অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ২৪ নম্বৰ বৰপেটা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল কৰা হৈছে৷ কংগ্ৰেছ প্ৰাৰ্থী সৰকাৰৰ মনোনয়ন বাতিল হোৱা কথাটো আজি বৰপেটা বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া প্ৰাঞ্জল প্ৰতীম কোঁৱৰে ঘোষণা কৰে৷
অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থী সৰকাৰক তেওঁৰ মনোনয়ন পত্ৰত থকা আসোৱাহখিনি আতঁৰ কৰি আত্মপক্ষ সমৰ্থনৰ বাবে আজি পুৱা ১১ বজালৈকে সুযোগ দিছিল ৰিটাৰ্ণিং বিষয়াই ৷ মহানন্দ সৰকাৰে যোৱা ২৩ মাৰ্চৰ দিনা কংগ্ৰেছ দলৰ সমৰ্থনত মনোনয়ন দাখিল কৰিছিল যদিও মনোনয়ন পত্ৰৰ সৈতে দলীয় টিকটৰ (এ আৰু বি ফ্ৰম) মূল কপিটো দাখিল নকৰি স্কেন কৰা কপি এটাহে গাঁঠি দিছিল৷
আনকি তাত সভাপতিৰ চহীটোও স্কেন কৰা আছিল৷ নিয়ম মতে দলীয় টিকটত সভাপতিৰ চহীটো জেৰক্স নাইবা স্কেন কৰাৰ বিপৰীতে চিয়াহী যুক্ত স্বাক্ষৰ হব লাগে৷ এই কথা গম পাই মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত সন্ধিয়া ৭ বজাত অগপ বৰপেটা জিলা সমিতিৰ সম্পাদক ধনজিৎ পাঠকে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মহানন্দ সৰকাৰ দত্তৰ মনোনয়নত আসোৱাহ থকা বুলি অভিযোগ দাখিল কৰিছিল৷
এই অভিযোগৰ ভিত্তিত কালি ৰিটাৰ্ণিং বিষয়াই মনোনয়ন পত্ৰ সমূহ পৰীক্ষা সময়ত কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন পত্ৰত থকা আসোঁৱাহখিনি ধৰা পৰাত নিৰ্বাচনী আয়োগৰ নীতি মতে আজি পুৱা ১১ বজালৈকে আত্মপক্ষ সমৰ্থন বাবে সুযোগ প্ৰদান কৰিছিল৷
কিন্তু এই সময়ছোৱাতো প্ৰাৰ্থীগৰাকীয়ে উপযুক্ত দলীয় টিকট দাখিল কৰিব নোৱাৰাত আজি তেওঁৰ মনোনয়ন বাতিল হোৱা বুলি ঘোষণা কৰে৷ উল্লেখ্য যে মহানন্দ সৰকাৰে তেওঁৰ মনোনয়ন বাতিল হোৱা বুলি ঘোষণা পাছত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত সোমাই সংবাদ মাধ্যমৰ পৰা পলাই যায়।
বাৰ্তা ব্যুৰো, বৰপেটা, ২৫ মাৰ্চ