নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ উদ্বোধনী অনুষ্ঠানত অসম কন্যা লাভলীনাক সম্বর্ধনা

নিয়মীয়া বাৰ্তা, ২৬ মার্চঃ টকিঅ’ অলিম্পিকত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি আই পি এলৰ উদ্বোধনী অনুষ্ঠানত সম্বর্ধনা জনায়৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ উদ্বোধনী অনুষ্ঠানত লাভলীনাৰ লগতে টকি’ অলিম্পিকত স্বর্ণজয়ী তাৰকা জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রাকো ব’র্ডে সন্মানিত কৰে৷ স্বর্ণজয়ী নিৰজক বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে এক কোটি টকাৰ পুৰস্কাৰ আগবঢ়ায়৷ একেদৰে ব্রঞ্জ বিজয়ী লাভলীনাক ২৫ লাখ টকাৰ চেক প্রদান কৰা হয়৷ এই অনুষ্ঠানত টকি’ অলিম্পিকত ব্রঞ্জজয়ী ভাৰতীয় পুৰুষ হকী দলটোকো সম্বর্ধনা জনোৱা হয়৷ মন কৰিবলগীয়া যে বি চি চি আয়ে টকি’ অলিম্পিকত সাফল্য অর্জন কৰা প্রতিগৰাকী খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰিব বুলি ইয়াৰ পূর্বে ঘোষণা কৰিছিল৷

You might also like