নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ বেলতলা আৰু বৰাকত পুনৰ আৰম্ভ হৈছে কয়লা মাফিয়াৰ দপদপনি৷ ছালফা–মাফিয়াৰ নেতৃত্বত ৰাজ্যত পুনৰ সূচনা হৈছে কয়লা ছিণ্ডিকেটৰ ক’লা অধ্যায়৷ মেঘালয়ৰ পৰা সৰবৰাহ হোৱা কয়লাক কেন্দ্র কৰি গঢ়ি উঠা এই ছিণ্ডিকেটত প্রতিনিশা সংগ্রহ হৈছে কোটি কোটি টকা৷ এই ধনৰ ভাগ ছিণ্ডিকেট বাহিনীৰ জৰিয়তে স্থানীয় আৰক্ষী থানাৰ পৰা দিছপুৰৰ বৰমূৰীয়ালৈ সকলোৱে লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই ছিণ্ডিকেটৰ নেতৃত্ব লোৱা জনৈক মানস চেতিয়া আৰু বিশ্বজিৎ চেতিয়াই সঘনাই দিছপুৰৰ প্রভাৱশালী মহল আৰু মুখ্যমন্ত্রী কার্যালয়ৰ নাম লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে, নব্বৈৰ দশকৰ কলংকিত কয়লা ছিণ্ডিকেটৰ অন্ধকাৰ অধ্যায়ৰ দৰেই এইবাৰো ছিণ্ডিকেটৰ সহযোগিতাত নামি পৰিছে কেইজনমান আলোচনাপন্থী আলফা আৰু কুখ্যাত মাফিয়া৷ ছিণ্ডিকেট বাহিনীৰ ধন সংগ্রহৰ মূল ঠিকনা হ’ল মহানগৰীৰ বেলতলা৷ য’ৰ পৰা মেঘালয়ৰ পৰা গুৱাহাটীলৈ অহা কয়লা প্রতিনিশা ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰাৰ সেউজ সংকেত দিয়া হয়৷
প্রাপ্ত তথ্য অনুসৰি যোৱা ৭ দিনৰ প্রতিনিশাই বেলতলাত প্রৱেশ কৰিছে ৬০–৭০খনকৈ কয়লাভর্তি ট্রাক৷ ইয়াৰে আধা ট্রাক বেলতলা হৈ বহিঃৰাজ্যলৈ ওলাই যোৱাৰ বিপৰীতে আধাসংখ্যক ট্রাক আনলোড হৈছে বেলতলাৰ কয়লা ডিপোত৷ বেলতলাত কয়লাভর্তি ট্রাক প্রৱেশ কৰাৰ লগে লগে মানস চেতিয়া আৰু বিশ্বজিৎ পাঠকৰ মাফিয়া বাহিনীয়ে ভুৱা জি এছ টি চালান এই ট্রাকসমূহক প্রদান কৰে৷ ইয়াৰ বাবদ প্রতিখন ট্রাকৰ পৰা সংগ্রহ হৈছে ২০ৰ পৰা ৭০ হাজাৰ টকাকৈ৷ বেলতলাত আনলোড হোৱা ট্রাকসমূহৰ পৰা ২০ হাজাৰ আৰু শ্রীৰামপুৰ হৈ বহিঃৰাজ্যলৈ যোৱা প্রতিখন কয়লা পৰিবাহী ট্রাকে ছিণ্ডিকেট বাহিনীক দিব লাগে ৭০ হাজাৰকৈ টকা৷ এই ট্রাকসমূহ মেঘালয়ৰ বর্ণিহাটতে ছিণ্ডিকেট বাহিনীয়ে ৰখাই গুণ্ডাকৰ সংগ্রহ কৰাৰ পাছত আহিবলৈ দিয়ে বুলি জানিব পৰা গৈছে৷ যোৱা সাত দিনত ছিণ্ডিকেট চক্রই প্রায় ৩ কোটি টকা গুণ্ডাকৰ সংগ্রহ কৰা বুলি জানিব পৰা গৈছে৷ বিগত কিছুদিন ধৰি নিয়মীয়াকৈ মেঘালয়ৰ কয়লাৰ চোৰাং সৰবৰাহ চলি আছে৷ ইয়াৰে এটা অংশ নিয়মীয়াকৈ লাভ কৰা বাবেই ধৃতৰাষ্ট্রৰ ভূমিকা লৈ নির্বিকাৰ হৈ আছে অসম আৰক্ষী৷
আনহাতে, মানস চেতিয়া আৰু বিশ্বজিৎ পাঠকৰ ছিণ্ডিকেট চক্রই এই কয়লা ছিণ্ডিকেটৰ বাবদ দিছপুৰতো নিময়ীয়াকৈ ধন আদায় দি অহা বুলি দাবী কৰি আহিছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী কার্যালয়ৰ এজন বিতর্কিত বিষয়াৰ নামো সঘনাই উচ্চাৰিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে এই বিষয়াজনৰ আশীর্বাদতে মানস চেতিয়া আৰু বিশ্বজিৎ পাঠকৰ ছিণ্ডিকেট চক্রই বিগত এমাহ ধৰি বৰাকতো কয়লাৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে৷ ছিণ্ডিকেট চক্রটোৱে বৰাক আৰু মেঘালয় সীমান্তৰ মালিদৰ আৰু গুমৰাহত প্রতিখন ট্রাকৰ পৰা ৫০ হাজাৰৰ পৰা ৬০ হাজাৰ টকাকৈ সংগ্রহ কৰি আহিছে৷ বৰাকৰ এই ছিণ্ডিকেটৰ পৰাও বৃহৎ পৰিমাণৰ ধন আৰক্ষীৰ শীর্ষ মহলৰ লগতে দিছপুৰৰ প্রভাৱশালী চক্রটোক আদায় দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ বৰাকত মানস চেতিয়া আৰু বিশ্বজিৎ পাঠক বাহিনীয়ে একাংশ দালালক গুণ্ডাকৰ সংগ্রহত ব্যৱহাৰ কৰাৰ বিপৰীতে বেলতলাত কয়লা ছিণ্ডিকেটৰ নেতৃত্ব দিছে প্রাক্তন আলফা নেতা ফণীন্দ্র মেধি ওৰফে লেবুয়ে৷ ধন সংগ্রহ আৰু চোৰাং কয়লাৰ ট্রাক পাৰ কৰোৱাত তেওঁলোকক সহযোগ কৰে সুদীপ পাল, পৰাগ কলিতা, কুলদীপ, বাবলি, বাপুতি আদিয়ে৷ আনহাতে, ছিণ্ডিকেটৰ মূল কাণ্ডাৰী মানস চেতিয়া আৰু বিশ্বজিৎ পাঠকৰ বিৰুদ্ধে মেঘালয় আৰক্ষীয়ে ভুৱা জি এছ টি বিল প্রস্তুত কৰাৰ অভিযোগত জামিনবিহীন ধাৰাত গোচৰো ৰুজু কৰিছে৷ যাৰ বাবে তেওঁলোকে মেঘালয়ৰ পৰা পলায়ন কৰি গুৱাহাটীত বাহৰ পাতি নতুন ৰূপত কয়লাৰ ছিণ্ডিকেট আৰম্ভ কৰিছে৷ কিন্তু চোৰে পুৰণি বৃত্তি পাহৰিব নোৱাৰাৰ দৰে এইবাৰো মানস–বিশ্বজিৎ বাহিনীয়ে ভুৱা জি এছ টিৰ আন এখন ক’লা বজাৰ গঢ়ি তুলিছে৷ লেবুৰ নেতৃত্বত গঢ়ি উঠা ছিণ্ডিকেট চক্রই বেলতলাৰ ১৩নং গলিত সঘন বৈঠকত মিলিত হয়৷ তাৰ পৰাই ধন সংগ্রহ আৰু ভাগে ভাগে বিতৰণৰ সমগ্র প্রক্রিয়াটো পৰিচালিত হয়৷ দিছপুৰৰ নাকৰ তলতে কয়লাৰ এই বিশাল ছিণ্ডিকেট চলি থকাৰ পাছতো আৰক্ষীয়ে লৈ আছে চকুমুদা কুলিৰ ভাও৷