নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য’তে–ত’তে দ’মে দ’মে ওলাল চাকৰিৰ বেহাৰ ধন; বৰপেটা–বঙাইগাঁও– উদ্ধাৰ ৫.৩৬ কোটি

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ সমগ্র ৰাজ্য তোলপাৰ কৰি ৰখা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ নিযুক্তিৰ অবৈধ বেহাত দালাল চক্রই কোটি কোটি টকা সংগ্রহ কৰাৰ সত্যতা প্রতিপন্ন হ’ল৷ ইতিমধ্যে ধৃত এই কেলেংকাৰিটোৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলী আৰু সৰোজ শর্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে পুৱতিনিশা বৰপেটা–বঙাইগাঁও– অতর্কিতে অভিযান চলাই আৰক্ষীয়ে ৫.৩৬ কোটিতকৈও অধিক টকা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে অভিযান চলোৱা নির্দিষ্ট ঘৰকেইটাৰ ভিতৰত থকা বিছনা–আলমাৰিত ওলাল দ’মে দ’মে টকা৷

দালাল চক্রই চাকৰি প্রার্থীৰ পৰা সংগ্রহ কৰি য’তে–ত’তে লুকুৱাই ৰখা বাণ্ডিলে বাণ্ডিলে ২০০০ টকীয়া, ৫০০ টকীয়া, ২০০ টকীয়া আৰু ১০০ টকীয়া নোট উদ্ধাৰ হোৱাক কেন্দ্র কৰি ব্যাপক চাঞ্চল্য সৃষ্টি হোৱাৰ মাজতে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ইতিমধ্যে গ্রেপ্তাৰ হোৱা ৰুবুল হাজৰিকা আৰু সৰোজ শর্মাই জেৰাকালত সদৰী কৰা তথ্যৰ ভিত্তিত অভিযান চলোৱাৰ কথাটো নিশ্চিত কৰে৷ অৱশ্যে সংবাদ মেলখনত উপস্থিত থকা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে কয় যে উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ধনৰাশি এছ আই চাকৰি প্রার্থীৰ পৰা সংগৃহীত নে আন কোনো উৎসৰ, সেই বিষয়টো তদন্তৰ আওতাত সামৰি লোৱা হৈছে৷

উল্লেখ্য যে বৰপেটা, বঙাইগাঁও, অভয়াপুৰী আৰু চিৰাঙত চলোৱা অভিযানকালত আৰক্ষীয়ে মুঠ ৫,৩৬,৮৮,৬৪০ টকা উদ্ধাৰ কৰাৰ উপৰি দুজন লোকক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ জালত পৰা এই লোক দুজন হৈছে দেৱৰাজ দাস আৰু ৰূপম দাস৷ ধৃত দুয়োজনেই ৰে’লৱেৰ কর্মচাৰী৷ প্রাপ্ত তথ্য অনুসৰি বৰপেটা জিলাৰ উপ–আৰক্ষী অধীক্ষক (সদৰ) মদন চন্দ্র কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পুৱতিনিশা প্রায় ৩.৩০ বজাত বৰপেটা চহৰৰ গান্ধীনগৰৰ বাসিন্দা তথা নিউ বঙাইগাঁৱত ৰে’লৱেৰ মেকানিকেল বিভাগত লকো ইঞ্চপেক্টৰ হিচাপে কর্মৰত দেৱৰাজ দাসৰ ঘৰত অভিযান চলায়৷ এই অভিযানকালত আৰক্ষীয়ে ১,৮৫,০৫,৭৪০ নগদ ধন উদ্ধাৰ কৰাৰ লগতে দেৱৰাজ দাসক গ্রেপ্তাৰ কৰে৷ ধৃত দেৱৰাজ দাসে বিছনাৰ তুলিৰ তলত আৰু আলমাৰিৰ ভিতৰত এই বৃহৎ পৰিমাণৰ ধনৰাশি লুকুৱাই ৰাখিছিল৷ এছ আই কেলেংকাৰিৰ সৈতে দেৱৰাজ দাসৰ যোগসূত্র বিচাৰি পাইছে আৰক্ষীয়ে৷

অভিযানকাৰী দলৰ এক সূত্রই জানিবলৈ দিয়া মতে, আজিৰ দিনটোতে বঙাইগাঁৱত গ্রেপ্তাৰ কৰা ৰূপম দাসৰ লগত দেৱৰাজ দাসৰ ঘনিষ্ঠ সম্পর্ক আছে৷ এছ আই পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলীৰ অতি ঘনিষ্ঠ ৰূপম দাস৷ ৰূপম দাসৰ জৰিয়তে দেৱৰাজ দাসে এছ আই কেলেংকাৰিত জড়িত হৈ পৰিছিল৷ বহুকেইজন চাকৰিপ্রত্যাশীৰ পৰা দেৱৰাজ দাসে সংগ্রহ কৰিছিল বৃহৎ পৰিমাণৰ ধনৰাশি৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে বৰপেটা চহৰৰ বিভিন্ন স্থানত দেৱৰাজ দাসৰ ভূ–সম্পত্তি আছে৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্র একতা সভাৰ প্রাক্তন উপ–সভাপতি দেৱৰাজ দাসে ৰে’লৱেত চাকৰি লাভ কৰাৰ পাছতে অতি কম দিনৰ ভিতৰতে গঢ়ি তোলে অগাধ ধন–সম্পত্তি৷ কেনেদৰে অতি কম সময়ৰ ভিতৰতে এই ব্যক্তিজনে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিবলৈ সক্ষম হ’ল, সেয়া ৰহস্যজনক৷ বাতৰি লিখাপর্যন্ত বৰপেটা সদৰ থানাত ধৃত দেৱৰাজ দাসক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

ইফালে, আৰক্ষীৰ অভিযানত বঙাইগাঁৱতো উদ্ধাৰ হয় বাণ্ডিলে বাণ্ডিলে টকা৷ বিয়লি প্রায় ২.৩০ বজাত বঙাইগাঁৱৰ নিজ ৰে’লৱে কলনীৰ ২০৪/এ নম্বৰ আৱাসটোত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৫,৪৬,৫০০ টকা৷ এই অভিযানটোৰ নেতৃত্ব দিছিল বঙাইগাঁও জিলাৰ উপ–আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰীয়ে৷ জানিব পৰা মতে, ইয়াৰ পূর্বে পুৱতিনিশা ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলীৰ ঘনিষ্ঠ ৰে’লৱে কর্মচাৰী ৰূপম দাসৰ বঙাইগাঁও চহৰৰ সমীপৱর্তী দোলাইগাঁৱৰ ঘৰত আৰু নতুনপাৰাত থকা ফ্লেটত আৰক্ষীয়ে অভিযান চলাইছিল৷ নতুনপাৰাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰূপম দাসক৷ ৰূপম দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভয়াপুৰীৰ বড়িগাঁওস্থিত তেওঁৰ শহুৰেক তৰণীকান্ত বণিক্যৰ ঘৰত অভিযান চলাই ৩,৩৩,৩৬,৪০০ টকা উদ্ধাৰ কৰে৷ তদুপৰি বিয়লি প্রায় ২.৩০ বজাত ৰূপম দাসৰ সৈতে একেলগে চাকৰি কৰা প্রদীপ মজুমদাৰৰ ২০৪/এ নম্বৰৰ আৱাসৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১৫,৪৬,৫০০ টকা৷ বঙাইগাঁও আৰক্ষীৰ এক সূত্রই দাবী কৰা অনুসৰি এছ আই পদৰ নিযুক্তিৰ নামত এই ধনৰাশি সংগ্রহ কৰা হৈছিল আৰু চি আই ডি–ক্রাইম ব্রাঞ্চৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে দালাল চক্রটোৱে বিভিন্ন স্থানত লুকুৱাই ৰাখিছিল৷ ইফালে, উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাস আৰু অভয়াপুৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দীপক শইকীয়াৰ নেতৃত্বত পুৱতিনিশা এটা দল অভয়াপুৰীৰ বড়িগাঁৱৰ বাসিন্দা তথা ৰূপম দাসৰ শহুৰে তৰণীকান্ত বণিক্যৰ বাসগৃহত উপস্থিত হয়৷ সোধা–পোছাৰ অন্তত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্রাপ্ত কর্মচাৰী তৰণীকান্ত বণিক্যৰ ঘৰত আৰক্ষীৰ দলটোৱে তন্ন তন্নকৈ তালাচী চলায় যদিও প্রথমাৱস্থাত কোনো ধৰণৰ সন্দেহজনক সামগ্রী বা নগদ ধন পোৱা নাছিল৷ পিছে তালাচী চলাবলৈ বাকী থকা ষ্টিল আলমাৰিৰ তলা খুলিবলৈ পৰিয়ালৰ লোকক আৰক্ষীৰ তৰফৰ পৰা কোৱা হয়৷ কিন্তু পৰিয়ালৰ লোকে আলমাৰিটোৰ চাবি ৰূপম দাসলৈ বিয়া দিয়া জীয়ৰী তথা বঙাইগাঁৱত থকা বিজয়া বণিক্যৰ হাততহে থকা বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ এনে অৱস্থাত আৰক্ষীয়ে উত্তৰ শালমাৰাৰ কার্যবাহী দণ্ডাধীশ শুভ্রম আদিত্য বৰাৰ সৈতে যোগাযোগ কৰাত তেওঁ তৰণীকান্ত বণিক্যৰ ঘৰত উপস্থিত হয়৷ ইয়াৰ সমান্তৰালভাৱে বিজয়া বণিক্যক পিতৃগৃহলৈ অহাৰ বাবে অভিযানকাৰী আৰক্ষীৰ তৰফৰ পৰা কোৱা হয় যদিও ৬–৭ ঘণ্টা অতিবাহিত হোৱাৰ পাছতো তেওঁ উপস্থিত নহ’ল৷ এইবাৰ আৰক্ষীয়ে বিজয়া বণিক্যক পিতৃগৃহলৈ লৈ অনাৰ ব্যৱস্থা কৰে৷ পিছে বিজয়া বণিক্যই তেওঁৰ হাতত চাবি নথকা বুলি জানিবলৈ দিয়ে আৰক্ষীক৷ অৱশেষত আৰক্ষীয়ে কার্যবাহী দণ্ডাধীশ শুভ্রম আদিত্য বৰা, বড়িগাঁও পঞ্চায়তৰ সভানেত্রী স্বপ্ণা বৰা, আঞ্চলিক পঞ্চায়তৰ সদস্যা কল্যাণী বণিক্য, তৰণীকান্ত বণিক্যৰ পৰিয়াল আদিৰ উপস্থিতিত আৰক্ষীয়ে ড্রিল মেচিনৰ সহায়ত আলমাৰিটোৰ তলা ভাঙে৷ আলমাৰিটোৰ দুৱাৰ খোলাৰ পাছতে কাপোৰ–পলিথিন বেগ আদিৰে মেৰিয়াই থোৱা অৱস্থাত ওলাই পৰে দ’মে দ’মে নগদ ধন৷ উদ্ধাৰ হোৱা ধনৰাশি গণনাৰ বাবে তৰণীকান্ত বণিক্যৰ ঘৰলৈ আৰক্ষীয়ে আনিবলগীয়া হয় মেচিন৷ গণনাৰ অন্তত উদ্ধাৰ হোৱা ধনৰ মুঠ পৰিমাণ ৩,৩৩,৩৬,৪০০ টকা বুলি নিশ্চিত কৰা হৈছে৷ এই ধনৰাশিৰ ভিতৰত আছে ৫০০ টকীয়া নোটৰ ৬১৬টা বাণ্ডিল আৰু খোলা অৱস্থাত ৭৭খনসহ ৩,০৮,৩৮,৫০০ টকা৷ ২০০০ টকীয়া নোটৰ ১১টা বাণ্ডিল আৰু ৬৫খন খোলা অৱস্থাত থকা মুঠ ২৩,৩০,০০০ টকা৷ ২০০ টকীয়া নোটৰ ৭টা বাণ্ডিল আৰু খোলা অৱস্থাত ৮৯খনসহ ১,৫৭,৮০০ টকা৷ তদুপৰি ১০০ টকীয়া নোটৰ এটা বাণ্ডিল আৰু খোলা অৱস্থাত থকা এখনসহ ১০,১০০ টকা আলমাৰিটোৰ ভিতৰৰ পৰা উদ্ধাৰ হয়৷

লক্ষণীয়ভাৱে বাণ্ডিলে বাণ্ডিলে নগদ ধন উদ্ধাৰ হোৱাৰ পাছতে পশ্চিম মণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শক দেৱজিৎ মুখার্জী, বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি৷ ইতিমধ্যে আৰক্ষীয়ে তৰণীকান্ত বণিক্য আৰু তেওঁৰ জীয়ৰী তথা ৰূপম দাসৰ পত্নী বিজয়া বণিক্যক সোধা–পোছাৰ বাবে আটক কৰিছে৷ পশ্চিম মণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শক দেৱজিৎ মুখার্জীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি চি আই ডিৰ পৰা লাভ কৰা তথ্য আৰু নির্দেশৰ ভিত্তিতে এই অভিযান চলোৱা হৈছিল৷ বৰপেটা আৰু বঙাইগাঁৱতো একে তথ্যৰ আধাৰতে অভিযান চলোৱা বুলি তেওঁ সদৰী কৰে৷ বৰপেটা, বঙাইগাঁও আৰু অভয়াপুৰীৰ উপৰি এছ আই নিযুক্তি কেলেংকাৰিৰ ধনৰ সন্ধানত পুৱতিনিশা চিৰাঙতো অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ ঢ়ালিগাঁও থানাৰ অন্তর্গত দুখন গাঁৱৰ দুজন ব্যক্তিৰ ঘৰত আৰক্ষীৰ সহযোগত তদন্তকাৰী সংস্থাই তালাচী চলাইছিল৷

অৱশ্যে তালাচীৰ সময়ত লোক দুজন নিজৰ ঘৰত নাছিল৷ এই লোক দুজনৰ এজন বৈখুন গাঁৱৰ চুলতান আলী আৰু আনজন ছাতিপুৰ গাঁৱৰ আবুল কালাম বুলি জানিব পৰা গৈছে৷ চিৰাং আৰক্ষীৰ এই অভিযান সম্পর্কে কোনোধৰণৰ তথ্য সদৰী কৰা নাই যদিও চুলতান আলীৰ ঘৰৰ পৰা অভিযানকাৰী দলে ৩ লাখ টকা উদ্ধাৰ কৰা বুলি এক বিশেষ সূত্রই জানিবলৈ দিয়ে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অক্ষয় টেলিকমিউনিকেচনৰ মূল হোতা বিতর্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ ওৰফে আখিয়া চান্দৰ বর্তমানলৈকে কোনো শুংসূত্র ওলোৱা নাই৷ এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাৰ পাছত কেইবাদিন ধৰি বঙাইগাঁৱত ঘূৰি ফুৰা আখিয়া চান্দ সম্প্রতি পলাতক৷ এছ আই নিযুক্তি কেলেংকাৰিৰ খলনায়ক কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী উপ–মহাপৰিদর্শক পি কে দত্তক গ্রেপ্তাৰৰ পিছমুহূর্তত যোৱা ৭ অক্টোবৰত উত্তৰ বঙাইগাঁওস্থিত অক্ষয় টেলিকমিউনিকেচনৰ কার্যালয়ত আৰক্ষীয়ে অভিযান চলোৱাৰ খবৰ পাই আখিয়া চান্দে আত্মগোপন কৰে৷ ইয়াৰ মাজতে আজি নিশাৰ ভাগত আৰক্ষীয়ে তালাচী চলায় আখিয়া চান্দৰ বঙাইগাঁওস্থিত ঘৰত৷ বাতৰি লিখাপর্যন্ত আৰক্ষীৰ তালাচী অব্যাহত আছে৷

You might also like