নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰীৰিক বাধাক নেওচি ভাস্কৰ্য-মুখাশিল্পৰ চৰ্চাৰে জীৱন সংগ্ৰামত ব্ৰতী কোটোহা ভগামূৰ গাঁৱৰ শিল্পী বেণীমাধৱ বৰা

নিয়মীয়া বাৰ্তা, ৯ মে’: একাগ্ৰতা,নিষ্ঠা,সততা আৰু উদ্যম থাকিল জীৱন যুঁজত সকলোৱে এদিন সফলতাৰ বাটত আগুৱাই যাবলৈ সক্ষম হয়।বিশেষ শাৰীৰিক সক্ষমতা জীৱনৰ উন্নয়নৰ বাটত কেতিয়াও প্ৰতিবন্ধকতাৰ স্বৃষ্টি কৰিব নোৱাৰে।তাৰেই এক সুন্দৰ নিৰ্দশন দাঙি ধৰিলে জিলাখনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লৰুৱা মৌজাৰ কোটোহা গাওঁ পঞ্চায়তৰ ভগামূৰ গাঁৱৰ শিল্পী বেণীমাধৱ বৰাই।বিশেষভাবে শাৰীৰিক সক্ষমতা আৰু বিভিন্ন প্ৰতিবন্ধকতাকো নেওচি কঠোৰ পৰিশ্ৰমেৰে ভাস্কৰ্য আৰু মুখাশিল্প চৰ্চাৰে জীৱনৰ কঠোৰ সংগ্ৰামত ব্ৰতী হৈ আহিছে।জানিব পৰামতে জন্মৰ এবছৰ পিছতেই পলিঅ’ত ৰোগাক্ৰান্ত হৈ শাৰীৰিক বাধাগ্ৰস্থ হৈ পৰা স্বত্বেও প্ৰাথমিক বিদ্যালয়ৰ পৰা নৱম শ্ৰেণীলৈ শিক্ষা অধ্যয়ন কৰে। শাৰীৰিক বাধাগ্ৰস্থতাৰ বাবেই আধাৰুৱা শিক্ষা সামৰি শিল্প চৰ্চাৰ প্ৰয়াস কৰি ১৯৯০ চনতে মুখা আৰু বাহঁ বেতৰ শিল্প চৰ্চাৰ আৰম্ভ কৰিবলৈ লোৱা প্ৰচেষ্টাৰ পিছত ধৈৰ্যশীলতাৰে নিজকে শিল্প কৰ্মত আত্ম নিয়োগ কৰে।বেণীমাধব বৰাই ভগামূৰ বৰনামঘৰত অনুষ্ঠিত নৃসিংহ যাত্ৰা ভাওনাত ভগৱান বিষ্ণুৰ নৰসিংহ আৰু বৰাহৰূপী বিষ্ণুৰ প্ৰতিকৃতি নিৰ্মাণ কৰি ভাওনা প্ৰদৰ্শন কৰাত সেৱা আগবঢ়াই আহিছে।শাৰীৰিক বাধাগ্ৰস্থতাৰ মাজতেই মুখা,কুটিৰ শিল্প,ভাস্কৰ্য আদি শিল্প চৰ্চাত একাগ্ৰতাৰে সাধনাত মনোনিবেশ কৰি আহিছে শিল্পী বেণীমাধবে।২০০০চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ডিব্ৰুগড় পৰা শাৰীৰিক ভাৱে অক্ষম পৰিচয়-পত্ৰ পোৱা বেণীমাধবে এখন ট্ৰাই চাইকেল লাভ কৰাৰ পিছত আজিকোপতি ট্ৰাই চাইকেলতেই  বিভিন্ন স্থানলৈ অহা যোৱা কৰে।কোনো কাৰিকৰী শিল্পকলা জ্ঞান অধ্যয়ন নকৰাকৈ  কঠোৰ পৰিশ্ৰমেৰে সংগঠিত ৰূপত বেণীমাধব বৰাই নিতৌ নতুন কৌশলেৰে ভাস্কৰ্য আৰু মুখাশিল্পক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ঈশ্বৰ প্ৰদত্ত শৈল্পিক প্ৰতিভাৰে কাঠ,বাহঁবেত,থাৰ্মকলৰ দ্বাৰা নিৰ্মিত শিল্পই প্ৰাণ পাই উঠে প্ৰচাৰ বিমুখ শিল্পী বেণীমাধব বৰাৰ হাতত।ইতিমধ্যে শিল্পী বেণীমাধব বৰাই ভগৱান বিষ্ণুৰ নৰসিংহ,বৰাহ অৱতাৰ প্ৰতিকৃতি মুখা, ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ অঘাসুৰ,বকাসুৰ (বগলী নিচিনা)বাসুকী নাগ,কালীয় নাগ, ৰাৱণৰ মুখাৰ অৱয়ব প্ৰতিকৃতি,ঘোড়া,ৰথ, ভাওনাৰ ভাৱৰীয়াৰ বিভিন্ন দৃশ্যৰ প্ৰতিচ্ছবি সম্বলিত ৰূপ, সজুলি,বাহঁ বেতৰ চকী,মেছ,খৰাহী, অসমীয়া লোকবাদ্য সুতুলী,টকা,আদি নিজ হাতেৰে নিৰ্মাণ চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰে আৰু আৰ্হিত নামঘৰৰ তোৰণ, নামঘৰৰ বিভিন্ন  ভাওনাৰ দৃশ্যাৱলীৰ সামগ্ৰী, নিৰ্মাণ কৰি লোক শিল্পী হিচাপে নিপুণতাৰে পৰিচিত।উল্লেখযোগ্য যে ১৯৯৯ চনত ভগামূৰ বৰনামঘৰৰ অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠানৰ দৃশ্যাৱলী ২০০৫ চনত খোৱাং দলনিকুৰৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ মঞ্চ, দৃশ্যৰ সামগ্ৰী নিৰ্মাণ ২০০৬ চনত,ভগামূৰৰ মিলন সংঘৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ তোৰণ আৰু মঞ্চ নিৰ্মাণ,২০০৯ চনত খোৱাং গৰৈমাৰীত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠ আধ্যাত্মিক অনুষ্ঠানৰ সামগ্ৰী নিৰ্মাণ কৰি শিল্পী হিচাপে চমক দেখুৱাবলৈ সক্ষম হৈছিল।আনহাতে বেণীমাধব বৰাই তেওঁৰ হাতত প্ৰাণ পাই উঠা শিল্পৰ ইতিমধ্যে ২০১১ চনত ডিব্ৰুগড় কুমাৰণীচিগাত অনুষ্ঠিত অনুষ্ঠানত প্ৰদৰ্শন, ২০১৩ বৰ্ষত খোৱাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত প্ৰদৰ্শন, ২০১৪চনত খোৱাং গৰৈমাৰীত অনুষ্ঠিত সদৌ অসম কুমাৰ সন্মিলনৰ অধিৱেশনৰ প্ৰধান তোৰণ নিৰ্মাণ আৰু অধিবেশনৰ প্ৰদৰ্শনীত শিল্প প্ৰদৰ্শন, ২০১৫ চনত খোৱাং চাৰিআলিত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ ৬০ ফুট দৈৰ্ঘ্যৰ পেঁপা নিৰ্মাণ, ২০১৮ চনত ভগামূৰ ক্ৰিকেট দলৰ সামগ্ৰী নিৰ্মাণ,ভগামূৰ মিলনজ্যোতি মইনা পাৰিজাতৰ অনুষ্ঠানত সামগ্ৰী আৰু তোৰণ নিৰ্মাণকে ধৰি চিত্ৰ কলা অংকন আৰু সেই চিত্ৰকলাৰ বাস্তৱিক ৰূপত শিল্প ৰূপ দিয়াকে ধৰি বাহঁ বেতৰ শিল্প আৰু ভাস্কৰ্য শিল্প, স্থাপত্য শিল্পৰ নিৰ্মাণ কৰি কোটোহা ভগামূৰ গাঁৱৰ শিল্পী বেণীমাধৱ বৰাই এগৰাকী সুদক্ষ কুটিৰ শিল্পী হিচাপে আত্মপৰিচয়ৰে অসমীয়া লোক সংস্কৃতিৰ ভৰাল চহকীৰে উত্তৰণৰ দিশত এক অনবদ্য অৰিহণা যোগাই আহিছে।আজি পৰ্যন্ত শিল্পী পেঞ্চনৰ পৰা বঞ্চিত কোটোহা ভগামূৰৰ ভাস্কৰ্য,মুখা আৰু কুটিৰ শিল্পী বেণীমাধব বৰাক শিল্পী পেঞ্চন আচঁনিত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা মৰাণ সমষ্টিৰ বিধায়কে কি বিশেষ গুৰুত্ব আৰোপ কৰিব, সেয়া লক্ষনীয় হৈ পৰিছে।শাৰিৰীক প্ৰতিবন্ধকতাকো আওকাণ কৰি অসমীয়া লোক সংস্কৃতি, কৃষ্টি আৰু বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰে অনুপ্ৰাণিত একশৰণ নামধৰ্ম আধাৰত মুখা শিল্প,বাহঁ বেতৰ শিল্প, ভাস্কৰ্য শিল্প নিৰ্মাণেৰে বহুমুখী প্ৰতিভাসম্পন্ন কোটোহা ভগামূৰ গাঁৱৰ শিল্পী বেণীমাধৱ বৰাক শিল্পী পেঞ্চন আচঁনিত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজনীয় বুলি সকলোতে সৰব চৰ্চাও চলিছে।
  • ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।
You might also like