নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ জোনাকী মেলত ৰাসক লৈ মনোজ্ঞ আলোচনা

নিয়মীয়া বার্তা, পাঠশালা, ৭ নৱেম্বৰঃ সাংসাৰিক মায়া আৰু সমষ্ট সমস্যাৰ পৰা মুক্ত হৈ শৰীৰ, মন আৰু আত্মাক শ্ৰীকৃষ্ণৰ চৰণত নিজক সমৰ্পণ কৰি দিয়া আনন্দই হৈছে ৰাস। ৰস শব্দৰ পৰাই ৰাসৰ উৎপত্তি। ৰাস জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ আনন্দহে৷ – এই মন্তব্য শিক্ষাবিদ তথা বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰৰ। বৃহত্তৰ বজালীৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ অন্যতম অনুষ্ঠান জোনাকী মেলৰ ৮০সংখ্যক মেলখন পাঠশালা নগৰৰ ১নং ৱাৰ্ডৰ বাসিন্দা গীতু তালুকদাৰৰ আমন্ত্ৰণ ক্ৰমে আজি ৰাস পূর্ণিমাৰ নিশা অনুষ্ঠিত হয়। ভালেসংখ্যক সদস্য আৰু কেইবাগৰাকীও আমন্ত্রিত অতিথিয়ে অংশগ্রহণ কৰা এই মেলখনত বৰমেলুৱৈৰ আসন গ্ৰহণ কৰে জোনাকী মেলৰ স্থায়ী বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই আৰু জোনাকী মেলৰ ইতিবৃত্ত দাঙি ধৰে সম্পাদক কামিনী মোহন শৰ্মাই। এই মাহৰ মেলত প্রক্ষেপিত আলোচনাৰ মুখ্য আলোচক হিচাপে অংশগ্রহণ কৰি আলোচক ৰামকৃষ্ণ তালুকদাৰে আৰু কয় যে, প্রকৃতপক্ষে পৰমাত্মাৰ লগত জীৱাত্মাৰ মিলন সহজ নহয়। অদৃশ্যত থাকি পৰমাত্মাই জীৱাত্মাৰ পৰীক্ষা লয়। ৰাসক্রীড়াতো ভগৱান কৃষ্ণই পৰম ভক্ত গোপীসকলৰ তেনে পৰীক্ষাই লৈছিল। ভগৱানে লোৱা পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হৈ জীৱাত্মা গোপী পৰমাত্মাৰ লগত মিলি গৈ মোক্ষ লাভ কৰিছিল। ৰাসক্রীড়াৰ সময়ত মনুষ্যৰূপী শ্রীকৃষ্ণৰ বয়স আছিল মাত্র ৯ বছৰ৷ ভাৰতীয় যোগবিদ্যাত ১১ বছৰ বয়সৰ পৰা ১৫ বছৰ বয়সৰ কালছোৱাৰ ল’ৰাকহে কিশোৰ বোলা হয়। সেই হিচাপে গোপীনি সকলৰ লগত ৰাসক্রীড়া কৰা সময়ত কৃষ্ণ শিশুহে আছিল। এই শিশু কৃষ্ণই ষোল্ল হেজাৰ গোপীৰ লগত যি ৰাসক্রীড়া কৰিছিল সেয়া প্ৰকৃতাৰ্থত আছিল অকাম বা কাম-গোন্ধহীন ক্রীড়াহে। ৰাস পূর্ণিমাৰ ৰসময় পৰিবেশত অনুষ্ঠিত এই মেলত অংশগ্রহণ কৰা মেলুৱৈসকলেও শ্ৰীকৃষ্ণৰ ৰাসক্রীড়াৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰি তাৰ ভিতৰত বহুকেইগৰাকী কবিয়ে ৰোমান্টিক কবিতা পাঠ কৰে৷ গৰিমা ভৰদ্বাজ, মীনা তালুকদাৰ, গীতু তালুকদাৰ, গুজিৎ বৰুৱা, কামিনী মোহন শর্মা আদি কবিসকলে কবিতা পাঠ কৰা এই মাহৰ মেলত সৰুপেটাৰ অতি সম্ভাবনাময় যুব শিল্পী জীৱন কৃষ্ণ তালুকদাৰে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ দুটা গীত পৰিৱেশন কৰে। ইয়াৰ আগতে মেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই আলোচক ৰামকৃষ্ণ তালুকদাৰৰ আলোচনাৰ আঁত ধৰি কয় যে, প্ৰকৃততে পৰম ব্ৰহ্মৰ সচ্চিদানন্দময়, আনন্দময়, বসময় ৰূপটোৱে হৈছে ৰাসক্রীড়াৰ আধাৰ৷ প্ৰকৃততে ৰাসত পৰম ব্ৰহ্মাৰ এই ৰূপকেইটাৰে বহিঃপ্রকাশ ঘটে। শৃংগাৰ, বিৰহ, কৰণ আদি ৰসসমূহ থাকে কেবল কৃষ্ণতহে, যি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা শ্রীবিষ্ণুল মানৱী ৰূপ। যি ক্রীড়াত শৃংগাৰ ৰসৰ ভাণ্ডাৰ কৃষ্ণক পাই গোপীসকলে পৰমানন্দ লাভ কৰিছে সেই ক্রীড়াই বাসক্রীড়া। তেখেতে আৰু কয় যে, ভক্ত আব্দ ভগৱানৰ মাজৰ সম্পর্কক ধর্মচাৰ্যসকলে শান্ত ভক্তি, বাংলা ভক্তি, সখা ভক্তি, শল ভক্তি আৰু শৃংগানাত্মক ভক্তি এই পাঁচভাগত ভাগ কৰিছে। ৰাসক্রীড়া প্রধানতঃ শৃংগাৰ ৰসাত্মক। এই ৰসৰ মূলভাব ৰতি আৰু যাৰ সৈতে জড়িত হৈ আছে কৃষ্ণ আৰু গোপীসকলৰ মিলনমালা। এই মিলনক বলতে বাসনাৰ দৃষ্টিৰেও চাবলৈ প্ৰয়াস কৰে যদিও ৰাসক্রীড়া প্ৰকৃতাৰ্থত শ্ৰীকৃষ্ণৰ বাসনা জয় কৰাৰ কৌশলগত শিক্ষাহে। এই মাহৰ জোনাকী মেল আৰম্ভ হোৱাৰ প্ৰাক্ মূহুর্তত অসমে হেৰুওৱা তিনিগৰাকী ৰত্ন ক্রমে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দের শৰ্মা, অসমীয়া চলচ্চিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু মহিলাক সম্মান দিয়াৰ জ্বলন্ত উদাহরণ দাঙি ধৰা মহান চিত্রশিল্পী নীলপৱন বৰুৱাৰ প্ৰয়াণত তেওঁলোকক স্মৰণ কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like