নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুখীয়া মেধাৱী ছাত্ৰী মধুস্মিতাৰ পঢ়াৰ খৰচ বহন কৰিব বৰপেটা জিলা শিক্ষা বিষয়াই

নিয়মীয়া বাৰ্তা, ২৭ মেঃ সৰুপেটাৰ গাতে লাগি থকা চাপাৰবড়ী গাঁৱৰ দুখীয়া মেধাৱী ছাত্ৰী মধুস্মিতা বায়নৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষলৈকে পঢ়াৰ সমুদায় খৰচ বহন কৰিব শিক্ষা বিষয়া তথা বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে। উল্লেখ্য, যোৱা সোমবাৰে ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত বৰপেটা জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ পৰ্যালোচনাৰ উদ্দেশ্যে গ্ৰহণ কৰা এক ক্ষেত্ৰভিত্তিক কাৰ্যসূচী অনুসৰি শিক্ষা বিষয়াগৰাকীয়ে আজি দিনৰ প্ৰায় ডেৰ বজাত স্থানীয় বিদ্যামন্দিৰ হাইস্কুলত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ সৈতে শিক্ষান্ত পৰীক্ষাৰ ফলাফল সম্পৰ্কে এক পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ সময়তে শিক্ষা বিষয়াগৰাকীয়ে এই ঘোষণা কৰে। উল্লেখ্য,দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰীগৰাকীৰ দেউতাক গোপেন বায়নৰ দুদিন আগতে মৃত্যু হৈছিল। ঠেলাচালক পিতৃগৰাকীৰ মৃত্যুৱে পৰিয়ালটোৰ মাজলৈ একপ্ৰকাৰ হতাশাৰ উপৰি দুৰ্দশা কঢ়িয়াই অনাৰ পিছত শিক্ষা বিষয়াগৰাকীৰ এই ঘোষণা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। আনহাতে, বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গপেশ চন্দ্ৰ দাসে আঁত ধৰা পৰ্যালোচনা বৈঠকখনত বিদ্যালয়খনিৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল ফলাফল আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।’চৰকাৰ এক সামাজিক সংস্থা আৰু তেওঁলোকে যথাসাধ্যে নিজৰ দায়িত্ব পালন কৰি আছে’ বুলি মন্তব্য কৰি শৈক্ষিক ক্ষেত্ৰখনত এই ধাৰাটো সফলতাৰে আগবঢ়াই লৈ যোৱাৰ দায়িত্ব শিক্ষক সমাজৰ ওপৰতে বুলি তেওঁ মন্তব্য কৰে।এই লক্ষ্যেৰে বিদ্যালয়সমূহে শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ নীতি অনুসৰি প্ৰাক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰাৰ উপৰিও শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাত অনুমতি দিয়াৰ লক্ষ্যৰে বিদ্যালয় ভিত্তিত আন এক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰো তেওঁ পৰামৰ্শ আগবঢ়ায়। অৱশ্যে বিদ্যালয়প্ৰধানগৰাকীয়ে ইতিমধ্যেই তেওঁলোকৰ বিদ্যালয়ত এনে পৰিকল্পনা যুগুত কৰা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষা বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত এশ শতাংশ ছাত্ৰ-ছাত্ৰীকেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উপযুক্ত কৰি তুলিবলৈও শিক্ষক-শিক্ষয়িত্ৰীসকললৈ পৰামৰ্শ আগবঢ়ায়।এই উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন, অনুশীলন আৰু অভ্যাসন প্ৰক্ৰিয়া অধিক ৰূপত চলাই নিয়াৰো তেওঁ পৰামৰ্শ আগবঢ়ায়। চৰকাৰী শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইতিমধ্যে এই উদ্দেশ্যেই তৃণমূল পৰ্যায়ৰ পৰাই বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞানৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে যুগুত কৰা ‘নিপুণ ভাৰত’ আঁচনিখনৰ কথা উল্লেখ কৰে। বিষয়াগৰাকীয়ে বিগত ২/৩ বছৰৰ ভিতৰত ব্যক্তিগত বিদ্যালয়সমূহৰ তুলনাত চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক বুলিও মন্তব্য কৰে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলক একো একোগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ তত্ত্বাৱধানত একো একোটা সৰু সৰু গোটত ভাগ কৰি এক আনন্দমুখৰ পৰিৱেশত শিক্ষাদান কৰি মূল্যায়ন ব্যৱস্থাৰ জৰিয়তে এক প্ৰতিযোগিতামূলক মনোভাব জগাই তোলাৰ ব্যৱস্থা কৰিবলৈও তেওঁ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ পৰামৰ্শ আগবঢ়ায়। তদুপৰি প্ৰয়োজনসাপেক্ষে ছাত্ৰ-ছাত্ৰীসকলকৰ সৈতে ‘টেলিএডুকেচন’ পদ্ধতিৰে শিক্ষাদানৰ ব্যৱস্থা কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায়। সমস্যা আছে যদিও সমস্যাক ‘সমস্যা’ হিচাপে নলৈ নম্বৰ প্ৰাপ্তিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা আৰু মানসিক সক্ষমতা বৃদ্ধিৰ বিষয়টোতো গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। শিক্ষা বিষয়াগৰাকীয়ে তেওঁ আজীৱন চৰকাৰী বিদ্যালয়ৰ উন্নতিকল্পে কাম কৰি যাব বুলিও ঘোষণা কৰে। ইয়াৰ পিছতেই স্থানীয় সৰুপেটা হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ সৈতেও বিদ্যালয়খনৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল সম্পৰ্কত আন এখন পৰ্যালোচনা বৈঠকত মিলিত হয় শিক্ষা বিষয়া গৰাকীয়ে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like