নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থিয়নামেৰে সামৰণি সত্ৰনগৰী বৰপেটাৰ বহাগ বিহুৰ

বাৰ্তা ব্যুৰো, ২১ এপ্ৰিলঃ সত্ৰনগৰী বৰপেটাত ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা সাতদিনীয়া বহাগ বিহুৰ আজি থিয়নামেৰে সামৰণি পৰে৷ বৰপেটা সত্ৰৰ কৰাপাট (দালান) ৰ সন্মুখত আজি বিয়লি হাটীগোটৰ দ্বাৰা অনুষ্ঠিত থিয়নামৰ পিচতে সামৰণি পৰে সাতদিনীয়া বহাগ বিহুৰ৷ উল্লেখ্য যে চ’ত মাহৰ শেষৰ দিনটোৰ পৰা ব’হাগৰ ছয়দিনলৈ বৰপেটা সত্ৰত বহাগ বিহু ব’হাগৰ দোমাহী হিচাপে পালন কৰা হয় ৷ বৰপেটা সত্ৰত বহাগৰ দোমাহীৰ অন্ত পৰাৰ পিছত আজি বৰপেটা সত্ৰৰ কৰাপাট(দালান)ৰ সমুখত বৰপেটাৰ ২২ খন হাটীৰ বাপুসকলে আয়োজন কৰে থিয়নামৰ ৷ বৰপেটাৰ থুলহাটী তিনিখন ক্ৰমে থুল দক্ষিণহাটী,থুল নহাটী আৰু থুল উত্তৰহাটীয়ে ‘সমূহ’ৰ আজ্ঞা লৈ বৰ শৰাই,বৰ চৰিয়া পাতি তিনিখনকৈ নামৰ থলী সজাই তোলে ৷ এই নামৰ থলীতে বিভিন্ন হাটীৰ বাপুসকলে পৰিবেশন কৰে থিয়নাম ৷  অগণন ভক্তই সেই নামৰ থলীত গুৰ,চেনী,গুৱামুৰি আদি নৈবদ্য স্বৰূপে আগবঢ়াই সেৱা জনোৱা পৰিলক্ষিত হয়৷গধূলী নামৰ অন্তত যথাক্ৰমে দক্ষিণহাটী,নহাটী আৰু উত্তৰহাটীৰ বাপুসকলে বাট বুলনি ঘোষা গাই সত্ৰত প্ৰবেশ কৰে ৷ সত্ৰৰ মঠৰ চোতালত দক্ষিণহাটীৰ বাপুসকলে থান বন্দনী ঘোষা গোৱাৰ লগতে প্ৰাৰ্থনাৰ ঘোষা গায় ৷ নহাটী আৰু উত্তৰহাটীৰ বাপু সকলেও মঠৰ চোতালত প্ৰাৰ্থনাৰ ঘোষা গায়৷ পিছত সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে আশীৰ্বাদ প্ৰদান কৰি সকলোৰে মংগল কামনা কৰে ৷ ইপিনে নৈবদ্য স্বৰূপে ভক্তসকলে আগবঢ়োৱা চেনী, গুৰ আদি প্ৰত্যেক হাটীৰ ভাগ থকা ভকতসকলৰ মাজত বিতৰণ কৰা হয়৷ এই থিয়নামত সত্ৰনগৰী বৰপেটাৰ সমূহ ৰাইজ উপস্হিত থাকে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like