বৰপেটা সত্রৰ ভূমিৰ চৌহদৰ খুঁটি উভালিলে শ্বেৰমানে
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ বিজেপি চৰকাৰ গ’লেই হয়তো তালিবানতকৈও কঠোৰ হ’ব বিধায়ক শ্বেৰমান আলী আহমেদ৷ বৰপেটা সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা লোকসকললৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ তালিবানী ভাষাৰে চৰম সকীয়নি– বিজেপি চৰকাৰ গ’লেই সত্রৰ ভূমি উচ্ছেদৰ সৈতে জডিতসকলৰ ওপৰত লোৱা হ’ব কঠোৰতকৈও কঠোৰতম প্রতিশোধ৷ উল্লেখ্য যে বৰপেটা সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন৷ এই আবেদনৰ পাছতেই বৰপেটা সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নির্দেশক্রমে জিলা প্রশাসন তৎপৰ হৈ পৰাৰ সময়তেই ইতিপূর্বে মিঞা মিউজিয়াম–নীলা লুঙীৰ পৃষ্ঠপোষক বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্রদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্রতিক্রিয়া৷
বিধায়কগৰাকীৰ সকীয়নি– সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ চলিলেই অনাগত দিনত লোৱা হ’ব কঠোৰতকৈও কঠোৰতম প্রতিশোধ৷ ইতিমধ্যে বিধায়ক শ্বেৰমান আলী আহমেদৰ এটা উচটনিমূলক ভাষণৰ ভিডি’ ভাইৰেল হৈ পৰাৰ পাছতেই বৰপেটাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ উল্লেখ্য যে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্রৰ ১নং বৰদলনি গাঁৱত ৪১৩নং দাগত থকা বৰপেটা সত্রৰ ৪০ বিঘা ভূমিত চলা বেদখল উচ্ছেদ প্রক্রিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্র বিষয়াই৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্রৰ ভূমি জোখ–মাপ কৰি মাটিৰ চাৰিওদিশে খুঁটা পুতি থৈ আহিছিল ৰাজহ চক্র বিষয়াই৷ আনকি বেদখলকাৰীসকলক সত্রৰ ভূমিৰ পৰা আঁতৰি যোৱাৰো জাননী জাৰি কৰিছিল৷ পিছে যোৱানিশা বিধায়ক শ্বেৰমান আলী আহমেদ উক্ত বেদখলী ভূমিত উপস্থিত হৈ প্রশাসনে পুতি থৈ অহা খুঁটি নিজহাতে উভালি পেলাই উক্ত লোকসকলক সত্রৰ বেদখলী ভূমিত নিশ্চিন্তে থাকিবলৈ আহ্বান জনায়৷ ইয়াতেই ক্ষান্ত নাথাকি বিধায়কগৰাকীয়ে সত্রৰ ভূমি উচ্ছেদৰ পক্ষত থকা লোকসকললৈ দিয়ে চৰম সকীয়নি৷
তালিবানতকৈও কঠোৰ ভাষাৰে ৰাজ্যৰ এগৰাকী জনপ্রতিনিধি বিধায়ক শ্বেৰমান আলী আহমেদে বিজেপি চৰকাৰ যোৱাৰ পাছতেই কঠোৰতকৈও কঠোৰতম প্রতিশোধ ল’ম বুলি ভাবুকি দিয়ে৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নাম নোলোৱাকৈয়ে বিধায়ক শ্বেৰমান আলী আহমেদে ভাষণৰ আৰম্ভণিতে ক’লে– ‘নিজৰ ইচ্ছা মতে বাঘবৰ সমষ্টিত নহ’ব৷ আপোনালোকে নিশ্চিন্ত থাকক৷ যেতিয়ালৈকে মই জীয়াই আছেছা, ইনছাআল্লা, আপোনালোক শান্তিত টোপনি মাৰক৷… আপোনালোকে মোক ভোট দিছেতো৷ মই আগতে মৰিম, তাৰ পাছত আপোনালোকৰ কিবা ক্ষতি হ’ব৷’
ইপিনে বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কার্যত আশ্চর্য প্রকাশ কৰিছে বাঘবৰ ৰাজহ চক্র বিষয়া সোণবৰ চুতীয়াই৷ তেওঁ বিধায়কগৰাকীক প্রশাসনক সহযোগ কৰাৰ বাবে আহ্বান জনায়৷ ইপিনে, ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্রৰ ভূমিৰ লগতে মন্দিয়াত থকা মহাপুৰুষীয়া সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ চলিব বুলি সদৰী কৰে ৰাজহ চক্র বিষয়া সোণবৰ চুতীয়াই৷ শেহতীয়াভাৱে বিধায়কগৰাকীয়ে সত্রৰ ভূমিৰ সীমাৰ খুঁটা উভালি পেলোৱাৰ পাছতেই আজি বৰপেটা সত্র পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হৈ বিধায়কগৰাকীৰ কার্য আৰু মন্তব্যৰ নিন্দা কৰে৷ এয়া বৰপেটা সত্রবাসীক প্রদান কৰা ভাবুকি বুলিও মন্তব্য কৰে সত্র পৰিচালনা সমিতিয়ে৷