নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিপথাৰত আবদ্ধ পানী মুকলি বৰক্ষেত্ৰী প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খালিহাপাৰা চাকলা গাঁৱৰ পথাৰত আজি বৰক্ষেত্ৰী প্ৰশাসনে ব্যক্তিগত খণ্ডৰ পুখুৰীৰ বান্ধ কাটি পানী কৃত্ৰিম বানত আৱদ্ধ হৈ থকা অতিৰিক্ত পানী ভাগ উলিয়াই দি বানমুক্ত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে বনপুৰা,নাৰুৱা,কালদিকে ধৰি ভিন্ন প্ৰান্তত পানী ওলাই যোৱা পথ সমূহৰ বন্ধ কালভাৰ্টসমূহ খুলি দি কৃষককৰ সমস্যা সমাধান কৰিছিল বৰক্ষেত্ৰী প্ৰশাসনে। বৃহস্পতিবাৰে পুণৰ খেতি পথাৰৰ পানী নিষ্কাষনৰ বাবে খালিহাপাৰা- চাকলা গাওঁৰ কেইবাটাও পুখুৰীৰ বান্ধ কাটি কৃষকৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰে বৰক্ষেত্ৰী প্ৰশাসনে। উল্লেখযোগ্য যে একাংশ লোকে নিজৰ সুবিধাৰ বাবে পানী ওলাই যোৱা পথ সমূহ বন্ধ কৰি ৰখাৰ বাবে  পথাৰত কৃত্ৰিম বানৰ সৃষ্টি হৈ আছিল। যাৰ ফলত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত  কান্ধবাৰী,দাগাপাৰা,দৰঙ্গীপাৰা,বালিকুচি,সূতাৰকুছি,ঘোগা আদি কেইবাখনো গাওঁৰ কৃষকে খেতি পথাৰত শালি ধানৰ খেতি কৰিবলৈ পৰা নাই বুলি একাংশ লোকে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিছিল। চক্ৰ বিষয়া কৌস্তৱ ৰয়ে পৰিস্থিতিৰ বুজ লৈ আজি চক্ৰ বিষয়া গৰাকীৰ নেতৃত্বত মুকালমুৱা আৰক্ষীৰ সহযোগত খালিহাপাৰা চাকলা গাওঁত পানী নিষ্কাষনৰ বাবে কেইবাটাও পুখুৰীৰ বান্ধ খুলি দিয়ে। চক্ৰ বিষয়া কৌস্তভ ৰয়ে জানিবলৈ দিয়া মতে-পানী নিষ্কাষনৰ বাবে এই পদক্ষেপ পৰ্যায় ক্ৰমে অব্যাহত থাকিব। কৃষক সকলে খেতি কৰিব পৰাকৈ জলমগ্ন খেতিপথাৰ সমূহৰ পৰা অতিৰিক্ত পানীভাগ উলিয়াই দিয়াত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তৱ ৰয়ে দেখুওৱা তৎপৰতাই কৃষক সকলৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱাৰ আশা কৰিছে অঞ্চলটোৰ কৃষক সকলে।উল্লেখ্য যে ভাদ মাহৰ আধাদিন পাৰ হোৱাৰ সময়তো বৰক্ষেত্ৰী কৃষি মহকুমাৰ প্ৰায় ১০ হেজাৰ বিঘা মাটিত কোনো এগৰাকী কৃষকেই এই পৰ্যন্ত শালিধানৰ খেতি কৰিবলৈ পৰা নাই।
প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা
You might also like