উদুলি-মুদুলি পৰিৱেশত ২৭ গৰাকী পুৰুষ-মহিলাক শৰণ
বিশেষ বাৰ্তা, বৰগাং, ১৫ মাৰ্চঃ বিহালী ৰাংচালীত কালি পুৱাৰে পৰা এক উদুলি-মুদুলি পৰিৱেশত গাওঁখনৰ ২৭ গৰাকী পুৰুষ-মহিলা সমন্বিতে ভকতক শৰণ দিয়া হয়। মায়ামৰা সমাজৰ মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ কন্ঠ চাবোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শুভ গোস্বামী বাপে ৰাংছালীত পুৰুষ আৰু মহিলাসহ ২৭ গৰাকী ভকতক শৰণ দিয়ে। মদাসাত নামঘৰৰ পৰা গাওঁখনৰ পৰা নাম-প্ৰসংগৰে শতাধিক ভক্তপ্ৰাণ ৰাইজ দাঁতি কাষৰ ব্ৰহ্মপুত্ৰ নদীলৈ এক নান্দনিক দৃশ্যৰ অবতাৰণা কৰি শোভাযাত্ৰা কৰি যায় আৰু সম্পূৰ্ণ নীতি-নিয়ম অনুযায়ী আটাইকেইগৰাকী ভকতক শৰণ দিয়ে। গুৰুজনাক গাওঁখনৰ প্ৰায় সকল ভক্তপ্ৰাণ ৰাইজে পদূলিত ধূপ-ধুনা জ্বলাই সেৱা লৈ তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ভক্তপ্ৰাণ ৰাইজৰে পৰিপূৰ্ণ বিহালীত ৰাংচালী আৰু টেলেঙনীয়াৰ মায়ামৰা সমাজখনক লৈ বিহালীবাসী ৰাইজে সদায়ে গৌৰৱ অনুভৱ কৰে। কালি পুনৰ এক গৌৰৱময় অধ্যায়ৰ সূচনাৰ প্ৰতিফলন ঘটে।