মানৱ সেৱা চিকিৎসকসকলৰ প্ৰধান লক্ষ্য হোৱা উচিতঃ বেবেজীয়াত ডেণ্টেল এণ্ড এচথেটিক ক্লিনিকৰ শুভাৰম্ভ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰৰ
নিয়মীয়া বাৰ্তা, ১২ মে’: নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলবাসীৰ বাবে সুখবৰ ৷ বেবেজীয়া চাৰিআলিৰ কাষতে পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আজিৰে পৰা মুকলি কৰা হৈছে দন্ত আৰু সৌন্দৰ্য্যবোধৰ চিকিৎসা কেন্দ্ৰ ৷ অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থাৰে “আৰাধনা ডেন্টেল এণ্ড এচথেটিক ক্লিনিক” শীৰ্ষক চিকিৎসা কেন্দ্ৰটি ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰিছে বেবেজীয়াৰ বিশিষ্ট নাগৰিক দিপ্তী খাটনিয়াৰৰ সুযোগ্য সন্তান ডাঃ ভাগৱত জ্যোতি খাটনিয়াৰে ৷ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এই চিকিৎসা কেন্দ্ৰটি আজি আনুষ্ঠানিকভাবে ফিটা কাটি মুকলি কৰে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰে ৷ ভাষণ প্ৰসংগত ডাঃ পাটৰে কয় যে–সময়ৰ লগে লগে আধুনিক চিকিৎসা ব্যৱস্থাত বহু পৰিৱৰ্তন আহিছে ৷ মানুহৰ সজাগতাৰ কাৰণে গড় আয়ুস বৃদ্ধি পাব ধৰিছে ৷ আচলতে চিকিৎসকসকলৰ প্ৰধান লক্ষ্য হোৱা উচিত মানৱ সেৱা ৷ সেয়ে মানুহৰ আশীৰ্বাদ পাবলৈ নিস্বাৰ্থভাৱেও সেৱা আগবঢ়াব লাগিব ৷ মানৱ সেৱাৰ ভাবেৰে কাম কৰিব পাৰিব লাগিব চিকিৎসকসকলে ৷ পিছে বৰ্তমান সময়ত স্বাস্থ্য সেৱাত কৰ্মৰত এচাম চিকিৎসকৰ নিজা কৰ্মৰ প্ৰতি নিচা কমি অহা যেন লাগিছে ৷ আনকি মানসিক পৰিৱৰ্তন ঘটিছে গাঁৱৰ সলনি চহৰত থকা চিকিৎসকৰ ৷ গ্ৰামাঞ্চলত চাকৰি কৰাৰ মনোভাৱ নোহোৱা হোৱাটোৱে একাংশ চিকিৎসকৰ মানৱীয় দৃষ্টিভঙ্গী হ্ৰাস পোৱা যেন দেখা যায় বুলিও মন্তব্য কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক পাটৰে ৷ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা আৰু প্ৰবীন শিল্পী গম্ভীৰ নাথৰ দ্বাৰা এটি ভক্তিমূলক গীতেৰে শুভাৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানটিত শিক্ষাবিদ বাণীকান্ত শৰ্মা,বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত নাথ, কাউঞ্চিলৰ তপন বৰদলৈ, বিশিষ্ট সমাজকৰ্মী বিতুল কাকতি, সাংবাদিক জয়ন্ত মুদৈ, সমীৰ হাজৰিকা, অধিবক্তা নিকি তাচা দেউৰজাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য, খুব কম খৰছতে উন্নতমানৰ অত্যাধুনিক পদ্ধতিৰে এই চিকিৎসা কেন্দ্ৰটিৰ জৰিয়তে দাঁতৰ লগতে মুখ, ছাল আৰু লেজাৰৰ চিকিৎসা প্ৰদান কৰা হ’ব বুলি চিকিৎসক ভাগৱত জ্যোতি খাটনিয়াৰে জানিবলৈ দিছে ৷
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ