নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা কেঞ্চাৰ কেন্দ্ৰত দালাল অমৰজ্যোতিক আটক

বাৰ্তা ব্যুৰো, ২১ ছেপ্টেম্বৰঃ  অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বৰপেটা কেঞ্চাৰ কেন্দ্ৰত চিকিৎসকৰ হৈ ৰোগীৰ আত্মীয়ৰ পৰা ধন আদায় কৰা এটা দালালক আজি বৰপেটাৰ আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে৷ আৰক্ষীয়ে কৰায়ত্ত কৰা দালালটোৰ নাম অমৰজ্যোতি মুদিয়াৰ৷ দালালটোৰ ঘৰ নলবাৰীৰ বেলশৰত৷ চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসক ডাঃ নাৰায়ণ কেৰ হৈ ৰোগীৰ আত্মীয়ৰ পৰা ধন দাবী কৰিছিল দালালটোৱে ৷ উল্লেখ্য যে বঙাইগাঁৱৰ মাণিকপুৰৰ শ্ৰীমন্ত মেধী নামৰ এজন কেঞ্চাৰ ৰোগীক যোৱা ২ ছেপ্টেম্বৰত পৰিয়ালৰ লোকে বৰপেটা কেঞ্চাৰ কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল ৷ চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰোগীজনক অস্ত্ৰোপচাৰৰ কৰিব লাগিব বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে৷ আয়ুস্মান কাৰ্ড থকা ৰোগীজনৰ চিকিৎসাৰ খৰচ বিনামুলীয়া হব বুলিও প্ৰথমাৱস্থাত পৰিয়ালৰ লোকক জানিবলৈ দিয়ে চিকিৎসকে৷ যোৱা ৫ ছেপ্টেম্বৰত ৰোগীজনৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ সিদিনাই আবেলি কিৰণ কে নামৰ চিকিৎসক জনে ৰোগীৰ পুত্ৰ হেমন্ত মেধিক নিজৰ কোঠালৈ মাতি নি ৰোগীৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে আৰু চেম্বাৰতে অমৰজ্যোতি মুদিয়াৰৰ সতে তেওক পৰিচয় কৰাই দিয়ে৷ চিকিৎসক কিৰণ কেক সন্মুখতে দালাল অমৰজ্যোতিয়ে অস্ত্ৰোপচাৰৰ কিছু সামগ্ৰী ক্ৰয় কৰাৰ নামত হেমন্ত মেধিৰ পৰা এক লাখ চৌত্ৰিশ হাজাৰ টকা দাবী কৰে ৷ অস্ত্ৰোপচাৰৰ পিচত  আই চি ইউ ত থকা ৰোগী শ্ৰীমন্ত মেধিৰ পুত্ৰ হেমন্ত মেধিক  দালাল  অমৰজ্যোতিয়ে  টকা দিবই লাগিব বুলি ভাবুকি প্ৰদান কৰি কয়,  টকা আদায় নিদিলে আই চি ইউ ত থকা ৰোগীৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিৰ সৃষ্টি হব পাৰে৷ চিকিৎসকে ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে৷ উপায়ান্তৰ নাপাই ৰোগীৰ পুত্ৰ হেমন্ত মেধিয়ে দালাল অমৰজ্যোতিক গুগল পেৰ জৰিয়তে সিদিনা দহ হাজাৰ টকা আদায় দিয়ে৷  আয়ুস্মান কাৰ্ড থকাৰ বাবে চিকিৎসা ব্যয় বিনামুলীয়ে হোৱা স্বত্তেও বাৰে বাৰে ধন আদায় দিবলৈ ভাবুকি প্ৰদান কৰে দালাল অমৰজ্যোতিয়ে৷ অবশেষত উপায়হীন নাপাই বৰপেটা আৰক্ষীৰ কাষ চাপে ভুক্তভোগী হেমন্ত মেধি৷ আজি পুনৰ পাচ হাজাৰ টকা দালাল অমৰজ্যোতিক দিয়াৰ সময়তে বৰপেটাৰ আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে৷ অৱশ্যে ডাঃ কিৰণ কে’ৰ বিৰুদ্ধে এইপৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই৷ এই সন্দৰ্ভত বৰপেটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like