নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দুকৰ সলনি কেমেৰা হাতত তুলি লোৱা হাতী চিকাৰীজন আৰু নাই

প্রখ্যাত হস্তী বিশেষজ্ঞ–বন্যপ্রাণী ফটোগ্রাফাৰ দীনেশ চৌধুৰী প্রয়াত

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ চিৰদিনলৈ বিদায় মাগিলে বন্দুকৰ সলনি হাতত কেমেৰা লৈ বনে বনে ঘূৰি ফুৰা হস্তী চিকাৰীজনে৷ মঙলবাৰে ৭৫ বছৰ বয়সত প্রখ্যাত হস্তী বিশেষজ্ঞ দীনেশ চৌধুৰীৰ পৰলোকপ্রাপ্তি ঘটে৷ গুৱাহাটীৰ জুৰোডৰ বাসিন্দা চৌধুৰী বন বিভাগৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত হস্তী চিকাৰী আছিল যদিও তেওঁ হাতীক গুলাীই হত্যা কৰাৰ সলনি সংৰক্ষণতহে সদায় গুৰুত্ব দিছিল৷ নিজৰ কর্মজীৱনত সেয়ে তেওঁ হস্তী বিশেষজ্ঞ আৰু বন্যপ্রাণী ফটোগ্রাফাৰ হিচাপেহে অধিক প্রখ্যাত হৈ পৰে৷ নলবাৰী জিলাত জন্মগ্রহণ কৰা চৌধুৰী অৰণ্যৰ জীৱন আৰু হস্তী অধ্যয়নৰ প্রতি আকৃষ্ট হৈ পৰিছিল পৰিয়ালৰ জৰিয়তে৷ বন্যহস্তী বন্দী কৰা অসমৰ পৰম্পৰাগত মেলা চিকাৰৰ সৈতে দীনেশ চৌধুৰীৰ পৰিয়ালৰ ওতপ্রোত সম্পর্ক আছিল৷ সেয়ে কম বয়সতে হস্তী চিকাৰ সন্দর্ভত তেওঁ প্রচুৰ অভিজ্ঞতা অর্জন কৰিছিল৷ প্রায় ছটা দশকজুৰি তেওঁ হস্তী অধ্যয়নত নিজৰ জীৱন উচর্গা কৰিছিল৷ অৰণ্যৰ জীৱন আৰু বন্যপ্রাণীৰ চৰিত্র সন্দর্ভত প্রচুৰ জ্ঞানৰ বাবেই তেওঁ এটা সময়ত বন্দুকৰ সলনি কেমেৰাক অধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷

বন্য জীৱনৰ এজন সুস্থ পর্যবেক্ষক, বন বিশেষজ্ঞ চৌধুৰীয়ে কাজিৰঙা, পবিতৰা, মানাহ আদিত কেমেৰাত বন্দী কৰা ফটোৰে এটা বৃহৎ সংগ্রহালয় গঢ়ি তুলিছিল৷ তেওঁৰ অৰণ্য আৰু বন্যপ্রাণীৰ ফটোৱে অৰণ্যপ্রেমীৰ মাজত বিপুল জনপ্রিয়তা অর্জন কৰিছিল৷ ২০০০ চনত প্রকাশিত ব্রিটিছ সাংবাদিক টাৰকুইন হলৰ দ্বাৰা ৰচিত ‘দ্য এলিফেণ্ট গ্রেভয়ার্ড’ নামৰ গ্রন্থখনত চৌধুৰীক এক অন্যতম মুখ্য চৰিত্র ৰূপে অংকন কৰা হৈছিল৷ জীৱনৰ শেষ বয়সলৈকে যাতে অৰণ্য আৰু ইয়াৰ জৈৱ–বৈচিত্র্যৰ সৈতে জড়িত হৈ থাকিব পাৰে, তাৰ বাবেই তেওঁ বন্দুকৰ পৰিৱর্তে কেমেৰা হাতত তুলি লৈছিল৷ কাজিৰঙা বন্যপ্রাণী সমাজৰ দ্বাৰা আয়োজিত ‘কল্পনাৰ পৃথিৱী–থ্র’ দ্য লেন্স’ শীষক তেওঁৰ ফটোগ্রাফী প্রদর্শনীয়ে বিপুল জনপ্রিয়তা লাভ কৰিছিল৷ তেওঁৰ কর্মৰ স্বীকৃতি স্বৰূপে কাজিৰঙা বন্যপ্রাণী সমাজে ২০১১ বর্ষত তেওঁক জীৱনজোৰা সাধনা বঁটা প্রদান কৰিছিল৷ চৌধুৰীয়ে ইহসংসাৰত পত্নী, পুত্র, দুগৰাকী কন্যা তথা নাতি–নাতিনীক এৰি থৈ গৈছে৷
মুখ্যমন্ত্রীৰ শোক প্রকাশ
বিশিষ্ট বন্যপ্রাণী আলোকচিত্র শিল্পী, পৰিৱেশ সংৰক্ষণবিদ দীনেশ চৌধুৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক শোকবার্তাত মুখ্যমন্ত্রীয়ে কয় যে বিশিষ্ট আলোকচিত্র শিল্পীগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন বনাঞ্চললৈ গৈ বন্যপ্রাণীৰ আলোকচিত্র তুলি সেইসমূহ প্রচাৰেৰে অসমৰ জৈৱ–বৈচিত্র্যৰ বিচিত্র ৰূপ ভাৰতৰ লগতে সমগ্র পৃথিৱীত প্রচাৰৰ ব্যৱস্থা কৰিছিল৷ পৰিৱেশ সংৰক্ষণৰ দিশত তেওঁ আগবঢ়াই যোৱা অৱদান ৰাজ্যবাসীয়ে শ্রদ্ধাৰে স্মৰণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে প্রয়াত দীনেশ চৌধুৰীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

You might also like