নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ বিৰুদ্ধে অপৰাধ: ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহক কঠোৰ আইন বলৱতৰ নির্দেশ গৃহ মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ মহিলাৰ বিৰুদ্ধে যৌন নির্যাতন সম্পর্কীয় ঘটনাত আইন আৰু নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ হাথৰাছৰ দলবদ্ধ ধর্ষণৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্রীয় গৃহ মন্ত্রালয়ে মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দর্ভত আইন কঠোৰভাৱে ৰাজ্যসমূহক বলৱৎ কৰাৰ নির্দেশ দিয়াৰ লগতে মহিলাৰ গোচৰক লৈ অৱহেলা কিম্বা বিসংগতি কৰা বিষয়াৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ বিবৃতিত প্রকাশ কৰা মতে, মহিলাৰ গোচৰক লৈ কোনো বিসংগতি প্রত্যক্ষ হ’লেই এই বিষয়টোক লৈ অনুসন্ধান আৰু শীঘ্রেই এনে বিষয়ত দায়বদ্ধ সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগিব৷ নির্দেশনাত উল্লেখ থকা মতে, সকলো ৰাজ্যই এনে ঘটনাত এফ আই আৰ ৰুজু, ফৰেনছিক পৰীক্ষাৰ বাবে তথ্য সংগ্রহ, ছেক্সুৱেল এছাল্ট এভিডেন্স কালেকচন কিট ব্যৱহাৰ, দুমাহৰ ভিতৰত যৌন নির্যাতনৰ গোচৰৰ অনুসন্ধান সম্পূর্ণ কৰা, যৌন নির্যাতনকাৰীক চিনাক্ত আৰু ট্রেকিং কৰাৰ কাৰণে যৌন অপৰাধীৰ ৰাষ্ট্রীয় ডাটা ব্যৱহাৰ কৰিব লাগিব৷ যদি কিবা কাৰণত এখন আৰক্ষী থানাৰ নির্ধাৰিত ক্ষেত্রৰ বাহিৰত অপৰাধ সংঘটিত হয়, তেতিয়াহ’লে নির্যাতিতাই ‘জিৰো এফ আই আৰ’ দাখিল কৰিব পাৰিব৷

You might also like