নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ : বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন আয়োজনৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক আদৰণি জনোৱাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাত বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনীৰ অধীনত বৰাক উপত্যকা বংগ সাহিত্য আৰু সন্মিলনীৰ অধিৱেশন আয়োজনৰ বাবে তেওঁক উদ্যোগ লোৱাৰ আহ্বান জনাইছে বৰাক ডেমোক্ৰেটিক ফ্ৰন্টে (বিডিএফ)।
বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন আয়োজনৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া আহ্বানক বৰাক ডেমোক্ৰেটিক ফ্ৰণ্ট (বিডিএফ) আদৰণি জনাইছে। লগতে, দুই জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্ৰদানক অধিক বিস্তাৰ কৰাৰ উদ্দেশ্যে বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনীৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্যৰ বিভিন্ন বাঙালি সংগঠনৰ সৈতে এখন অধিৱেশন আয়োজনৰ বাবে মুখ্যমন্ত্ৰীয়ে উদ্যোগ লোৱাৰ বাবে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে বিডিএফে। আজি এটা বিজ্ঞপ্তি যোগে বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰয়ে এই কথা সদৰি কৰি কয় যে, মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱক তেওঁলোকে নিশ্চয় আদৰণি জনাইছে আৰু প্ৰয়োজনত এই ক্ষেত্ৰত সকলো সহযোগিতা আগবঢ়াবলৈ ইচ্ছুক। তেওঁ কয় যে আশীৰ দশকত অগপ চৰকাৰৰ শাসনত হাইলাকান্দিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। বৰাকবাসী সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰতি সদায় আগ্ৰহী আৰু অসমীয়া কৃষ্টি-সংস্কৃতিক সন্মান আৰু শ্রদ্ধা কৰে। কিন্তু কিছুমান উগ্র জাতীয়তাবাদী অসমীয়া নেতাৰ মনোভাৱ আৰু ইচ্ছাকৃত বঞ্চনা-বৈষম্যৰ ফলত বহুসময়ত ভুল-বুজাবুজিৰ সৃষ্টি হয়। প্ৰদীপ দত্তৰায় লগতে কয় যে, বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনী কেৱল বৰাক উপত্যকাৰ প্ৰতিনিধিত্ব কৰা সংগঠন নহয়, ই ৰাজ্যৰ অন্যতম প্ৰাচীন সাহিত্য আৰু সাংস্কৃতিক সংগঠন। ই কেৱল বাঙালিৰ সংস্কৃতি নহয়, ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰতো বহুদিন ধৰি কাম কৰি আহিছে। তথাপিও পূৰ্বতে চৰকাৰীভাৱে এই সংগঠনক উপেক্ষা কৰা হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশনত অন্যান্য জনগোষ্ঠীৰ সংগঠনক আমন্ত্ৰণ জনোৱা হলেও এই সংগঠনক আমন্ত্ৰণ জনোৱা নহয়। তেওঁ উল্লেখ কৰে যে, এনে দৃষ্টিভংগীৰ বাবে ‘সমন্বয়’ৰ আবেগ মুখে-মুখেই সীমাবদ্ধ থাকে আৰু বাস্তৱত প্রতিফলিত নহয়। সেয়ে বিডিএফৰ পৰা আহ্বান জনোৱা হৈছে যে বৰাকত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাত এক অনুৰূপ অধিৱেশন আয়োজনৰ বাবে বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনীৰ দৰে সংগঠনক দায়িত্ব দিয়া হওক। লগতে, ৰাজ্যৰ বিভিন্ন বাঙালি সংগঠনকো এই অধিৱেশনত অন্তৰ্ভুক্ত কৰা উচিত। এই পদক্ষেপ দুই জনগোষ্ঠীৰ মাজত সম্প্রীতি আৰু সমন্বয় অধিক সুদৃঢ় কৰিব। তেওঁ মুখ্যমন্ত্ৰীক এই বিষয়ে বিশেষ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে।
সাত বিহুত কোনো কাৰণতে পৰিৱেশনৰ অনুমতি দিয়া নহ’ব হিন্দী গীত
প্ৰেৰক গৌতম তালুকদাৰ