষয়া মিনাক্ষী বৰ্মনে পৰিস্থিতিৰ বুজ লৈ ৰাইজক সহায় কৰি আহিছে। সম্প্ৰতি বৰমা ছোৱালী হাইস্কুলত  প্ৰশাসনৰ উদ্যোগত এটি শিৱিৰ স্থাপন কৰিছে বুলি জানিব পৰা গৈছে। বৰষুণ নকমিলে পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে স্থানীয় লোকে।
প্ৰেৰক পংকিল বৰ্মন
You might also like