নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত বৰছলা বিলত বান পৰিস্থিতিৰ বুজ ল’লে পীয়ূষ হাজৰিকাই

🔹 ১০ কিলোমিটাৰ পথ ওখকৈ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২১ জুলাই : ঢেকীয়াজুলি সমষ্টিৰ বৰছলা বিলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। ঢেকীয়াজুলি সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলৰ লগত বৰছলা বিলৰ লগতে গোসাঁইঘাট, বচাশিমলু, নিছলামাৰী অঞ্চলত বান পৰিস্থিতি পৰিদৰ্শন কৰি ১০ কিলোমিটাৰ পথ ওখকৈ নিৰ্মাণ কৰি বান পৰিস্থিতি প্ৰতিৰোধ কৰিব বুলি জনায় জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলাৰ ২নং বচাশিমলুত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমত জনায় যে বৰছলা বিলৰ পৰা মৰা বেলশিৰি হৈ শিঙৰীলৈ যোৱা ৫ কিলোমিটাৰ পথত প্ৰত্যেক বছৰেই বানপানীয়ে ক্ষতি কৰে । গতিকে পূৰ্বেই পকী হৈ থকা এই পাঁচ কিলোমিটাৰ পথ যথেষ্ট চাপৰকৈ নিৰ্মাণ কৰা হৈছিল ৷ এই পথছোৱা ওখ কৰি নিৰ্মাণ কৰাৰ লগতে আৰু ৫ কিলোমিটাৰ পথ মুঠতে ১০ কিলোমিটাৰ পথ ওখকৈ নিৰ্মাণ কৰি বানপানী প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৷ বাৰিষা কাল যোৱাৰ পিছতেই খৰালি সময়ত উক্ত ১০ কিলোমিটাৰ পথ ওখকৈ নিৰ্মাণ কৰি বানপানী অধ্যুষিত অঞ্চলসমূহত বানপানী প্ৰতিৰোধ কৰা হ’ব বুলি জনায় জলসম্পদ মন্ত্ৰীগৰাকীয়ে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like