নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মান্তিক ঘটনা : পদুম পুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত প্ৰাণহানি কনিষ্ঠৰ

ষ্টাফ ৰিপৰ্টাৰ, ২৩ ছেপ্টেম্বৰঃ বিদ্যালয়ত পাঠদান চলি থকা সময়তে খোদ বিদ্যালয় চৌহদতে আজি দৰঙৰ মহলীয়াপাৰাৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ এজনে নৱম শ্ৰেণীৰ ছাত্ৰৰ প্ৰাণকাঢ়ি লোৱা কৰুণ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে প্ৰশ্ন উঠিছে, বিদ্যালয়ত এজাক চৰকাৰী দৰমহাভোগী শিক্ষক থাকোতে, কেনেকৈ দশম শ্ৰেণীৰ ছাত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰিলে? লক্ষনীয় যে কালি বুঢ়ীনগৰ পুখুৰীৰ সমীপত দুয়োগৰাকী ছাত্ৰই ফুটবল খেলত অংশ লৈছিল। খেলৰ মাজতে দুয়োৰে মাজত কিবা বিশেষ বিষয়ক লৈ মনোমালিন্যৰ সূত্ৰপাত হয়। অৱশ্যে কালি দুয়োজনে তৰ্ক-বিতৰ্কৰ মাজেৰে বিষয়টো সামৰে যদিও আজি বিদ্যালয় চৌহদ পোৱা মাত্ৰকে পুনৰ আৰম্ভ হয়। বিশেষকৈ এই বিবাদত দশম শ্ৰেণীৰ ছাত্ৰজনক ৩গৰাকী বন্ধুৱে উচটনি দি জড়িত হৈ পৰাৰ পাছতে খোদ শ্ৰেণীকোঠাতে মাৰপিট আৰম্ভ হয়। এহাতে প্ৰচণ্ড গৰম আনহাতে তীব্ৰ প্ৰহাৰৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকী শ্ৰেণীকোঠাতে মূৰ্চা যায় আৰু পাছলৈ দেওমৰনৈ চিকিৎসালয়লৈ অনা হয়। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে দেওমৰনৈত চিকিৎসাৰ নামত সময় অপচয়ৰ বাহিৰে কোনো ফল নধৰিলে। পোনে পোনে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আইচিইউত ৰখা হ’লে ছাত্ৰজনৰ প্ৰাণ বচাব পৰাৰ সম্ভৱনাক লৈ ব্যাপক চৰ্চা হৈছে। তাৎপৰ্যপূৰ্ণ যে বুঢ়ীনগৰ সেনাপতি পাৰা গাঁৱৰ হেমচন্দ্ৰ ডেকাৰ একমাত্ৰ পুত্ৰ ভৱেশ ডেকা আজি পুৱাৰ ভাগতে অধ্যয়নৰত পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় লৈ আহিছিল। নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন খেলা-ধূলাকে ধৰি পঢ়া-শুনাতো যথেষ্ঠ আগবঢ়়া আছিল। ভৱেশৰ ভিন্ন দিশত পাৰদৰ্শিতাৰ বাবে বন্ধু বৰ্গ তথা চুবুৰীয়াৰ মৰম, সমীহ আদায় কৰি আহিছিল। পুৱা বিদ্যালয়লৈ অহা ছাত্ৰজন যে পুনৰ উভতি নাযাব, সেয়া হয়তো কোনেও কল্পনাই কৰা নাছিল। কিন্তু বিধিৰ লিখন, সেইদৰেই অখণ্ডিত হৈ ৰ’ল। ভৱেশ বিদ্যালয় চৌহদত সুকলমে উপস্থিত হোৱাৰ পাছত প্ৰথমটো পিৰিয়ড সমনীয়াৰে হাঁহি-মাতিয়েই সুকলমে সম্পন্ন কৰিছিল। কিন্তু হঠাৎ শ্ৰেণীকোঠাত দশম শ্ৰেণীৰ ছাত্ৰ অভিজিৎ বৰুৱাসহ অন্য ৩জন ছাত্ৰই প্ৰৱেশ কৰি ভৱেশক বেয়াকৈ প্ৰহাৰ কৰে। ফিল্মী ষ্টাইলৰ এই প্ৰহাৰত ভৱেশ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু শ্ৰেণীকোঠাতে মূৰ্চা যায়। ভবেশৰ অৱস্থা সংকটজনক হোৱাত বিদ্যালয় প্ৰশাসনৰ গা-লৰে আৰু প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাই এম্বুলেন্স মাতি পঠিয়ায়। একেদৰে ভৱেশৰ পিতৃ-মাতৃকো খবৰ দি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। পোনতে দেওমৰনৈ, পাছলৈ মঙলদৈ লৈ নিয়াৰ পথতে মৃত্যু হয় ভবেশ ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনৰ। ছাত্ৰজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতে পদুম-পুখুৰী উচ্চ মাধ্যমিকত সহস্ৰাধিকে ভীৰ কৰে আৰু অভিভাৱক সকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক কঠোৰ ভাষাৰে নিন্দা কৰে। দুৰ্বল প্ৰশাসনিক ব্যৱস্থাৰ বাবেই শ্ৰেণীকোঠাতে ছাত্ৰজনৰ মৃত্যুৰ স্ক্ৰীপ্ট লিখা হ’ল বুলি দোষাৰোপ কৰে। পাছলৈ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে নিথৰ ভৱেশৰ দেহ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰে যদিও ভৱেশৰ মৃত শৰীৰ আজি মৰ্গতে ৰাখি কাইলৈহে পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে। ইপিনে, ছিপাঝাৰ থানাৰ অন্তৰ্গত পাথৰিঘাট আৰক্ষী চকীৰ এটা দলে মাৰপিটত লিপ্ত দশম শ্ৰেণীৰ অভিজিৎ বৰুৱা আৰু অন্য দুগৰাকী ছাত্ৰক সোধপোচৰ বাবে থানালৈ লৈ যোৱাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাসহ বিদ্যালয়খনৰ ৭গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক বিষয়টোৰ সোধপোচ তথা সাধাৰণ ৰাইজৰ লপা-থপা দিয়াৰ ভয়ত ছিপাঝাৰ থানাত আৱদ্ধ কৰি থয়। আৰক্ষীয়ে নিশালৈ ৩ ছাত্ৰক গ্ৰেপ্তাৰ কৰি কাইলৈ জুভেনাইললৈ প্ৰেৰণৰ সম্ভাৱনা আছে।
প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা
You might also like