নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত বলেৰ’ গাড়ীত বেটাৰী চোৰ

🔹 বাগিচাৰ মাজত গভাইত চোৰলৈ আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : চোৰৰ টাৰ্গেট এইবাৰ টাৱাৰৰ বেটাৰী । বলেৰ’ গাড়ীত আহিল চোৰৰ দল । নুমলীগড়ত আৰক্ষীয়ে খেদি খেদি চাহ বাগিচাৰ মাজত ধৰিলে তিনিজন গভাইত চোৰক । জব্দ কৰিলে বলেৰ’ বাহন । নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঁহবাৰীৰ ঘটনা এয়া । এখন বলেৰ’ বাহনত অহা ছয়জনকৈ চোৰে পথৰ কাষত থকা ম’বাইল টাৱাৰৰ বেটাৰী চুৰি কৰাৰ পৰিকল্পনা কৰোঁতেই গোলাঘাট আৰু নুমলীগড় আৰক্ষীয়ে গোপন সূত্ৰৰ জৰিয়তে ঘটনাস্থলীত উপস্থিত হোৱাত ৬জনকৈ চোৰে চাহ বাগিচালৈ দৌৰ দিয়ে । কিন্তু আৰক্ষীয়ে অভিযান চলাই খেদি খেদি তিনিজন চোৰক ধৰিবলৈ সক্ষম হয় । সমগ্ৰ অভিযানত গাঁওৰক্ষী বাহিনীয়েও সহযোগ কৰে ।‌ আৰক্ষীয়ে কৰায়ত্ত কৰা চোৰ তিনিজনৰ নাম সোণাবৰ আলী, আব্দুল কালাম আৰু জয়দুৰ আলী । তিনিওজনৰে ঘৰ নলবাৰী জিলাত । আৰক্ষীয়ে তেওঁলোকৰ পৰা AS-01BZ-0214 নম্বৰৰ এখন বলেৰ’ গাড়ীসহ চুৰি কৰিবলৈ ব্যৱহাৰ কৰা কিছু কেলেম জব্দ কৰে । উল্লেখ্য যে আৰক্ষীয়ে চোৰক খেদি খেদি ধৰাৰ সময়ত গুলীচালনাও কৰে ।

প্ৰেৰক বিনন ফুকন

You might also like