নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাকী দিওঁতে সাৱধান…. নগাঁৱত দোকানীক প্ৰচণ্ড ঘোচা গ্ৰাহকৰ

বিশেষ বাৰ্তা, ১৮ মেঃ দোকানৰ বাকী খুজি বিপদত পৰিল দোকানী। বাকী খোজাৰ বাবেই আজি দোকানীৰ মুখত প্ৰচণ্ড ঘোচা মাৰে এজন গ্ৰাহকে। ফলত গুৰুতৰভাৱে আহত হয় দোকানীজন।

নগাঁৱৰ তেলিয়া পানীগাঁৱত সংঘটিত হৈছে এই ঘটনা। দিলীপ বৰা নামৰ গেলামালৰ দোকানীজনৰ দোকানত বাকীকৈ সামগ্ৰী ক্ৰয় কৰিছিল ওচৰৰে ধন বৰা নামৰ লোকজনে।বহুদিন ধৰি দিয়া নাছিল টকা।

বাকীৰ ধন বিচাৰোতেই দোকানীজনক প্ৰহাৰ কৰে ধন বৰাই। মুখমণ্ডলত প্ৰচণ্ড ঘোচা মাৰে গ্ৰাহক ধন বৰাই। দোকানী দিলীপ বৰাই ধন বৰাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like