নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা সত্ৰ উকা কৰি অজান দেশলৈ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা : কাইলৈ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য

নিয়মীয়া বাৰ্তা ,২২ অক্টোবৰ: সত্ৰীয়া ধৰ্ম সংস্কৃতিৰ এক বৰ্ণিল পৰিক্ৰমা সামৰি আজি ইহসংসাৰৰ পৰা বিদায় ললে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, বৈষ্ণৱ ধৰ্মৰ একান্ত সেৱক,প্ৰচাৰক তথা শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ শৰ্মাই ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি বিয়লি ৪.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়া শৰ্মাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ৷ জীৱনৰ শেষ মুহূৰ্তলৈকে তিলমানো আঁচোৰ নপৰাকৈ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত নিমগ্ন বৈষ্ণৱ সংস্কৃতিৰ একনিষ্ঠ সেৱকগৰাকীৰ মৃত্যুত যেন অভিভাৱকহীন হৈ পৰিল সত্ৰনগৰী বৰপেটাবাসী ৷ যাৰ পুৱাৰ প্ৰসংগত সদা মুখৰিত হৈ থাকে সত্ৰনগৰী বৰপেটা, যাৰ উদাত্ত কন্ঠত প্ৰাণ পাই উঠে বৰগীত, হোলীগীত, সেই সত্ৰীয়া সংস্কৃতিৰ সেৱকগৰাকীৰ অনুপস্থিতিত স্বাভাৱিকতে শোকস্কব্ধ হৈ পৰিছে বৰপেটা৷ খনিকৰ বাবে হলেও নিজম পৰি ৰৈছে শংকৰী সংস্কৃতিৰ পীঠস্থান, দ্বিতীয় বৈকুন্ঠপুৰী বৰপেটা সত্ৰ ৷ ভকতসকলৰ মাজত কেৱল দেখিবলৈ পোৱা গৈছে শোকৰ চকুলো ৷ সত্ৰীয়া সংস্কৃতিৰ লাইখুঁটা স্বৰূপ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে সত্ৰনগৰী বৰপেটাবাসী শোকত ম্ৰিয়মাণ হৈ পৰিছে ৷ উল্লেখ্য যে ১৯৩৮ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই সৰুৰে পৰা এক সত্ৰীয়া পৰিবেশত ডাঙৰ দীঘল হয় ৷ বৰপেটা চহৰৰ সমীপৱৰ্তী সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰা বশিষ্ঠ দেৱ শৰ্মাৰ পিতৃ-মাতৃ আছিল ক্ৰমে গিৰীশ চন্দ্ৰ শৰ্মা আৰু দময়ন্তী দেৱী ৷ বশিষ্ঠ শৰ্মাই শিশু কালৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী হয় ৷ তেওঁৰ ভাতৃ বিখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মা, জীয়ৰী কন্ঠশিল্পী তৰালি শৰ্মাকে ধৰি গোটেই পৰিয়ালটোৱে মহাপুৰুষ কেইজনাৰ গীত মাত ধৰ্মৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ আহিছে ৷ বৃত্তিত এগৰাকী শিক্ষক আছিল বশিষ্ঠ দেৱ শৰ্মা ৷ বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰি সুন্দৰীদিয়াৰ দক্ষিণ হাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা তেওঁ  অৱসৰ গ্ৰহণ কৰিছিল ৷ শিশু কালৰে পৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানবোৰৰ সৈতে জড়িত হৈ পৰিছিল বশিষ্ঠ দেৱ শৰ্মা ৷ মহাপুৰুষজনাৰ নীতি আদৰ্শৰ প্ৰতি একান্ত আনুগত্য থকা একনিষ্ঠ সেৱক বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৰাজ্যখনৰ লগতে বহি:ৰাজ্যতো ভাগৱতৰ সুন্দৰ বাখ্যাৰে হাজাৰ হাজাৰ লোকক ধৰ্মৰ অমৃত ৰস পান কৰাইছিল ৷ আনহাতে, তেওঁ বৰপেটাৰ থিয়নামৰো এজন বিখ্যাত পাঠকৰ উপৰিও ভাওনাত সুন্দৰ অভিনয়েৰে ৰাইজৰ মাজত জনপ্ৰিয় শিল্পী হিচাপে খ্যাতি লাভ কৰিছিল৷ ইয়াৰ উপৰি তেওঁ হোলীগীতৰ এজন বিখ্যাত শিল্পী আছিল ৷ বৰপেটাৰ দৌলৰ সময়ত বুঢ়াসত্ৰীয়াগৰাকীয়ে শিল্পীসকলৰ লগত প্ৰাণঢালি গোৱা হোলীগীতসমূহে বৰপেটাৰ দৌলক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল ৷ ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটী কেন্দ্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে নিমন্ত্ৰিত হোৱা বশিষ্ঠ দেৱশৰ্মাই পৰৱৰ্তী সময়ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সফলতাৰে বীৰনাম, নিবিড় কীৰ্তন, ঘোষা কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত, ভাওনা আদি পৰিবেশন কৰিছিল ৷ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সংগীতৰ ভাঙনিৰে তেওঁ শ্ৰীবৎস চিন্তা,নল দময়ন্তী, সতী বেউলা, পূজনী পখি আদি নাটক পৰিচালনা কৰিছিল ৷ ৰাজ্যৰ পৰিধি অতিক্ৰমি পশ্চিমবংগ, বিহাৰ, দিল্লী, পঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল ৷ সুন্দৰ,হৰি গুণ গাই নাচা,মোহন কলীয়া,দেৱ যদুপতি, বনমালী ৰাম আদি শ্ৰব্য কেছেটসমূহ পৰিচালনা কৰাৰ লগতে শ্ৰব্য কেছেটসমূহত সন্নিবিষ্ট থিয় নাম,ঘোষা নাম, প্ৰাৰ্থনা আদিত তেওঁ কণ্ঠদান কৰিছিল৷ ১৯৯৩ চনত তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাাচিত হয় ৷ নিষ্ঠা আৰু সততাৰে ১৪ বছৰ ধৰি ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়োৱাৰ পিচত ২০০৭ চনত তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হয়৷ মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদত অধিষ্ঠিত হৈ আছিল৷ সমান্তৰালভাৱে তেওঁ উজনি আৰু নামনি অসমত থকা বৰপেটা সত্ৰৰ শাখা সত্ৰসমূহকো নেতৃত্ব দি আহিছিল ৷ ৰাজ্যৰ বিভিন্ন স্থানত থকা বৰপেটা সত্ৰৰ প্ৰায় ৩০০ শাখা সত্ৰক তেওঁ পুনৰ সংগঠিত কৰিছিল৷ বশিষ্ঠ দেৱশৰ্মাৰ অভিনয় প্ৰতিভা আছিল উল্লেখনীয়৷ দেশৰ বিভিন্ন ঠাইত মঞ্চস্থ হোৱা যাত্ৰা আৰু অংকীয়া ভাওনাত তেওঁ অভিনয় কৰিছিল ৷ বিহাৰৰ পাটনাৰ কালীদাস ৰংঙ্গ মঞ্চত মঞ্চস্থ হোৱা ‘বন্দী মাছৰ গদ্য ‘নামৰ নাটকত তেওঁ অভিনয় কৰিছিল ৷ কিশোৰী মোহন পাঠকৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘মথুৰা পুৰীৰ মথুৰা দাস’ নামৰ নাটখনত তেওঁ মথুৰা দাস বুঢ়া আতাৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ তেওঁ কেবাখনো বঙালী নাটক অসমীয়ালৈ অনুবাদ কৰিছিল৷ তেওঁ অসমৰ বিভিন্ন স্থানত বহুত সংখ্যক নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু নামঘৰসমূহক বৰপেটা সত্ৰৰ মূল সত্ৰীয়া ৰীতি-নীতিৰ সৈতে সংযোগ কৰোৱাইছিল৷ সমাজৰ নিষ্পেষিত-নিপীড়িত আৰু অনুসূচিত জাতি-জনজাতিসকলক তেওঁ ধৰ্মীয় বাণীৰে উদ্বুদ্ধ কৰিছিল ৷ পিছপৰা অঞ্চলৰ বহু সংখ্যক লোকক তেওঁ ভাগৱতৰ প্ৰতি আকৰ্ষিত কৰিছিল ৷ তদুপৰি যোৰহাট জিলাৰ তিতাবৰৰ ঠেঙাল কছাৰীৰ মাজত,লখিমপুৰ জিলাৰ পাঠালি পাহাৰ, নাওবৈচা আদি অঞ্চলত তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিছিল৷ ২০১২ চনত কোকৰাঝাৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত হতাহতৰ একাংশ পৰিয়ালৰ মাজত খাদ্য,ব্ৰস্ত্ৰ,ঔষধ, খোৱা পানী,শিশু খাদ্য আদি বিতৰণ কৰি তেওঁ মহানুভৱতাৰ পৰিচয় দিছিল ৷ তেওঁৰ ৰচনাসমূহ হৈছে নাওখেলৰ গীত,মহোহো গীত,থানৰ বাতৰি সোধা,সুন্দৰীদিয়া পূব হাটীৰ থিয়নাম-এক মধুৰ সোঁৱৰণ ইত্যাদি ৷ তেওঁৰ অপ্ৰকাশিত গ্ৰন্থসমূহ হৈছে ভৱ ৰোগৰ ঔষধ কৃষ্ণ কথা,সত্ৰত শৰণৰ ব্যৱস্থা,ৰাস তত্ব,ভকত ভঞ্জন,মানৱ জীৱন চন্দন কথা,ধৰ্ম ইত্যাদি৷ তেওঁৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থখন হৈছে ‘সত্ৰীয়া নীতি বিচাৰ ৷’ সত্ৰীয়া ধৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে বশিষ্ঠ দেৱশৰ্মাই তেওঁৰ জীৱন কালত বিভিন্ন বঁটা-বাহনেৰে সন্মানিত হয় ৷ তেওঁক ২০১১ চনত সাংস্কৃতিক মহাসভাই প্ৰদান কৰে জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা ৷ একেটা বৰ্ষত বামুনা সত্ৰই তেওঁক প্ৰদান কৰে শ্ৰীশ্ৰীদৈতাৰী ঠাকুৰদেৱ বঁটা ৷ ২০১২ চনত গুৱাহাটীৰ নুনমাটিৰ জাতীয় বিদ্যালয়ৰ পৰা লাভ কৰে ফেল’শ্বিপ ৷ ২০১৩ চনত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে তেওঁক মথুৰা দাস বুঢ়া আতা বঁটা প্ৰদান কৰে ৷ ২০১৪ চনত মাজুলীৰ কমলাবাৰী সত্ৰৰ শ্ৰীশ্ৰীবদলা আতা সেৱা সমিতিয়ে তেওঁক প্ৰদান কৰে শ্ৰীশ্ৰী বদলা পদ্ম আতা বঁটা ৷ যোৰহাটৰ সঞ্চাৰণে ২০১৬ চনত তেওঁক শংকৰ-মাধৱ বঁটাৰে সন্মানিত কৰে ৷ একেটা বৰ্ষত হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে তেওঁক হাউলী বঁটা আৰু অসম সত্ৰ মহাসভাই সত্ৰ ৰত্ন বঁটা প্ৰদান কৰে ৷ ২০১৭ চনত কৃষ্ণানন্দ বঁটা নিৰ্ণায়ক সমিতিৰ পৰা বশিষ্ঠ দেৱশৰ্মাক কৃষ্ণানন্দ বঁটা প্ৰদান কৰা হয় ৷ আনহাতে,২০১৭ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰে ৷ ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভাই তেওঁক প্ৰদান কৰে লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা ৷ ২০২১ চনত সুন্দৰীদিয়া সত্ৰই তেওঁক মাধৱদেৱ বঁটা প্ৰদান কৰে৷ শেহতীয়াভাৱে, বৰপেটাৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ‘তাঁতীকুছি’ বঁটা’ এইবাৰ ২০২২ বৰ্ষৰ বাবে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাক নিৰ্ব্বাচিত কৰিছিল ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শাৰীৰিক অসুস্থতাত ভূগি থকা বুঢ়াসত্ৰীয়া শৰ্মাই বিগত বৰ্ষৰ নবেম্বৰ মাহত কভিডত আক্তান্ত হৈছিল৷ কভিডত আক্ৰান্ত বুঢ়াসত্ৰীয়াগৰাকীক পৰৱৰ্তী সময়ত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নি ৰাজ্য চৰকাৰৰ তত্বাৱধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰা হৈছিল ৷ ইয়াৰ পিচতে বুঢ়াসত্ৰীয়া গৰাকীয়ে কভিডমুক্ত হৈ ঘৰলৈ উভতে যদিও পিচলৈ বিভিন্ন ৰোগৰ উপসৰ্গই তেওঁৰ দেহত দেখা দিছিল ৷ বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী ৰ এক্সেল কেয়াৰ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ সময়তে বুঢ়াসত্ৰীয়াগৰাকীৰ দেহত যকৃতৰ ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰিছিল ৷ ইয়াৰ কিছুদিন পিচতে অসুস্থ হৈ পৰাত বুঢ়াসত্ৰীয়াগৰাকীক বৰপেটাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ পিচলৈ বুঢ়াসত্ৰীয়াগৰাকী সুস্থ হৈ ঘৰলৈ আহে যদিও পৰৱৰ্তী সময়ত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে ৷ দীৰ্ঘদিন ধৰি যকৃৎ আদিকে ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত বুঢ়াসত্ৰীয়া বাপজনাক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকাৰ মাজতে শ্বাস প্ৰস্বাস জনিত সমস্যাত কষ্ট পোৱাত ১০ অক্টোবৰত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ পিচত তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শক্ৰমে ১১ অক্টোবৰত  এম্বুলেন্সযোগে বুঢ়াসত্ৰীয়া বাপজনাক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসা চলাই থকা সময়তে আজি বুঢ়াসত্ৰীয়াগৰাকীয়ে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে ৷ জি এম চি এইচত যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পিচতে নিশা বুঢ়াসত্ৰীয়াগৰাকীৰ নশ্চৰ দেহ বৰপেটাৰ নিজ বাসভৱনলৈ অনা হব ৷ কাইলৈ ৰাজ্যিক মৰ্যদাৰে বৰপেটা সত্ৰৰ পিচপিনে থকা খটখটিত বুঢ়াসত্ৰীয়াগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হব ৷ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ মৃত্যুত বৰপেটা সত্ৰ পৰিচালনা সমিতি, শাখা সত্ৰ সমাজ, সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বৰপেটাৰ উপায়ুক্ত আয়ুষ গৰ্গ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকাৰ, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰে ৷ আনহাতে, বুঢ়াসত্ৰীয়াৰ মৃত্যুত বৰপেটা জিলা আৰু আঞ্চলিক ছাত্ৰসন্থা,বিজেপিৰ বৰপেটা জিলা সমিতি,অগপৰ বৰপেটা জিলা সমিতি,বৰপেটা প্ৰেছ ক্লাৱ, বিশ্ব হিন্দু পৰিষদৰ বৰপেটা জিলা সমিতি, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়ন, আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলন, খিলঞ্জীয়া সুৰক্ষা বাহিনী,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাস, বৰপেটা মহকুমা ছাত্ৰ সন্থা, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা, ৰাইজিং ক্লাৱ, ক্লাৱ ৰাইনো, তাতীকুছি বৰপেটা, বৰপেটা জিলা কৰ্মচাৰী পৰিষদ, ৰংঘৰ বৰপেটা, সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ, বৰপেটা লেখিকা সমাৰোহকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like