নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰপলহাত বুট-মাহত বিষক্ৰিয়া

🔹 ব্যৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰি বুট-মাহৰ নমুনা সংগ্ৰহ খাদ্য সুৰক্ষা বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰপলহাত (হালধিবাৰী) বুট-মাহ খাই কেইবাজনো লোক শৌচ-বমি হৈ অসুস্থ হৈ পৰে। জানিব পৰা মতে, ক্ষুদ্ৰপলহাৰ অনিল ডেকাৰ পৰিয়ালে ৩১ আগষ্টত স্থানীয় মন্দিৰত বুট-মাহ-ভোগেৰে নৈবেদ্য আগবঢ়ায়। সেই নৈবেদ্যৰ বুট-মাহ, ভোগ খাই নিশালৈ দুই-এজনে শৌচ-বমি কৰি অসুস্থ হৈ পৰে। পিছদিনা বিয়লি ভাগত বুট-মাহ খোৱা কেইবাগৰাকীও পুৰুষ-মহিলা শৌচ-বমি কৰি বেছিকৈ অসুস্থ হৈ পৰে। এই ঘটনাৰ খবৰ লাভ কৰি এম পি ডব্লিউ কুশল গোস্বামী, চি এইচ অ’ ৰচিদা বেগম, এ এন এম ৰীণা দাসে ততালিকে গাঁওখনৰ হালধিবাৰী চুবুৰিত উপস্থিত হৈ আক্ৰান্ত লোকসকলক নিকটৱৰ্তী বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে। ইয়াৰে কিছুসংখ্যকক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়াৰ লগতে আক্ৰান্ত পূৰবী নাথ নামৰ গৰ্ভৱৰ্তী মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তোলাৰাম বাফনা অসামৰিক চিকিৎসায়লৈ নিশাই প্ৰেৰণ কৰা হয়। আক্ৰান্তসকল হ’ল ভুবনেশ্বৰী নাথ, অমিৰাণ নাথ, বকুলী নাথ, এধান দাস, পূৰবী নাথ, বতাহী ডেকা, দীক্ষিতা ডেকা, মহিমা নাথ, কল্পনা ডেকা, অবিনাশ নাথ, বিউতি দাস, ববিতা দাস, নিপন ডেকা, পৰমা নাথ, ডলি ডেকা, মৃদুল ডেকা, জলিতা দাস, ভাৰ্ণৱ ডেকা, গীতাঞ্ছলি দাস, লক্ষী নাথ, সংগীতা নাথ, অনিল ডেকা আদি। বুট-মাহত বিষক্ৰিয়া হোৱা সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগৰ পৰা জানিবলৈ দিয়া মতে, খাদ্য সুৰক্ষা বিষয়াই গাঁওখনত খবৰ লোৱাৰ লগতে বুট-মাহ ক্ৰয় কৰি নিয়া বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথস্থিত শান্তি ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো পৰিদৰ্শন কৰি ইতিমধ্যে বুট-মাহৰ নমুনা সংগ্ৰহ কৰিছে।

প্ৰেৰক লক্ষী ডেকা

You might also like