নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰ : কেতিয়াবা তেল নাথাকে ফেৰি যোৱা পলম হয়, সামান্য জলপৃষ্ঠ বৃদ্ধি ফেৰি নাযায় ,কুঁৱলী ফেৰী নচলে, বতাহ -ধুমুহা ফেৰী নচলে, অন্যান্য এশ এবুৰি সমস্যাৰে মাজুলী-নিমাতীৰ ফেৰী সেৱাত সঘনাই ফেৰী যাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ আজি আকৌ অফলামুখ ফেৰীঘাটত এক নতুন অভিজ্ঞতা হল যাত্ৰীৰ আজি পুৱা ৯:৩০ বজাৰ ফেৰীখনৰ বেটাৰী ডাউন ফেৰী নগল সয়ম মতে ৷ এম ভি ৰাণী নামৰ ফেৰীখনত সংঘটিত হৈছিল এই ঘটনা ৷ ফেৰীখন সময়মতে নোযোৱাত সচেতন এজন যাত্ৰীয়ে ফেৰীৰ কৰ্মচাৰীক কিয় নাযায় সোধাত প্ৰথমতে কুঁৱলীৰ বাবে যোৱা নাই বুলি মিছা মাতিছিল যদিও পৰৱৰ্তী সময়ত ফেৰী ভাল কৰিবলৈ লোৱাতহে ওলাইছে উৰহী গছৰ ওৰ। বেটাৰী ডাউন বাবে যাব পৰা নাছিল ফেৰীখন৷ পিছত আন ফেৰীৰে যাত্ৰীসকলক নিয়া হয় নিমাতীলৈ৷ ইফালে কমলাবাৰী ফেৰীঘাটতো পুৱা ৭:৩০ বজাত যোৱা ফেৰীখনে দিশ হেৰুৱাই নদীৰ মাজত প্ৰায় দুই ঘন্টা ধৰি আৱদ্ধ হব লগা হয় ৷ মুঠৰ ওপৰত এনে বহু ন ন সমস্যাৰ বাবে মাজুলীবাসীয়ে যোৰহাটলৈ যোৱাৰ নামত নিতৌ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড