নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়াত ইতাভাতাৰ বাবে সমস্যাত মৌ পালক-কৃষক ৰাইজ : আন্দোলনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ১১ জুন : দুটা ইটাভাতাই ভয়ংকৰ সমস্যাত পেলাইছে বিহপুৰীয়াৰ শ শ কৃষকক। বিহপুৰীয়াৰ সান্দহখোৱা গাঁৱৰ নিচেই কাষতে থকা ইটাভাতা দুটাৰ পৰা বাহিৰ হোৱা ধোঁৱাই কাল হৈছে অঞ্চলটোৰ কৃষকসকলৰ বাবে । বিহপুৰীয়াৰ সান্দহখোৱা গাঁৱৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ কৃষকসকলে শাক-পাচলিৰ খেতি কৰিয়েই বছৰটোৰ ভাতমুঠি মোকলায় ৷ বানপীড়িত এই গাঁওসমূহৰ চহা কৃষকসকলে বিগত বছৰসমূহৰ দৰে এই বছৰো জিকা, ভেন্দি আৰু দাংবডিৰ খেতি কৰে । কিন্তু এইবাৰ সেইসকল কৃষকৰ বিঘাই বিঘাই জিকা, ভেন্দিৰ খেতি ফল নধৰোঁতেই মৰহি শুকাই গ’ল । প্ৰথম অৱস্থাত কৃষকসকলে প্ৰতিকূল বতৰ অৰ্থাৎ অত্যধিক গৰমৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে বুলি ভাবিছিল যদিও পৰৱৰ্তী সময়ত কিন্তু বতৰৰ অনুকূলতাৰ পিছতো খেতিসমূহ শুকাই যাবলৈ ধৰাত ইটাভাতাৰ পৰা নিৰ্গত অত্যধিক ধোঁৱাৰ বাবেই এনে সমস্যাৰ সৃষ্টি হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে । তদুপৰি অঞ্চলটোৰ শতাধিক পৰিয়ালে মৌপালন কৰি পৰিয়াল পোহপাল দি আহিছে ৷ কিন্তু কিছুদিনৰ পৰা মৌপালকসকলকো ইটাভাতা দুটাই তীব্ৰ সমস্যাত পেলাইছে ৷ ইটাভাতাৰ ধোঁৱাৰ বাবে মৌ মাখিয়ে বাঁহ এৰি গুচি যোৱাৰ লগতে বাহে বাহে মৌমাখি মৰি যোৱাৰ ফলত আগন্তুক সময়ত অঞ্চলটোৰ পৰা মৌ মাখি নোহোৱা হৈ যোৱাৰ আশংকা প্ৰকাশ কৰিছে মৌ পালকসকলে ৷ ইপিনে, মৌ-পালনৰ দ্বাৰা মৌ-পালকসকল স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যিক প্ৰেক্ষাপটত গাঁওখনক মৌ গাঁও হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা গাঁওখনত মৌ পালনৰ প্ৰশিক্ষণ ল’বলৈ বহু লোকৰ আগমন ঘটে। কিন্তু মৌপালনৰ ক্ষেত্ৰত দেখা দিয়া এনে অনাকাংক্ষিত ঘটনাৰ বাবে গাঁওখনৰ লোকসকল চিন্তিত হৈ পৰিছে। এনে পৰিস্থিতিত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্যথা ভৱিষ্যতে কৃষকসকলৰ লগতে মৌ পালকসকলে আন্দোলন কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে ৷

প্ৰেৰক সঞ্জীৱ দত্ত

You might also like