বাৰ্তা ডিজিটেল ডেস্ক, ১০ জানুৱাৰীঃ নির্বাচনী প্রতিশ্রুতি অনুসৰিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰে অসমীয়াক ৰাজনৈতিক সুৰক্ষা দিবলৈ সক্ষম হৈছে৷ আজি এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত দলৰ বর্ধিত কার্যনির্বাহক বৈঠকত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ পাছত যিদৰে আমাৰ খিলঞ্জীয়া ৰাজনৈতিক অধিকাৰ সুনিশ্চিত হৈছে, সেয়া অনাগত দিনলৈ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ প্রতিশ্রুতিৱদ্ধ৷ কিছুদিন পূর্বে আলফাৰ সৈতে হোৱা শান্তি চুক্তিত এনে দুটা দফা উল্লেখ কৰা হৈছে যি দফাদুটাই সমষ্টি পুনৰ নির্ধাৰণ নীতি যাতে আগলৈ অব্যহত ৰাখে, তাক স্পষ্ট কৰা হৈছে৷ বিশেষকৈ এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ ভোটাৰে যাতে অতি সহজে যাব নোৱাৰে সেই বিষয়টো উল্লেখ কৰা হৈছে এই দফাত৷ এই দুয়োটা দফাৰ বাবে অসমৰ ভৱিষ্যৎ অতি কমেও ৫০ বছৰলৈ সুৰক্ষিত হৈ থাকিব৷ ইয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ দিছোঁ৷ মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– অসম আজি অগ্রগামী ৰাজ্য৷ অসমৰ আর্থিক স্বচ্ছলতা, সাংস্কৃতিক পৰিচয় আজি বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ৷ লাচিত বৰফুকনৰ সৌৰভ সমগ্র ভাৰততে বিয়পি পৰিছে৷ চৰাইদেউৰ ময়দাম ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত হোৱাৰ লগতে বাপতি সাহন বিহু সমগ্র বিশ্বত সমাদৃত হৈছে৷ ইয়াৰ পিছত চৰকাৰে ৰাজ্যৰ সত্রসমূহ সুৰক্ষিত কৰাৰ বাবে গ্রহণ কৰিব বিশেষ পদক্ষেপ৷ অহা বিধানসভা অধিৱেশনত বৰপেটা, মাজুলী আৰু বটদ্রৱাক প্রটেক্টেড বেল্ট আৰু ব্লকলৈ ৰূপান্তৰ কৰি অসমীয়া জাতিৰ সন্মানৰ প্রতীক হিচাপে ইয়াক সুৰক্ষিত কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে ৰাজ্যখনে যোৱা সময়ছোৱাত উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰি কয় যে ২৫খন চিকিৎসা মহাবিদ্যালয়, এইমছৰ সপোনেই হওক, ব্রহ্মপুত্রৰ দুয়োপাৰে চাৰিখনকৈ দলঙৰ সপোনেই হওক, মাজুলীক দলঙেৰে সংযোগ কৰাই হওক, অসমে তীব্র অর্থনৈতিক গতিৰে ধাৱমান হ’বলৈ সক্ষম হৈছে৷ বিগত নির্বাচনৰ সময়ত ৰাষ্ট্রীয় সভাপতি নাড্ডাই আমাৰ ঘোষণাপত্র উন্মোচন কৰিছিল৷ এই ঘোষণাপত্রত আমি মুখ্যতঃ তিনিটা প্রতিশ্রুতি প্রদান কৰিছিলোঁ৷ আমি এক লাখ যুৱক–যুৱতীক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিলোঁ৷ ইতিমধ্যে আমি ৯০ হাজাৰ যুৱক–যুৱতীক আমি তিনি বছৰৰ ভিতৰত নিযুক্তি দিবলৈ সক্ষম হ’লো আৰু ৪০ হাজাৰ নতুন পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ মিছন বসুন্ধৰাৰ জৰিয়তে আমি তিনিলাখ লোকক ভুমি প্রদান কৰিবলৈ সক্ষম হৈছোঁ৷ ইয়াৰে ৮০শতাংশ ভূমি অ’বিচি, অনুসূচিত জাতি, অনুসূচিত জনজাতি লোকক প্রদান কৰিবলৈ সক্ষম হৈছোঁ৷ আনকি ইতিমধ্যে চাকৰি পোৱা ৯০ হাজাৰ যুৱক–যুৱতীৰ যদি নাম লক্ষ্য কৰা হয়, তেন্তে দেখিবলৈ পাও যে খিলঞ্জীয়াৰ বিজয় হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয়– আজি অসমত আইন–শৃংখলাৰ পৰিস্থিতি সলনি হৈছে৷ পূর্বে প্রতিবছৰ ডেৰলাখ গোচৰ পঞ্জীয়ন হয়৷ কিন্তু এতিয়া এই সংখ্যা সাত হাজাৰলৈ হ্রাস পাইছে৷ অসমত এতিয়া শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে৷ ৰাজ্যৰ প্রতিখন জিলা, গাঁৱত পৰিৱর্তন আহিছে৷ নির্বাচনৰ সময়ত আমি এয়াও প্রতিশ্রুতি দিছিলো যে চৰকাৰ গঠন হ’লে নিবনুৱা যুৱক–যুৱতীসকলক্ ২ লাখ টকাকৈ প্রদান কৰা হ’ব৷ সেই প্রতিশ্রুতি অনুসৰি ইতিমধ্যে কাম আগবাঢ়িছে৷ মাইক্র’ ফাইনেন্সৰ লোন ৰেহায়ৰ দিশতো চৰকাৰে কাম কৰিবলৈ সক্ষম হৈছে৷ ১৯ লাখ মহিলাক ইতিমধ্যে ঋণ ৰেহাই দিয়া হৈছে৷ অসমৰ ৯০শতাংশ আত্মসহায়ক গোটে এতিয়া বেংকৰ পৰা ঋণ পাবলৈ সক্ষম হৈছে৷ চৰকাৰে ইতিমধ্যে বনভূমিত হোৱা বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে পুনৰ কয় যে অসমৰ শান্ত পৰিৱেশ বহুতৰ বাবে সহ্য নহয়৷ তেওঁলোকে ভৱা নাছিল যে বড়োসকলে ডিভাইড অসমৰ প্রস্তাৱ এৰি দিব৷ কিন্তু আজি বড়োভূমিত অসমৰ জাতীয় সংগীত বাজি উঠিছে৷ বৰাক উপত্যকাৰ জিলা উপায়ুক্তৰ কার্যালয়ত লাচিত বৰফুকনৰ প্রতিমূর্তি নির্মাণ হৈছে৷ একেদৰে ডিমা হাছাও আৰু কার্বি আংলঙৰ দৰে জিলা শান্তিৰ দ্বীপলৈ ৰূপান্তৰিত হৈছে৷ যোৱা তিনিটা বছৰে অসমে আন্দোলনৰ মুখ নেদেখাকৈ পাৰ কৰিবলৈ সক্ষম হৈছে৷ ইফালে অহা লোকসভা নির্বাচনত বিজেপিয়ে সর্বাধিক আসন দখল কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আমি যিধৰণে যোৱা ছমাহ প্রতিটো সমষ্টি, প্রতিটো বুথ মণ্ডলত কাম কৰিছোঁ লোকসভা নির্বাচনত আমাৰ বিজয়ৰ ৰথ অসমত অব্যাহত থাকিব৷