বিশেষ বাৰ্তা, ১১অক্টোবৰঃ দুৰ্ঘটনাতকৈ পলম হোৱা ভাল। আমি হয়তো এই বাক্যটো বহুবাৰ পঢ়িলোঁহেঁতেন, কিন্তু মানুহে খৰখেদাকৈ নিজৰ জীৱন বিপদত পেলোৱাৰ পৰা বিৰত নাথাকে। এনে এটা ঘটনা পোহৰলৈ আহিছে হাওৰা পুৰিৰ পৰা, য’ত মঙলবাৰে এজন যাত্ৰীয়ে নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ দৌৰি থাকোঁতে বন্দে ভাৰত ৰে’লৰ গাৰ্ড কেবিনত উঠিবলৈ চেষ্টা কৰিছিল। পিছলি পৰি তেওঁৰ জীৱন শেষে হৈছিল যদিও কৰ্তব্যৰত আৰ পি এফৰ জোৱানসকলে ভগৱানৰ দূত হৈ তেওঁৰ জীৱন ৰক্ষা কৰিলে। বন্দে ভাৰতৰ সকলো দুৱাৰ বন্ধ হৈ গাৰ্ড কেবিনক খোলা ৰখা হৈছিল, য’ত তেওঁ উঠিবলৈ চেষ্টা কৰি থাকোঁতে পিছলি পৰিছিল। প্লেটফৰ্ম আৰু ৰেলৰ মাজৰ কেবিনত পৰিবলৈ গৈ থকা অৱস্থাত কৰ্তব্যৰত ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ কনিষ্টবলজনে তেওঁক ধৰি টানি উলিয়াই আনে। তেওঁৰ জীৱন কথমপিহে ৰক্ষা পৰিল। নিৰাপদে জীৱন ৰক্ষা কৰাৰ পিছত যাত্ৰীগৰাকীয়ে আৰ পি এফ জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। ইয়াৰ এটা ভিডিঅ’ও ওলাইছে যিটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা হৈছে। চলন্ত ৰেলত উঠি মানুহ পিছল খাই জীৱন বিপদত পেলোৱাৰ বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে জুন মাহত তেলেংগানাৰ বেগুম্পেট ৰে’ল ষ্টেচনত চলন্ত ৰে’লত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত পৰি যোৱা এগৰাকী মহিলা যাত্ৰীক উদ্ধাৰ কৰিছিল এজন কনিষ্টবলে। আন এক ঘটনাত মাৰ্চ মাহত মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছত দুৱাৰখন ধৰি চলন্ত ৰেলত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলখনৰ সৈতে টানি লৈ যায়। অৱশ্যে তাত কৰ্তব্যত থকা আৰ পি এফৰ কনিষ্টবলে তেওঁক বচালে। বিপজ্জনক হ’ব পাৰে বুলি ৰে’ল মন্ত্ৰালয়ে যাত্ৰীসকলক বাৰে বাৰে আহ্বান জনাই আহিছে যে চলি থকা ৰে’লত উঠিব বা নামি নাযাব।