🟢বেজবৰুৱা আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত বিদ্যমান : মৃদুল হাজৰিকা
বিশেষ বাৰ্তা, ১৪ অক্টোবৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত আজি উলহ-মালহেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয় । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ৷ উদ্বোধনী ভাষণত উপাচাৰ্যগৰাকীয়ে কয়, “বেজবৰুৱাদেৱৰ সমগ্ৰ সাহিত্য-সৃষ্টিয়ে অসমীয়া জাতিক শক্তিশালী কৰি গৈছে ৷ বেজবৰুৱা আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত বিদ্যমান” ৷ বিভাগীয় প্ৰধান ড° শ্যামলী দলৈয়ে আগবঢ়োৱা আদৰণি ভাষণৰ পাছতেই লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-সাহিত্য সম্পৰ্কত মূল বক্তৃতা আগবঢ়াই নগাঁও মহাবিদ্যালয়ৰ (স্ব:) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক দীপক কুমাৰ বৰাই । অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সঙ্গীত পৰিৱেশন কৰাৰ উপৰিও অসমীয়া বিভাগৰ হিমাশ্ৰী ভট্টাচাৰ্য, শান্তনু কৌশিক, তাঞ্জিমা খাতুন আৰু ইংৰাজী বিভাগৰ ছাত্ৰী দীক্ষিত কাকতিয়ে বেজবৰুৱাৰ ৰচিত গীত পৰিৱেশন কৰে । আনহাতে ছাত্ৰী ৰিকুমণি বৰাৰ লগতে প্ৰথম ষান্মাষিকৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰে । ছাত্ৰী যশোশ্ৰী ভৰদ্বাজে আঁতধৰা অনুষ্ঠানত বেজবৰুৱাৰ “নুমলীয়া পো” সাধুকথাৰ আধাৰত ৰচিত নোমল শীৰ্ষক নাটকখনো পৰিৱেশন কৰা কয় । ছাত্ৰী নিবেদিতা বৰুৱা আৰু স্বাগতা কলিতাই বক্তৃতা আগবঢ়োৱা অনুষ্ঠানত কৰুণা কছাৰীয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ বেজবৰুৱা দিৱসৰ কাৰ্যসূচী অসম সংগীত পৰিৱেশনেৰে সামৰণি পৰে।
প্ৰেৰক কনক হাজৰিকা