নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম মৃত্যু বাৰ্ষিকীত ওপজা ঠাই ঢকুৱাখনাত হোমেন বৰগোহাঞিক শ্ৰদ্ধাঞ্জলিৰে পষেকীয়া কাৰ্যসূচীৰে স্মৰণ

নিয়মীয়া বাৰ্তা, ১২ মে:: অসমৰ বৌদ্ধিক জগতখনত ৫টা দশকৰো অধিক কাল নিজৰ দুৰদৰ্শী চিন্তাৰে এক প্ৰকাৰ অভিভাৱকৰ দায়িত্ব পালন কৰা প্ৰথিতযশা সাহিত্যিক ,সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষত শিক্ষাৰ্থীসকলৰ সৃজনীশীল চিন্তন – মনন আৰু বৌদ্ধিক সংৰচনাৰ উদেশ্যে – হোমেন বৰগোহাঞি ন্যাস,ঢকুৱাখনা আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত “প্ৰেৰণাৰ এপষেক” নামৰ এটি অনুষ্ঠানৰ আজিৰ আৰম্ভ কৰি সাহিত্যিকজন আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে নতুন প্ৰজন্মক পৰিচয় কৰোৱাই দিয়াৰ প্ৰয়াগ কৰা হৈছে । পষেকৰ প্ৰথমটো কাৰ্যসূচী আজি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয়। ঢকুৱাখনা মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঁচনি বিষয়া টবেন্দ্ৰ নাথ দাসে আঁত ধৰা অনুষ্ঠানটোত পৌৰোহিত‍্য কৰে পদ্মাৱতী কোচে ।ইয়াৰ পিছত মহিলা সমিতিৰ দ্বাৰা বৰগোহাঞিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় । হোমেন বৰগোহাঞি ন্যাসৰ সমন্বয়ক দুলেন চমুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ যোগানন্দ সূতে হোমেন বৰগোহাঞিদেৱৰ ওপৰত এক মননশীল মন্তব্য প্ৰদান কৰে । ইয়াৰ পাছতে , সমল ব্যক্তি হিচাপে উপস্থিত থকা ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° বিভাৰাণী দাসে হোমেন বৰগোহাঞিদেৱে শিশুৰ উপযোগীকৈ ৰচনা কৰা কিছু কিতাপৰ নাম কয় আৰু কিতাপসমূহ ছাত্ৰ ছাত্ৰীসকলক পঢ়িবৰ বাবে অনুৰোধ জনায় । ইয়াৰ উপৰিও , জীৱনী গ্ৰন্থসমূহ পঢ়িলে কিদৰে উপকৃত হয় সেই কথা ব্যক্ত কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ সমাজকৰ্মী জগদীশ গগৈয়ে বক্তব্য ৰাখে উক্ত সভাখনত বিদ্যালয়ৰ ছাত্ৰ , শিক্ষকবৃন্দ , ঢকুৱাখনা মহাবিদ্যালয়ৰ সদস্যকে ধৰি মুঠ ২ শতাধিকতকৈও অধিক সদস্য উপস্থিত থাকে । ইয়াৰ পিছত পৰ্যায় ক্ৰমে ঢকুৱাখনাৰ কেইবাখনো শিক্ষানুষ্ঠানত হোমেন বৰগোহাঞিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হ’ব ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like